Logo
image

ইন্দিৰাৰ জন্মদিনত হোৱাৰ বাবেই বিশ্বকাপত ভাৰত হাৰিল

নতুন দিল্লী, ২৪ নৱেম্বৰঃ সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাত বিভিন্নজনে দলটোৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে ভাৰতীয় দলটোৰ পৰাজয়ক লৈ ৰাজনৈতিক বাক-বিতণ্ডা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ মাজতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলৰ দিনা ষ্টেডিয়ামত ‘পনৌতি’ৰ (অমংগলীয়া) উপস্থিতিৰ বাবেই ভাৰত পৰাস্ত হোৱা বুলি মন্তব্য কৰে৷ যোৱা মঙলবাৰে ৰাজস্থানত অনুষ্ঠিত এখন সভাত ৰাহুল গান্ধীয়ে কয়– ‘ভাৰতীয় ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন সুন্দৰ আছিল আৰু বিশ্বকাপো জয় কৰিলেহেঁতেন৷ কিন্তু ফাইনেলৰ দিনা ষ্টেডিয়ামত ‘পনৌতি’ উপস্থিত থকাৰ বাবে পৰাস্ত হ’বলগীয়া হ’ল৷ ৰাহুল গান্ধীয়ে এই ভাষ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে যদিও তেওঁ যে এই মন্তব্যৰে প্ৰধানমন্ত্ৰী মোদীকেই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেয়া স্পষ্ট৷ ৰাহুলৰ এই মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে ‘অমংগলীয়’ ভাষ্যৰ বাবে নিৰ্বাচন আয়োগে তেওঁলৈ জাননী কৰিছে৷ এইবাৰ এই বিতৰ্কত সোমাই পৰিছে আনকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও৷ ৰাহুল গান্ধীৰ বক্তব্যক প্ৰত্যাক্ৰমণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভাৰতীয় দলটোৰ পৰাজয়ৰ কাৰণ হিচাপে চিহ্নিত কৰিছে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক৷ ড॰ শৰ্মাৰ মতে বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ কাৰণ মোদী নহয়, বৰঞ্চ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীহে৷ ইন্দিৰা গান্ধীৰ জন্মদিনত খেলখন অনুষ্ঠিত হোৱাৰ বাবেহে ভাৰতীয় দলটো পৰাস্ত হ’বলগীয়া হ’ল বুলি দাবী কৰিছে হিমন্তই৷ তেওঁ লগতে গান্ধী পৰিয়ালৰ কোনো সদস্যৰ জন্মদিনত যাতে কোনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত নকৰে, তাৰ বাবে তেওঁ বি চি চি আইক অনুৰোধ জনাব বুলিও কয়৷ ইপিনে, ভাৰতৰ পৰাজয়ক লৈ আৰম্ভ হোৱা ‘মোদী বিতৰ্ক’ত এইবাৰ সোমাই পৰিছে আনকি তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও৷ বৃহস্পতিবাৰে নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃণমূলৰ বিশেষ অধিৱেশনত মমতাই বিশ্বকাপত ভাৰতৰ পৰাজয় আৰু মোদী বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰে৷ মমতাই কয়– ‘বিশ্বকাপৰ ফাইনেল খেলখন যদি ‘ইডেন গাৰ্ডেন’ বা ওৱাংখেড়ে ষ্টেডিয়ামত হ’লহেঁতেন, তেন্তে ভাৰত নিশ্চিতভাৱে জয়ী হ’লহেঁতেন৷ তেওঁ আনকি নাম উল্লেখ নকৰাকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মমতাই কয়– ‘পাপীষ্ঠসকল য’লৈকে যায়, তাতেই সমস্যা হয়৷ পাপে কেতিয়াও তেওঁলোকৰ লগ নেৰে৷ ভাৰতীয় দলটো ১০খন মেচতেই সুন্দৰভাৱে জয়ী হ’ল৷ কিন্তু ফাইনেলত পৰাজিত হৈ থাকিল৷ কিয়নো ফাইনেলৰ দিনা ষ্টেডিয়ামত সেই পাপীষ্ঠকেইজন উপস্থিত আছিল৷’ ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছত বিশ্বকাপত ভাৰতৰ পৰাস্ত সম্পৰ্কে মমতা বেনাৰ্জীয়ে আগবঢ়োৱা ভাষ্যক লৈ স্বাভাৱিকতে ৰাজনৈতিক মহলত পুনৰ চৰ্চা আৰম্ভ হৈছে৷