Logo
image

মহাসপ্তমীত মহাকাশলৈ গগনযান

নতুন দিল্লী, ২০ অক্টোবৰঃ ভাৰতীয় মহাকাশ সংস্থা অৰ্থাৎ ইছৰো আন এক ঐতিহাসৰ মুখামুখি হ’বলৈ আগবাঢ়িছে৷ উল্লেখ্য যে ইছৰোই মহাকাশলৈ মানৱ প্ৰেৰণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ সেই অনুসৰি অহা ২১ অক্টোবৰৰ পুৱা ইছৰোই ‘গগনযান’ৰ পৰীক্ষামূলক উৎক্ষেপণ কৰিব৷ সেইদিনা পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত মহাকাশলৈ পৰীক্ষামূলকভাৱে যাত্ৰা কৰিব গগনযানে৷ ইতিমধ্যে গগনযানৰ ক্ৰু’ মডেল সাজু কৰি তোলা হৈছে৷ অচিৰেই যানখন লঞ্চপেডলৈ নিয়া হ’ব৷ ইছৰোই গগনযান মিছনৰ পৰীক্ষামূলক এই অভিযানটোক টেষ্ট ভেহিকেল ডেমনেষ্ট্ৰেচন-১ অৰ্থাৎ টিভিডি-১ ৰূপে নামকৰণ কৰিছে৷ দুৰ্গোৎসৱৰ মহা সপ্তমীৰ পুৱা শ্ৰীহৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই পৰীক্ষামূলক উৎক্ষেপণ কৰা হ’ব৷ স্মৰ্তব্য যে ইছৰোৰ গগনযান মিছন সন্দৰ্ভত কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন উচ্ছ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকৰ পাছতে গগনযানৰ পৰীক্ষামূলক উৎক্ষেপণৰ বাবে ২১ অক্টোবৰৰ দিনটো ইছৰোই নিৰ্ধাৰণ কৰে৷ জানিব পৰা মতে গগনযানৰ ক্ৰু’ মডেলটো বংগোপ সাগৰৰ ওপৰত অৱতৰণ কৰোৱা হ’ব৷ অৱতৰণৰ পাছতে নৌবাহিনীয়ে উদ্ধাৰ অভিযান চলাব৷ সকলো ঠিকে-ঠাকে চলিলে অৰ্থাৎ গগনযানৰ এই পৰীক্ষামূলক উৎক্ষেপণ যদি সফল হয়, তেন্তে ইছৰোৰ বাবে গগনযান মিছনৰ আন এক নতুন অধ্যায়ৰ সূচনা হ’ব৷ অকল সেয়াই নহয়, গগনযানৰ পৰীক্ষামূলক উৎক্ষেপণ সফল হ’লে অহা দিনসমূহত ইছৰোই এই অভিযান সন্দৰ্ভত নতুনকৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পথ বিচাৰি পাব৷ ২১ অক্টোবৰৰ পৰীক্ষামূলক উৎক্ষেপণৰ পাছত ইছৰোই আন এক অভিযান চলাব৷ উক্ত অভিযানত গগনযানত ৰবট প্ৰেৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইছৰোই৷ স্মৰ্তব্য যে ইছৰোই বিগত কেইবাবছৰ ধৰি গগনযানক লৈ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ অহা বছৰ অৰ্থাৎ ২০২৪ চনত গগনযানৰ চূড়ান্ত অভিযান আৰম্ভ হ’ব৷ উক্ত অভিযানত ভূ-পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ উচ্ছতালৈ প্ৰেৰণ কৰা হ’ব মহাকাশচাৰী৷