Logo
image

বৰ্ধিত পথ দুৰ্ঘটনা আৰু যান-বাহন নিয়ন্ত্ৰণ আইন

বিগত কিছু সময়ৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ তথ্য অনুসৰি যোৱা বছৰৰ তুলনাত চলিত বছৰৰ এতিয়ালৈকে অসমত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে৷ এটা কথা অনস্বীকাৰ্য যে পথত সংঘটিত দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে যান-বাহন আইন কঠোৰ হোৱাটো অতি জৰুৰী৷ পথ দুৰ্ঘটনা বৃদ্ধিৰ মূল কাৰণ হৈছে  কঠোৰ যান-বাহন আইনৰ অভাৱ৷ যান-বাহন আইনৰ সুৰুঙা উলিয়াই এই আইন ভংগ কৰাটো এক নিয়মিত ঘটনাত পৰিণত হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত যান-বাহন আইন যথেষ্ট কঠোৰ কৰা হৈছে যদিও অসমত যেন তাৰ সুফল দেখিবলৈ পোৱা নাই৷ চৰকাৰী তথ্য অনুসৰি, যোৱা বছৰৰ জুন মাহত অসমত পথ দুৰ্ঘটনাত ২৩৫জন লোকৰ মৃত্যু হৈছিল৷  তাৰ তুলনাত চলিত বৰ্ষৰ জুনত সেই সংখ্যা ২৫৫জনলৈ বৃদ্ধি পাইছে৷ আন এটা তথ্য অনুসৰি, যোৱা বছৰৰ মে’ৰ পৰা চলিত বৰ্ষৰ মে’লৈ অসমত পথ দুৰ্ঘটনাৰ সংখ্যা দহ শতাংশলৈ বৃদ্ধি পাইছে৷ পথ দুৰ্ঘটনা বৃদ্ধিৰ মূল কাৰণ হৈছে কঠোৰ যান-বাহন আইনৰ অভাৱ৷ যান-বাহন আইনৰ সুৰুঙা উলিয়াই এই আইন ভংগ কৰাটো এক নিয়মিত ঘটনাত পৰিণত হৈছে৷ পথ দুৰ্ঘটনাৰ যিমানবোৰ বাতৰি শুনিবলৈ পোৱা যায়, অধিকাংশই সংঘটিত হয় মূলতঃ চালকৰ ভুলৰ বাবে৷ যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত পৰিবহণ বিভাগে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰণ নকৰাৰ অভিযোগ প্ৰায়েই শুনা যায়৷ অনভিজ্ঞ আৰু যান-বাহন আইনৰ বিষয়ে জ্ঞান নথকা লোকে বাহন [বিশেষকৈ ৰাজহুৱা বাহন] চলোৱাৰ অনুমতি পোৱাটো অতি বিপজ্জনক৷ ভাৰতত প্ৰতিবছৰে পথ দুৰ্ঘটনাত মৃত্যু হয় বহুসংখ্যক লোকৰ৷ এটা সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰটোত প্ৰায় ৫০ শতাংশ পথ দুৰ্ঘটনা সংঘটিত হৈছিল  অত্যধিক গতিত যান-বাহন চলোৱাৰ বাবে৷ আনহাতে, প্ৰায় পাঁচ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছিল চালকে সুৰাপান কৰি বাহন চলোৱাৰ বাবে৷ সমীক্ষাটোত লগতে কোৱা হৈছে যে শেহতীয়াভােৱ ভাৰতত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বহুসংখ্যক লোকৰ বয়স ১৫ৰ পৰা ৩৫ বছৰ৷

অসমত ৰাজ্য চৰকাৰে শেহতীয়াকৈ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বিভিন্ন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী বিষয়ালৈ নিৰ্দেশনা জাৰি কৰিছে৷ কিন্তু তাৰ পাছতো প্ৰতিদিনেই পথ দুৰ্ঘটনাৰ বাতৰি আহিয়েই আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতেই পথ দুৰ্ঘটনাৰ সংখ্যা সবাতোকৈ বেছি৷ ইয়াৰ মূল কাৰণটো হৈছে বাহন চালকসকলৰ যান-বাহন আইন  সন্দৰ্ভত অজ্ঞতা অথবা যান-বাহন আইন উলংঘা কৰা৷ প্ৰশ্ন উত্থাপন হ’ব পাৰে যে পথ দুৰ্ঘটনাৰ বাবে বাহন চালক আৰু বাহনৰ গৰাকীয়েই জগৰীয়া নেকি? দেশত এনে বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে বাট-পথৰ দুৰৱস্থা, দুৰ্বল দলং আৰু যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা লোকৰ অবিবেচক কাণ্ডৰ বাবে৷ যেতিয়ালৈকে যান-বাহন আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা নলয়, তেতিয়ালৈকে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ নহ’ব৷ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ এই লোকসকল অধিক সতৰ্ক হ’ব৷ কিন্তু অসমত আইন উলংঘাকাৰীয়ে সামান্য উৎকোচৰ বিনিময়ত শাস্তিৰ পৰা ৰেহাই পোৱাটো এটা সাধাৰণ কথা৷ এইক্ষেত্ৰত পৰিবহণ বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা অধিক কঠোৰ হ’ব লাগিব৷ সুৰাপান কৰি যান-বাহন চলোৱাটোও পথ দুৰ্ঘটনাৰ এটা অন্যতম কাৰণ৷ সুৰাপায়ী চালকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁলোকৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল কৰা উচিত৷ দেশৰ কেইবাখনো ৰাজ্যত এনে ব্যৱস্থা আছে৷ দ্বিতীয়বাৰ এনে অপৰাধ কৰাসকলৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হ’লে নিশ্চয় সুফল পোৱা যাব৷ সৰ্বসাধাৰণৰ মাজত  পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ’লে যান-বাহন আইন কঠোৰভাৱে পালন কৰিবই লাগিব৷