Logo
image

পত্নী-সন্তানক এৰি আলফা শিবিৰলৈ মৰাণৰ যুৱক

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৩১ অক্টোবৰঃ নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ মজিয়াত বিগত কেইদিনমানত সংঘটিত কেতবোৰ বিক্ষিপ্ত ঘটনাই সংগঠনটোৰ ভিতৰচ’ৰাত তীব্ৰ বাদানুবাদ আৰু সংগঠনটোৰ কাম-কাজক লৈ ৰাজ্যজুৰি তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ডিব্ৰুগড় জিলাৰ মৰাণৰ এজন যুৱকে সামাজিক মাধ্যম ফেইচবুকত আলফাত(স্বাঃ) যোগদানৰ কৰাৰ খবৰ বিয়পি পৰিছে৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং বৰপথাৰ ডামৈখাতী গাঁৱৰ পলাশ কোঁৱৰ (২৫) নামৰ যুৱকজনে ২৭অক্টোবৰত সামাজিক মাধ্যম ফেইচবুকযোগে এটা দীঘলীয়া প’ষ্ট আৰু ভিডিঅ’ আপলোড কৰি আলফালৈ যোৱা বুলি ঘোষণা কৰে৷ ফেচবুকত দিয়া প’ষ্টটোত পলাশ কোঁৱৰে উল্লেখ কৰে যে,  ‘ঐতিহাসিকভাৱে অসমত বাস কৰি অহা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ আজন্ম অধিকাৰ হেৰুওৱাৰ পাছত উত্তৰাধিকাৰী হিচাপে পোৱা ককাদেউতাৰ ভেটিটোত আজিৰ বিদেশী বনিয়াৰ দপদপনি, আইৰ মুখৰ ভাষা আজি সংকটৰ গৰাহত৷ খিলঞ্জীয়া অসমীয়া জাতিটোৰ আজি পানীত হাঁহনচৰা অৱস্থা আৰু সেই পানীতেই ঘঁৰিয়ালৰূপী বিদেশীৰ বিচৰণ৷ যিয়ে জাতিটোক এফালৰ পৰা কোঙা কৰি আনিছে৷ আজিৰ প্ৰেক্ষাপটত অসমে প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিবলগা হৈছে৷ তাতোতকৈ ডাঙৰ কথা এয়ে যে যেতিয়াই খিলঞ্জজীয়া জনগণে অধিকাৰৰ কথা কয় তেতিয়াই ঔপনিৱেশিক শাসনৰ বিভিন্ন ধাৰাবোৰ থলগিৰীৰ ওপৰত জাপি দিয়া হয়, লগতে থলগিৰীৰ ওপৰত জঁপিয়াই পৰে দখলদাৰি বাহিনীৰ ভেৰুণীয়া কুকুৰবোৰ৷ তেজেৰে ৰাঙলী হয় ৰাজপথ, ধৰ্ষিতা হয় মাতৃ-ভগ্নী উৰুখা পজাত৷ সকলোবোৰ জানিও আজি আমি নিশ্চুপ!  কিন্তু কিয়? আৰু কিনাম দিনলৈ? বৰ্তমান অসমভূমি এশ এবুৰি সমস্যাৰে জৰ্জড়িত৷ অসমৰ আজিৰ এনে পৰিৱেশ-পৰিস্থিতিৰ মাজত সকলো জাতি-জনগোষ্ঠীৰ সৰ্বস্বত্ব সুৰক্ষাৰ বাবে সচেতন ৰাইজ, সকলো দল-সংগঠনৰ একত্ৰিত শক্তিৰ প্ৰয়োজন আছিল, কিন্তু অসমত আজি সেয়া হৈ উঠা নাই, সকলোৱে কেৱল নিজৰ স্বাৰ্থৰ পিছতহে দৌৰা দেখা গৈছে৷ স্বাধীনচিতিয়া অসমৰ খিলঞ্জীয়া জাতিটোৱে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক স্বাধীনতা হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধি অনেক বীৰ-বীৰাংগনাক হেৰুৱাই মান-ব্ৰিটিছৰ পৰা নিজকে মুক্ত কৰিলোঁ যদিও পৰাধীনতা অৱস্থা এটাৰ পৰা কাহানিও নিজকে মুক্ত কৰিব নোৱাৰিলোঁ৷ এফালে বহিৰাগত অপশক্তিৰ কেঁকুৰাৰ চেঁপা, আনফালে, শাসনৰ বাঘজৰী ধৰা বাদুলী ফুকনৰ বৰ্বৰ শাসনত খিলঞ্জীয়া ৰাইজৰ বৰভেটি থৰক-বৰক৷ ইয়াৰ সমপৰ্যায়ভাৱে নাও বুৰিলেও টিঙৰ পৰা ননমা একাংশ অন্ধমুনি সুখৰ নিদ্ৰাত মগ্ন৷ লগতে জনগণৰ শিৰোমণি দেৱদূতৰূপী মুখাপিন্ধা এখিনি বুদ্ধিজীৱী৷ লাচিতৰ দেশত আজি অসুৰৰ কিৰিলি, তৎসত্ত্বেও অৱসৰ বিনোদনত মগ্ন আজিৰ আমাৰ বৰমূৰীয়াসকল৷ অসমৰ থলগিৰী ৰাইজৰ অস্তিত্ত্ব ৰক্ষাৰ ধাৰাবাহিক যুঁজখনত কাৰ কি লাভালাভ হৈছে সেয়া জননীৰ পটভূমি চালেই জলজল-পটপট হৈ পৰে৷ গতিকে এজন খিলঞ্জীয়া যুৱক হিচাপে বিকল্প সমাধান বিচাৰি পাওঁ কেৱল খিলঞ্জীয়াৰ জন্মগত অধিকাৰ ‘সাৰ্বভৌম স্বাধীন অসম৷ হয়, মই জানোঁ স্বাধীন অসমৰ পথ কোনো ৰাজ আতিথ্যৰ বাবে পাৰি থোৱা ৰঙা দলিচা নহয়৷ ই অতি কণ্টকময়৷ আমাৰ বহুতেই ক’ব বিচাৰে যে আমি নিজ ভূমিতেই থাকি খেতি-বাতি কৰি অৰ্থনৈতিকভাৱে আগুৱাই নিব পাৰি বুলি! কিন্তু অসমীয়াই আজি সেইখিনি সুবিধাৰ পৰাও বঞ্চিত৷ বহু কষ্টৰ ফলত উৎপাদিত ফচলৰ উচিত মূল্য আজি অসমীয়া কৃষকে পাইছেনে? ঠিক তেনেকৈ অন্যান্য ব্যৱসায়তো মধ্যভোগীসকলে অসমীয়া ৰাইজৰ কঁকাল কোঙা কৰিছে৷ এইক্ষেত্ৰত হাত উজান দিছে একাংশ সহোদৰে৷ আজি আমি কাকো বিশ্বাসত ল’ব নোৱৰা অৱস্থা৷ কি আছু, কি অন্য দল-সংগঠন৷ আজি মই বিনা দ্বিধাই ক’ব পাৰোঁ যে অসমৰ দল-সংগঠনবিলাক ভৱিষ্যতৰ ৰাজনৈতিক দালাল বনোৱা একো একোটা কাৰাখানা মাথোঁ৷ সেয়েহে আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসমত (স্বাধীন)  যোগদান কৰিবলৈ ওলাই আহিলোঁ৷ ইয়াৰ লগতে মই অসমৰ নৱপ্ৰজন্মক এইটো আহ্বান জনাওঁ যে- ভৱিষ্যতে এখন সোণৰ অসম গঢ়িবলৈ হ’লে অসমে স্বাধীনতা পোৱাটো অনিবাৰ্য৷ ‘সাৰ্বভৌম স্বাধীন অসম’ৰ বাহিৰে অন্য বিকল্প নাই৷ গতিকে তোমালোকো আঁহা আমি একেলগে অসমৰ স্বাধীনতাৰ জাতীয় মুক্তি সংগ্ৰামখন আগুৱাই নিব পৰাকৈ ইয়াৰ অংশীদাৰী হওঁ৷ জয় আই অসম৷’’ এইদৰে এক দীঘলীয়া ফেচবুক বাৰ্তা আৰু এজন বন্ধুৰ সৈতে এটি ভিডিঅ’ আপলোড কৰি যুৱকজনে আলফাত যোগদান কৰা বুলি ঘোষণা কৰাৰ পাছতে খোৱাং বৰপথাৰ ডামৈখাতী গাঁৱৰ যুৱকজনৰ বাসগৃহত কান্দোনৰ ৰোল উঠে৷ পিতৃ-মাতৃৰ লগতে পত্নী আৰু দুই এমা-ডিমা সন্তানক এৰি থৈ ঘৰৰ একমাত্ৰ সন্তান পলাশে আলফাত যোগদান কৰাৰ কথা জনাৰ পাছতে পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তৰ্গত বৰপথাৰ ডামৈখাতী গাঁৱৰ গুণ কোঁৱৰ আৰু অৰুণা কোঁৱৰৰ একমাত্ৰ পুত্ৰ পলাশে বিগত কিছুদিন ধৰি কৰ্মসূত্ৰে শদিয়াত আছিল৷ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, পকামিস্ত্ৰী হিচাপে শদিয়াত কাম কৰি থকা পলাশে এসপ্তাহ পূৰ্বে পূজাৰ বন্ধত ঘৰলৈ আহিছিল৷ ঘৰত থকাৰ সময়তে ২৬ অক্টোবৰত পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ ঘূৰি অহা নাছিল পলাশ৷ ঘৰৰ মানুহে যুৱকজনে পুনৰ শদিয়াৰ কৰ্মস্থলীলৈ যোৱা বুলি ভাবিছিল৷ কিন্তু পিছদিনাই ফেচবুকত ভিডিঅ’ আপলোড কৰি আলফাত যোগদান কৰা বুলি প্ৰচাৰ কৰাৰ পাছতে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হয়৷ ফোনত যোগাযোগ কৰিও যুৱকজনৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই৷ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই পৰিয়ালৰ লোক৷ আনহাতে, যুৱকজনক আলফাৰ পৰা ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে যুৱকজনৰ পিতৃ-মাতৃ আৰু পত্নীয়ে৷ সংবাদ মাধ্যমৰ আগত ক্ৰন্দনৰত পিতৃয়ে পৰেশ বৰুৱাক কাতৰ আহ্বান জনায় কয়- ‘মোৰ এটাই ল’ৰা৷ লৰাটোক ঘূৰাই পঠাওক৷ ল’ৰাটো নাথাকিলে পৰিয়ালটো শেষ হৈ যাব৷ গতিকে মোৰ ল’ৰাটো যেনে তেনে ঘূৰাই পঠাওক৷’ দুই এমা-ডিমা সন্তানৰ মাতৃ যুৱকজনৰ পত্নীয়েও সন্তান দুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি স্বামীক ঘূৰাই পঠাবৰ বাবে পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে৷ উল্লেখ্য, বিশ্বস্তসূত্ৰে লাভ কৰা এক তথ্য অনুসৰি, শদিয়াত পকা মিস্ত্ৰী কামত নিয়োজিত যুৱকজনে শদিয়াত কৰ্মৰত অৱস্থাতে আলফাত যোগদানৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু তেনে সময়তে আলফাৰ এজন যোগাযোগকাৰীৰে সম্পৰ্ক স্থাপন হৈছিল আৰু উক্ত যোগাযোগকাৰীজনৰ সহায়তে নিষিদ্ধঘোষিত সংগঠনটোত যোগদানৰ সুযোগ লাভ কৰে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷