Logo
image

পিকনিকত মানিব লাগিব এছঅ'পিঃ নিয়ম উলংঘা কৰিলে পৰিব বিপদত

ডিজিটেল সংবাদ, মৰিগাঁওঃ পিকনিক খাবলৈ বা বিনোদনৰ উদ্দেশ্যে যোৱা একাংশ লোকে সুৰামত্ত হৈ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য, চনকা, আমচৈ, চাৰণ বিল, শিৱ কুণ্ড, সীতাজখলা ইত্যাদি পিকনিকস্থলীত ৰাজহুৱা শান্তি ভংগ কৰা, জৈৱিকভাৱে পচনযোগ্য নোহোৱা প্লাষ্টিকৰ ব্যৱহাৰ আৰু গোটা আৱৰ্জনা জলাশয়সমূহত পেলাই জলজ উদ্ভিদ আৰু প্ৰাণীকুলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশই৷ যাৰ বাবে আইন-শৃংখলা আৰু ৰাজহুৱা শান্তি অটুট ৰখা তথা বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণ সুনিশ্চিত কৰাৰ স্বাৰ্থত কেতবোৰ জৰুৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁৱৰ জিলা দণ্ডাধীশ দেবাশিষ শৰ্মাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। 

সেই অনুসৰি মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য, চনকা, আমচৈ, চাৰণ বিল, শিৱ কুণ্ড, সীতাজখলা ইত্যাদি পিকনিকস্থলীসমূহত সন্ধিয়া ৫ বজাৰ পিছত পিকনিক অথবা ভোজৰ বাবে সমবেত হ'ব নোৱাৰিব। লগতে পিকনিকস্থলী আৰু ইয়াৰ আশে-পাশে জৈৱিকভাৱে পচনযোগ্য নোহোৱা প্লাষ্টিক পেলোৱা আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। তদুপৰি পিকনিকস্থলীত উচ্চস্বৰত লাউড স্পীকাৰ, ডিজে, ছাউণ্ড চিষ্টেম, মাইক আদি ব্যৱহাৰ কৰিব নোৱাৰিব। পিকনিকস্থলী আৰু ইয়াৰ আশে-পাশে সুৰা সেৱন, ক্ৰয় আৰু বিক্ৰী নিষিদ্ধ কৰা হৈছে। পিকনিকস্থলী আৰু ইয়াৰ আশে-পাশে জাৱৰ পেলোৱা আৰু মুকলিত শৌচ কৰাৰ ক্ষেতৰটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰিছে।