Logo
image

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ কটাক্ষঃ ভূপেন বৰাই য'তেই নিৰ্বাচন নেখেলক কিয় পৰাজয়ৰহে ৰেকৰ্ড গঢ়িব

ডিজিটেল ডেস্কঃ ভূপেন বৰা য'তেই নিৰ্বাচন নেখেলক কিয়, তেওঁ একেৰাহে চতুৰ্থবাৰৰ কাৰণে নিৰ্বাচনত পৰাজয় হৈ ৰেকৰ্ড গঢ়িব। সোমবাৰে থাওৰা সমষ্টিত সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিত ৩ লাখ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ ১৪টা লোকসভা সমষ্টিৰ এটা সমষ্টিত কংগ্ৰেছ আৰু এটা সমষ্টিতহে এআইইউডিএফ জয়ী হোৱাৰ সম্ভাৱনা আছে। বাকী ১২ টা সমষ্টিতেই বিজেপি তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। যোৰহাট লোকসভা সমষ্টিত বিগত নিৰ্বাচনত ৮০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিল। এইবাৰ নিৰ্বাচনত ২ লাখ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

আনহাতে  ৰাইজৰ দলৰ 'ৰাইজৰ দল ৰাইজৰ মাজলৈ' যাত্ৰা কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীজনে কয় যে কেইজনমান ব্যক্তিৰ সমষ্টি হৈছে ৰাইজৰ দল। অখিল গগৈৰ বাহিৰে দলটোৰ বিষয়বাবত কোন কোন আছে কোনেও নাজানে।

সোমবাৰে থাওৰা সমষ্টিত ৮.৫ কোটি টকাৰ এখন বান প্ৰতিৰোধী আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। আঁচনিখনৰ কাম অতি সোনকালে আৰম্ভ হ'ব বুলি তেওঁ মন্তব্য কৰে। থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি বিগত ২ বছৰত সমষ্টিটোত জলসম্পদ বিভাগে ৩৪ কোটি টকাৰ কাম সম্পন্ন কৰিছে বুলি প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী হাজৰিকাই।