Logo
image

বান্ধৰ বাবেই দুভাগ হৈ গ’ল অভিমানী সোৱণশিৰি

‘আমাৰ অসম’ৰ গোগামুখৰ প্ৰতিবেদক, ২৯ জুনঃ সোৱণশিৰি নৈৰ চালমান গতিক বাধা দিয়াৰ ভয়াৱহ ফল নদীখনৰ দাঁতি-কাষৰীয়া জনসাধাৰণ৷ এন এইচ পি চিয়ে গেৰুকামুখত নদীবান্ধ নিৰ্মাণৰ নামত সোৱণশিৰিৰ মূল সুঁতিত ভেটা দি নৈখনৰ পানীভাগ আনফালে বোৱাই নিয়াৰ পৰিণাম ক্ৰমশঃ ভয়ংকৰ হোৱাৰ দিশে গতি কৰিছে৷ তাৎপৰ্যপূৰ্ণ যে নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্প নিৰ্মাণে গেৰুকামুখ  পাহাৰৰ ভূ-প্ৰাকৃতিক চৰিত্ৰ ইতিমধ্যে সলনি কৰি পেলোৱাৰ পাছত সোৱণশিৰি নদীৰ গতিপথপৰ্যন্ত সম্প্ৰতি সলনি হোৱাৰ পথত আগবাঢ়িছে৷ বান্ধৰ বাবেই কাৰ্যতঃ দুভাগ হৈ গ’ল অভিমানী সোৱণশিৰি৷ ১৯৫০চনৰ ভূমিকম্পত হিমালয়ৰ পাদদেশৰ গেৰুকামুখ পাহাৰৰ ভূ-প্ৰাকৃতিক চৰিত্ৰ সম্পূৰ্ণ সলনি হোৱাৰ বিপৰীতে সোৱণশিৰিৰ নদীৰ গতিপথো সম্পূৰ্ণৰূপে সলনি হৈছিল৷ সেয়া আছিল প্ৰাকৃতিক পৰিঘটনা৷ কিন্তু নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা অ-প্ৰাকৃতিকভাৱে গেৰুকামুখ পাহাৰৰ ভূ-প্ৰাকৃতিক চৰিত্ৰ সলনি হৈয়ে আছে৷ এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্প নিৰ্মাণৰ শ শ সৰু-বৰ সুৰংগ নিৰ্মাণকৰাত সমগ্ৰ পাহাৰখন চালনিসদৃশ হৈ পৰিছে৷ পাহাৰখনৰ ওপৰত হাজাৰ হাজাৰ অ-বহনক্ষম সামগ্ৰী প্ৰয়োগৰ লগে লগে প্ৰকৃতিয়ে  যে কেতিয়াও ভাৰসাম্য ৰক্ষা কৰি চলিব নোৱাৰে, এয়া বৈজ্ঞানিকভাৱেও ধ্ৰুৱ সত্য৷ গেৰুকামুখ পাহাৰখনে ভূ-প্ৰাকৃতিক চৰিত্ৰ সলনি কৰাৰ লগে লগে সম্প্ৰতি সোৱণশিৰি নদীয়ে নিজৰ চৰিত্ৰ আৰু গতি সম্পূৰ্ণৰূপে সলনি কৰিবলৈ লৈছে৷ এন এইচ পি চিয়ে বান্ধ নিৰ্মাণৰ বাবে সোৱণশিৰি নদীৰ মূলসুঁতিক ভেটা দি নদীখনৰ বাওঁপাৰে থকা গেৰুকামুখ পাহাৰত পাঁচটা বিৰাটকায় সুৰংগ নিৰ্মাণ কৰি নদীখনৰ পানীভাগ বোৱাই নিছে৷ ইয়াৰে এটা সুৰংগ বিগত বৰ্ষত সোৱণশিৰি নদীৰ অহৰহ হেঁচা আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে পোতখাই গৈছিল আৰু পানী বৈ যোৱাও বন্ধ হৈ পৰিছিল৷ নদীখনে বিগত বৰ্ষত প্ৰায় ৫০ মিটাৰপৰ্যন্ত পাহাৰৰ অংশলৈ সেমাই গৈছিল৷ চলিত বৰ্ষৰ মে’ মাহত সোৱণশিৰি নদীৰ প্ৰবল হেঁচা আৰু ভূমিস্খলনত পুনৰ আন এটা বিয়াগোম সুৰংগ পোত খাই গৈছিল আৰু উক্ত সুৰংগটো বন্ধ হৈ পৰিছিল৷ চলিত বৰ্ষৰ বৰ্ষাকাল আৰম্ভ হোৱাৰে পৰা সোৱণশিৰি নদীয়ে পাহাৰৰ মাটি খহাই খহাই বহু ভিতৰলৈ সোমাই গৈ আছে৷  উল্লেখনীয় যে,  সোৱণশিৰি নদীয়ে যিটো অংশ খহাই আছে উক্ত অংশৰ কাষতে দেওনলা পাহাৰখন লাগি আছে আৰু দেওনলা পাহাৰখনৰ গাতে লাগি আছে এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী নিৰ্মাতা সংস্থা ছ’মা এণ্টাৰপ্ৰাইজৰ অস্থায়ী কলনি৷ ছ’মা এণ্টাৰপ্ৰাইজৰ কাৰ্যালয়ৰ কাষেৰে বৈ গৈছে দেওনলা পাহাৰৰ এটা সুঁতি যিটো সুঁতি হাতী দণ্ডি বুলিও খ্যাত আছিল৷ দেওনলা পাহাৰৰ আন দুটা সুঁতি দেওনলা পাহাৰৰ প্ৰথমটো সুঁতিৰ পৰা এক-ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে৷ এটা সুঁতিৰ নাম হৈছে চাউলধোৱা নলা আৰু আনটো হৈছে দিৰপাই নলা৷ এই তিনিটা সুঁতিয়ে এক-দুই কিলোমিটাৰ নামনিলৈ বৈ গৈ পুনৰ সোৱণশিৰি নদীত বিলীন হৈছে৷ স্থানীয় বয়োজেষ্ঠ ব্যক্তিসকলে জনোৱা মতে, দেওনলা পাহাৰৰ লগত সোৱণশিৰি নদীখন ১৯৫০ চনৰ পূৰ্বে সংপৃক্ত আছিল৷ এই দেওনলা পাহাৰৰ ফালে বৰ্তমানে ধাৱমান হৈছে সোৱণশিৰি নদী৷ নদীখনৰ মূল সুঁতি বান্ধ নিৰ্মাণৰ নামত এন এইচ পি চিয়ে বন্ধ কৰি দিয়াৰ পাছত অশান্ত সোৱণশিৰি নদীয়ে দেওনলা পাহাৰৰ অতীতৰ উপ-সুঁতিলৈ ধাৱমানৰ পৰিঘটনাই স্থানীয় নৈপৰীয়া ৰাইজক শংকিত কৰি তুলিছে৷ কিয়নো দেওনলা পাহাৰৰ যি তিনিটা সুঁতি আছে আটাইবোৰ সুঁতিয়ে সক্ৰিয় হৈ আছে আৰু তিনিটা সুঁতিয়েই অতিকৈ খৰস্ৰোতা৷ যদিহে সোৱণশিৰি নদীয়ে দেওনলা পাহাৰৰ তিনিটা সুঁতিত সংলগ্ন হয় তেন্তে স্থানীয় জনসাধাৰণৰ বাৱে ই অতি ভয়ংকৰ হৈ পৰিব আৰু নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পলৈও গভীৰ সংকট আনিব৷