Logo
image

উত্তৰে-দক্ষিণে মহাভোটযুদ্ধৰ আখৰা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ জুলাইঃ উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ– প্ৰাচীন এই সতৰ্কবাণীৰ আক্ষৰিক অৰ্থ হৈছে, উত্তৰ দিশত মৰা গাজনিৰ ফল বিপৰীতহে হয়, অৰ্থাৎ বৰষুণৰ সম্ভাৱনাৰ বিপৰীতে সৃষ্টি হয় খৰ৷ আনহাতে দক্ষিণৰ গাজনি-ঢেৰেকনি ফলপ্ৰসূ, অৰ্থাৎ তাৰ পাছতেই বৰষুণ হয়৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন আৰু তাৰো পূৰ্বে দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যথাক্ৰমে দেশৰ উত্তৰ আৰু দক্ষিণ দুয়োদিশেই ৰাজনৈতিক গাজনি-ঢেৰেকনিৰ সৃষ্টি হৈছে, য’ত উত্তৰে এনডিএৰ গুৰি ধৰিছে শাসনাধিষ্ঠিত বিজেপিয়ে আৰু দক্ষিণ দিশত একত্ৰিত হৈছে বিৰোধী ৰাজনৈতিক দল৷ দক্ষিণত, অৰ্থাৎ কৰ্ণাটকৰ বেংগালুৰুত আজি সোমবাৰৰ পৰা আৰম্ভ হৈছে দেশৰ বিৰোধী ২৬টা ৰাজনৈতিক দলৰ একত্ৰিত ভোটযুদ্ধৰ আখৰা৷ আনহাতে উত্তৰত, অৰ্থাৎ দেশৰ ৰাজধানী নতুন দিল্লীত কাইলৈ মঙলবাৰে ৪ বছৰৰ পাছত অনুষ্ঠিত হ’ব এনডিএৰ বৈঠক, য’ত বিজেপিৰ নেতৃত্বত মহাভোটযুদ্ধৰ আখৰা আৰম্ভ কৰিব সৰু-বৰ ৩৮টা ৰাজনৈতিক দলে৷ কৰ্ণাটকৰ শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ দৰে দক্ষিণৰ পৰাই বিজেপিৰ খহনীয়া আৰম্ভ হ’ব বুলি বৈঠকৰ প্ৰথম দিনাই ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই ভৱিষ্যদ্বাণী কৰি দক্ষিণৰ গাজনিহে সদায় ফলপ্ৰসূ হয় বুলি দাবী কৰিছে৷ সোমবাৰৰ বৈঠকৰ প্ৰথম দিনটোতে শক্তিশালী বিৰোধী জোঁটে প্ৰকাশ কৰিছে, তেওঁলোকে আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিজন সাংসদ প্ৰাৰ্থীৰ বিৰুদ্ধে এজনকৈ বিৰোধীৰ প্ৰাৰ্থী থিয় কৰাব আৰু বাকী বিৰোধী দলে তেওঁক সমৰ্থন জনাব৷ তাৰ ৰূপৰেখা এই দুদিনীয়া বৈঠকত আলোচনা কৰি নিৰ্ধাৰণ কৰা হ’ব৷ যিদৰে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দিনাৰ পৰা দক্ষিণ ভাৰত বিজেপি-মুক্ত হ’ল, সেইদৰে সমগ্ৰ দেশতে দক্ষিণৰ পৰাই বিজেপিৰ গৰাখহনীয়া আৰম্ভ হ’ব৷

যোৱা ২৩ জুনত বিহাৰৰ পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আতিথ্যত বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল৷ বহু অমিল স্বত্বেও এটা বিষয়ত সকলো ঐক্যমতত উপনীত হৈছিল যে, তেওঁলোকে বিজেপিৰ বিৰুদ্ধে আগন্তুক সাধাৰণ নিৰ্বাচনত একত্ৰিত হৈ যুঁজ কৰিব আৰু তাৰ বাবে তেওঁলোক পুনৰবাৰ বৈঠকত মিলিত হ’ব৷ কোৱা বাহুল্য মাথোঁ, পাটনাৰ বৈঠকত বিৰোধীৰ কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাছিল, যি হৈছিল, সেয়া আছিল একত্ৰীকৰণৰ প্ৰাথমিক আনুষ্ঠানিকতাহে৷ বৈঠকৰ মাজতে কংগ্ৰেছ আৰু আপৰ মুকলি মতানৈক্যৰ সৃষ্টি হৈছিল দিল্লী চৰকাৰৰ বিৰুদ্ধে মোদী চৰকাৰে জাৰি কৰা আমোলাৰ ক্ষমতাকেন্দ্ৰিক অধ্যাদেশক লৈ৷ সেই বৈঠকত কংগ্ৰেছে উক্ত অধ্যাদেশৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল৷ সেয়ে বৈঠক মাজতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাটো ভয়ংকৰ কথা বুলি মন্তব্য কৰিছিল৷ কিন্তু অলপতে কংগ্ৰেছ দলে এইবাৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত মোদী চৰকাৰে জাৰি কৰা সেই অধ্যাদেশৰ বিৰোধিতা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু তাৰ ফলত মুকলি মনেৰে বেংগালুৰুলৈ ৰাওনা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷

সোমবাৰে কৰ্ণাটকৰ বেংগালুৰুত আয়োজিত বিৰোধী ৰাজনৈতিক দলৰ বৈঠকৰ সূচনা হয় নৈশভোজেৰে৷ এই নৈশভোজৰ সময়তে বিৰোধী ৰাজনৈতিক দলৰ শীৰ্ষনেতাসকল আলোচনাত মিলিত হয়৷ বৈঠকৰ পূৰ্বে দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী একাংশই বিৰোধীৰ বৈঠকত শীৰ্ষনেতা উপস্থিত নাথাকে বুলি প্ৰচাৰ কৰিছিল৷ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দেশৰ একাংশ আগশাৰীৰ সংবাদগোষ্ঠীৰ সেই বাতৰি চূড়ান্ত অপপ্ৰচাৰ আৰু বিজেপিৰ দ্বাৰা প্ৰভাৱিত বুলি মুকলি অভিযোগ কৰে৷ এখন সংবাদমেল সম্বোধন কৰি জয়ৰাম ৰমেশে কয় যে, পাটনাত অনুষ্ঠিত বিৰোধী দলৰ বৈঠকত সমাৱেশ ঘটিছিল ২৪টা ৰাজনৈতিক দলৰ৷ এইবাৰ সেই সংখ্যা ২৬টালৈ বৃদ্ধি পাইছে আৰু সকলো দলৰ মুৰব্বী বৈঠকত উপস্থিত হৈছে৷ সোমবাৰে দুপৰীয়াৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ নেতাসকল বেংগালুৰুত গৈ এজন এজনকৈ উপস্থিত হয়৷ তেওঁলোকৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, ৰাজ্যসভাৰ সদস্য গৌৰৱ চাদ্দা, সঞ্জয় সিং, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, সাংসদ টি আৰ বালু, মহাৰাষ্ট˜ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আদি৷ আনহাতে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ এই বৈঠকত অনুপস্থিত থাকিব বুলি জোৰদাৰ প্ৰচাৰ চলিলেও সেই বাতৰি ভুৱা বুলি জনাইছে এন চি পিয়ে৷ তেওঁলোকে জনোৱা অনুসৰি মঙলবাৰে শাৰদ  পাৱাৰ তেওঁৰ কন্যা তথা দলৰ উপ-সভাপতি সুপ্ৰিয়া ছুলেৰ সৈতে উপস্থিত থাকিব৷ তাৎপৰ্যপূৰ্ণভাৱে বেংগালুৰুৰ বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী৷ তেওঁ পাটনাৰ বৈঠকত উপস্থিত থকা নাছিল৷ বিৰোধী একাংশ নেতাৰ মতে, ছোনিয়া গান্ধীৰ উপস্থিতিয়ে বাংগালুৰুৰ বিৰোধী ৰাজনৈতিক দলৰ সভাৰ গুৰুত্ব বৃদ্ধি কৰিছে৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে,  প্ৰাক্তন সভাপতি ৰাহুল গান্ধীকে ধৰি  দলটোৰ বহুকেইজন আগশাৰীৰ নেতা বেংগালুৰুত উপস্থিত আছে৷ যিহেতু কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ আতিথ্যত এই বৈঠক অনুষ্ঠিত হৈছে সেয়ে স্বাভাৱিকতে কংগ্ৰেছৰ সৰহসংখ্যক নেতাৰ সমাৱেশ ঘটিছে৷ 

বিগত কেইবাখনো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত দেশ শাসন কৰিছিল হয় এন ডি এ, নহয় ইউ পি এই৷ অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰা এন ডি এ আৰম্ভ হৈছিল আৰু সেই এন ডি এক ৰোধ কৰাৰ বাবে জন্ম হৈছিল কংগ্ৰেছৰ নেতৃত্বত ইউ পি এৰ৷ দুটা সফল কাৰ্যকালৰ পাছত ক্ষমতাচ্যুত হোৱা ইউ পি এ এতিয়া ভগ্নপ্ৰায়৷ আনহাতে ক্ষমতাত থাকিও  ভগ্নপ্ৰায় অৱস্থা এন ডি এৰ৷ ঘাইকৈ বিজেপি ২০১৪ চনত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পাছত  বিজেপিৰ বিৰুদ্ধে ইটোৰ পাছত সিটো নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ দেশৰ ৰাজনীতিত একপ্ৰকাৰ শলঠেকত পৰিছিল৷ ক্ষমতাত নাথাকিলে কোনেও জোঁটৰ নেতৃস্থানীয় দলক গুৰুত্ব নিদিয়ে৷ এতিয়া কংগ্ৰেছৰ অৱস্থাও প্ৰায় তেনেধৰণৰ৷ বিৰোধী ৰাজনৈতিক দল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’লেও তাৰ প্ৰত্যেকটো দলেই ইউ পি এক মানি নল’ব পাৰে৷ অৰ্থাৎ ইউ পি এৰ তলত বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ এনে পৰিস্থিতিত বেংগালুৰুৰ বিৰোধী দলৰ বৈঠকত এই বিৰোধী জোঁটৰ এটা নতুন নাম হ’ব পাৰে আৰু বিলুপ্ত হ’ব পাৰে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ৷ সেই সিদ্ধান্ত অৱশ্যে এতিয়াও হোৱা নাই আৰু তেনে সিদ্ধান্ত হ’লেও কংগ্ৰেছৰ কোনো আপত্তি নাই৷