Logo
image

আইনষ্টাইনে কৈ যোৱা মতেই মহাকাশে গুণগুণায়

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুলাই ঃ মহাকাশৰ অসীম শূন্যতাৰ মাজেৰে সৰকি আহে গুণগুণনি৷ বিশ্বব্ৰহ্মাণ্ডৰ বিশাল গ্ৰহ-নক্ষত্ৰই বাগৰ সলোৱাৰ ফলত সৃষ্টি হোৱা এই গুণগুণনি পৃথিৱীৰ পৰাও শুনিবলৈ পোৱা যায়৷ সেই গুণগুণনি তেনে, যেনে এটা বিৰাট সমাৱেশৰ মাজত কোনো লোকে অকলে কৰা গুণগুণনিৰ দৰে৷ সেই গুণগুণনিৰ শব্দ জান-নেজানকৈ  শুনিব পাৰি৷ অৱশ্যে ততোধিক সেই গুণগুণনি উপলব্ধিহে কৰিব পাৰি, যিদৰে জাকৰুৱাৰ মাজত এজনে কৰা গুণগুণনি সামান্যভাৱে উপলব্ধি কৰাটো সম্ভৱ হয়৷ ১৯১৬ চনত এলবাৰ্ট আইনষ্টাইনে এই কথা কৈ গৈছিল৷ তেওঁৰ ঐতিহাসিক আপেক্ষিকতাবাদ তত্ত্বৰ উদ্ভাৱনৰ পাছত একেটা তত্ত্বৰ সূত্ৰ ধৰিয়েই আইনষ্টাইনে ১০০ বছৰৰো আগতে এই উদ্ভাৱন কৰি গৈছিল৷ পিছে শতবৰ্ষ পূৰ্বে বা অৰ্বাচীন সময়তো আইনষ্টাইনৰ সেই দাবী প্ৰমাণ কৰা হোৱা নাছিল আৰু হয়তো সেয়ে তেওঁৰ উদ্ভাৱন প্ৰতিষ্ঠিত হোৱা নাছিল৷ কিন্তু অতিসম্প্ৰতি এদল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীয়ে দাবী কৰিছে, শতবৰ্ষ পূৰ্বে এলবাৰ্ট আইনষ্টাইনে যি দাবী কৰি গৈছিল সেয়া সত্য৷ বিশ্বব্ৰহ্মাণ্ডই গুণগুণায়৷ সেই গুণগুণনি অসীম মহাকাশৰ মাজেৰে পৃথিৱীলৈও আহে, কোৰ্ঢ়ালৰ মাজৰ সামান্য শব্দ অথবা গুণগুণনিৰ দৰে৷ বিশ্বব্ৰহ্মাণ্ডৰ অলেখ গ্ৰহ-নক্ষত্ৰই নিজৰ কক্ষপথত গতি কৰাৰ সময়ত আৰু নিজে আৱৰ্তিত হোৱাৰ সময়ত একোটা মধ্যাকৰ্ষণীয় তৰংগৰ সৃষ্টি হয়৷ এই মধ্যাকৰ্ষণীয় তৰংগ বা লহৰৰ ফলতে একোটা গুণগুণনিৰ, যাক ইংৰাজীত  HUM বুলি কোৱা হয়, ঠিক তেনেধৰণৰ শব্দৰ সৃষ্টি হয়৷ সেই শব্দ পৃথিৱীৰ পৰা উপলব্ধি কৰিব পাৰি৷ 

এদল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীয়ে দীৰ্ঘদিনৰ গৱেষণাৰ অন্তত এলবাৰ্ট আইনষ্টাইনে তেওঁৰ ঐতিহাসিক আপেক্ষিকতাবাদ তত্ত্বৰ সূত্ৰ ধৰি কৰি যোৱা এই দাবী প্ৰমাণ কৰি উলিয়াইছে৷ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্ণাল ‘দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্ণাল লেটাৰ্ছ’ত সেই ‘এষ্ট্ৰ’ফিজিছিষ্ট’ৰ গৱেষণালব্ধ তথ্য প্ৰকাশ পাইছে৷ জাৰ্ণালখনত প্ৰকাশ পোৱা অনুসৰি তেওঁলোকে মহাকাশৰ মাজেৰে সৰকি অহা বিশ্বব্ৰহ্মাণ্ডৰ গুণগুণনি তেনেই সামান্যভাৱে [ল’ ফ্ৰিকুৱেন্সি] শুনিবলৈ পাইছে৷ বিজ্ঞানীৰ দলটোৰ দাবী, মহাকাশত বিশাল কোনো বস্তুৱে বাগৰ সলোৱা বা কাৰোবাৰ সৈতে হোৱা খুন্দিয়া খুন্দিৰ ফলত এনে গুণগুণনিৰ সৃষ্টি হয়৷ মহাকাশৰ বিশাল বস্তু [অৱজেক্ট] বুলি ক’বলৈ হ’লে আছে ঘাইকৈ গ্ৰহ-নক্ষত্ৰ৷ সেই প্ৰত্যেকটো গ্ৰহ-নক্ষত্ৰৰ নিজস্ব গতি আছে৷ প্ৰত্যেকেই একোটা কক্ষপথত মহাকাশত পৰিভ্ৰমণ কৰি ফুৰে৷ তাৰেই বহুতৰে আছে নিজস্ব পাকখোৱা গতি, যিদৰে পৃথিৱীয়ে নিজেই দিনটোত এপাক ঘূৰি একেলগে নিজৰ কক্ষপথতো আগবাঢ়ে৷ বিজ্ঞানীৰ দলটোৱে ইয়াক গ্ৰহ-নক্ষত্ৰই বাগৰ সলোৱা বুলি সাধাৰণভাৱে বিশে¡ষণ আগবঢ়াইছে৷ তদুপৰি মহাকাশত গ্ৰহ-নক্ষত্ৰৰ পৰস্পৰৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ এই কাৰ্যক বিজ্ঞানীসকলে মধ্যাকৰ্ষণীয় তৰংগ বুলিও ব্যাখ্যা আগবঢ়াইছে৷ এই দুয়োটা কাৰ্যৰ ফলত স্বাভাৱিকতে শব্দৰো উৎপত্তি হয়৷ সেই শব্দ স্বাভাৱিকতে অসীম মহাকাশৰ মাজেৰে আমাৰ গ্ৰহলৈও নিগৰি আহে৷ বহু মিলিয়ন দূৰত সৃষ্টি হোৱাৰ বাবেই পৃথিৱীলৈ আহি পোৱ সেই শব্দ গুণগুণনিৰ দৰে হৈ পৰে৷ সেয়ে ‘এষ্ট্ৰ’ফিজিছিষ্টে’ তেনে শব্দক মধ্যাকৰ্ষণীয় লহৰ বা গুণগুণনিৰ দৰে শুনিবলৈ পাইছে৷ এলবাৰ্ট আইনষ্টাইনে ১৯১৬ চনত তেওঁৰ ইতিপূৰ্বে প্ৰতিষ্ঠিত আপেক্ষিকতাবাদ তত্ত্বৰ শৃংখল অব্যাহত ৰাখি এই কথা কৈছিল৷ আইনষ্টাইনে কৈছিল, বিশ্বব্ৰহ্মাণ্ডত মধ্যাকৰ্ষণীয় তৰংগ বা লহৰ আছে৷ সেই তৰংগ বা লহৰে একোটা শব্দৰ সৃষ্টি কৰে৷ সেই শব্দ আহি পৃথিৱীত উপনীত হয়৷ ১৯১৬ চনত আইনষ্টাইনে কৰা এই উদ্ভাৱন ১৯৭০ চনলৈকে কোনেও সত্য বুলি প্ৰমাণ কৰিব পৰা নাছিল৷ কিন্তু ১৯৭০ চনত প্ৰাৰম্ভিকভাৱে আইনষ্টাইনৰ ধাৰণাৰ সত্যতা কিছুপৰিমাণে বিজ্ঞানীয়ে বিচাৰি উলিয়াইছিল৷ এতিয়া নতুন এদল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীয়ে আইনষ্টাইনে কৈ যোৱা মতেই মহাকাশে গুণগুণায় বা মহাকাশৰ মাজেৰে বিশ্বব্ৰহ্মাণ্ডৰ গুণগুণনি পৃথিৱীলৈ সৰকি অহা বুলি প্ৰমাণসহকাৰে দাবী কৰিছে৷ এই মহাকাশ বিজ্ঞানীৰ দলটোত আছে মূলতঃ আমেৰিকা আৰু কানাডাৰ ১৯০ জনৰো অধিক বিজ্ঞানী৷ তেওঁলোকে বিগত ১৫ বছৰ ধৰি এই বিষয়টোৰ ওপৰত গৱেষণা চলাই আছিল৷ আমেৰিকাৰ ‘নৰ্থ আমেৰিকান নেন’হাৰ্টজ অৱজাৰ্ভেটৰী ফৰ গ্ৰেভিটেশ্বনেল ৱেভছ’ অৰ্থাৎ চমুকৈ ‘নেন’গ্ৰেভ’ নামৰ প্ৰতিষ্ঠানটোত এই বিজ্ঞানীসকলে গৱেষণা চলাই তেওঁলোকৰ গৱেষণালব্ধ তথ্য ১৫ বছৰ ধৰি সঞ্চয় কৰিছিল৷ এই দীঘলীয়া গৱেষণাৰ অন্তত প্ৰায় ২০০ জনীয়া বিজ্ঞানীৰ দলটোৱে বৃহস্পতিবাৰে প্ৰকাশ হোৱা তেওঁলোকৰ গৱেষণালব্ধ তথ্যত দাবী কৰিলে– আইনষ্টাইনে কৈ যোৱা মতেই মহাকাশে গুণগুণায়৷