Logo
image

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতো থমকি ৰোৱা নাই ‘কা’ বিক্ষোভঃ আইনী যুঁজৰো আখৰা নেতৃত্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মাৰ্চঃ সংশোধিত নাগৰিকত্ব আইন (কা) বাতিল আৰু ‘কা’ক লৈ গোচৰ চলি থকাৰ সময়তে ‘কা’ৰ বিধি বলবৎকৰণত স্থগিতাদেশ বিচাৰি আছু, নেছ’, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া তথা আই ইউ এম এলকে ধৰি বিভিন্ন দল-সংগঠনে আৰু ব্যক্তিয়ে দাখিল কৰা আবেদন সন্দৰ্ভত ১৯ মাৰ্চত শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি৷ উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিবালে প্ৰদৰ্শন কৰা যুক্তিত পতিয়ন গৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠে ১৯ মাৰ্চ মঙলবাৰে জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি বিচাৰপীঠখনে আই ইউ এম এলৰ লগতে স্থগিতাদেশ বিচাৰি দাখিল কৰা সকলো আবেদনক সামৰি লোৱাৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, ‘কা’ৰ বিধি বলবৎকৰণত স্থগিতাদেশ বিচাৰি উত্তৰ-পূবৰ পৰা প্ৰথমে আছুৱে আবেদন দাখিল কৰিছে৷ পৰৱৰ্তী সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নেছ’কে ধৰি বিভিন্ন পক্ষই আবেদন দাখিল কৰে৷ আছুৱে উক্ত বিষয় সন্দৰ্ভত এখন লেখ আবেদনো দাখিল কৰে৷ ১৭-১৮ মাৰ্চত আছু, নেছ’ আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব দিল্লীলৈ ৰাওনা হ’ব৷ ইফালে কেৰালা চৰকাৰে ‘কা’ৰ বিধি বলবৎ কৰণ কৰিবলৈ দিয়া নহয় বুলি স্থিতি স্পষ্ট কৰি উচ্ছতম ন্যায়ালয়ত দাখিল কৰিছে আন এখন আবেদন৷ উল্লেখ্য, উল্লেখ্য শুকুৰবাৰে ন্যায়ালয়ৰ কামকাজ আৰম্ভ হোৱাৰ পাছতেই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ সন্মুখত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আই ইউ এম এল) হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে স্থগিতাদেশৰ বিষয়টো মৌখিকভাবে উত্থাপন কৰে৷ ১১ মাৰ্চত কেন্দ্ৰীয় গৃহ বিভাগে নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়ম জাৰি কৰাৰ পিছদিনা আই ইউ এম এলকে ধৰি বাওঁপন্থী যুৱ সংগঠন ডি ৱাই এফ আই, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কংগ্ৰেছৰ বিধায়নী দলৰ নেতা দেবব্ৰত শইকীয়াই অধিনয়মৰ ওপৰত স্থগিতাদেশ জাৰি কৰাৰ বাবে আবেদন কৰিছিল৷ সেই মৰ্মে বিষয়টো শুকুৰবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত মৌখিক ভাবে উত্থাপন কৰাৰ বাবে ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাত স্থান লাভ কৰে৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আগত অধিবক্তা চিব্বালে যুক্তি দৰ্শাই কয়–নাগৰিকত্ব সংশোধনী আইনখন ২০১৯ চনত সংসদৰ অনুমোদন লাভ কৰিছিল৷ কিন্তু সেই সময়ত আইনখনৰ অধিনয়ম নথকা হেতু ন্যায়ালয়ে আইনখনৰ ওপৰত স্থগিতাদেশ জাৰি কৰা নাছিল৷ এতিয়া লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে চৰকাৰে অধিনিয়ম জাৰি কৰিছে৷ আইনখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অমুছলমান লোকক যদি কেনেবাকৈ এবাৰ নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে সেই নাগৰিকত্ব ওভতাই লোৱাটো আৰু সম্ভৱ নহ’ব৷ সেয়েহে অন্তবৰ্তীকালীন আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰা হওক৷ লক্ষ্যণীয়ভাৱে সেই সময়ত ন্যায়ালয় কক্ষত উপস্থিত থকা চলিচিটৰ জেনাৰেল তুষাৰ মেহতাই শুনানি গ্ৰহণ কৰাৰ বিষয়টোত আপত্তি কৰা নাছিল৷ কিন্তু নাগৰিকত্ব প্ৰদানৰ বিষয়টোত আবেদনকাৰীসকলে প্ৰশ্ন উত্থাপন কৰাৰ কোনো অবকাশ নাই বুলি তেওঁ মুখ্য ন্যায়াধীশৰ সমুখত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে৷ ইয়াৰ পিছতেই মুখ্য ন্যায়াধীশে ১৯ মাৰ্চ মঙলবাৰে জৰুৰী শুনানী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ পৰিশেষত লিখিত নিৰ্দেশনা জাৰি কৰাৰ সময়ত মুখ্য ন্যায়াধীশে সামগ্ৰিকভাবে ‘কা’ক প্ৰত্যাহ্বান জনোৱা ২৩৭টা আবেদনকাৰী পক্ষক শুনানীৰ বাবে তালিকাবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মৰ ওপৰত স্থগিতাদেশ বিচাৰি প্ৰথমে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সদৌ অসম ছাত্ৰ সন্থা৷ পৰৱৰ্তী সময়ত যুৱ ছাত্ৰ পৰিষদ, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই দাখিল কৰে আবেদন৷ ছাত্ৰ সন্থাৰ মূল দাবী– জাতিধবংসী আইনখন বাতিল কৰা, প্ৰথমতে ‘কা’ৰ অধিনয়মৰ ওপৰত স্থগিতাদেশ জাৰি কৰা তথা শীঘ্ৰে বিষয়টোৰ ওপৰত শুনানী গ্ৰহণ কৰা৷ উল্লেখ্য, ২০১৯ চনত ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আছুয়ে প্ৰথমে উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷  পৰৱৰ্তী সময়ত আন বহু দল-সংগঠনে ‘কা’ বাতিলৰ দাবীত আবেদন দাখিল কৰিছিল উচ্ছতম ন্যায়ালয়ত৷ আছুৰ আবেদন সন্দৰ্ভত অধিবক্তাৰ সবল যুক্তি শুনি ‘কা’ সন্দৰ্ভত অসমৰ ক্ষেত্ৰত পৃথকে শুনানি গ্ৰহণৰ সিদ্ধান্ত লৈছিল উচ্ছতম ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাছত আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়– ন্যায়ালয়ৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ আস্থা আছে৷ ‘কা’ৰ বিৰুদ্ধে ন্যায়ালয়ৰ যুঁজ আৰু ৰাজপথৰ যুঁজ সমান্তৰালভাবে চলি থাকিব৷ নাগৰিকত্ব সংশোধনী আইনখন উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰযোজ্য নহয়৷ আনকি সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত থকা অসমৰ পাহাৰীয়া জিলাসমূহ তথা বড়োলেণ্ডতো আইনখন কাৰ্যকৰী নহয়৷ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যত ‘কা’ প্ৰযোজ্য নহয়, ষষ্ঠ অনুসূচী এলেকাত ‘কা’ প্ৰযোজ্য নহয়৷ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচী এলেকাৰ বাবে ‘কা’ যদি বেয়া তেনেহ’লে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ল? ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত৮খন জিলাত ‘কা’ বেয়া, বাকী জিলাৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ল? ‘কা’ৰ বিৰুদ্ধে  আমি গণতান্ত্ৰিক, শান্তিপূৰ্ণ আন্দোলন আৰু আইনখনত যুঁজ চলাই যাম৷ উল্লেখ্য যে ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ত মুঠ ২৪৬খন লেখ আবেদন দাখিল হৈ আছে৷ দীৰ্ঘদিন ধৰি বিষয়টোক লৈ শুনানি গ্ৰহণ কৰা হোৱা নাই৷ ইফালে, ‘কা’ৰ বিধি বলবৎ কৰা সন্দৰ্ভত ৰুজু হোৱা গোচৰ সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ে ধাৰাবাহিক শুনানি গ্ৰহণ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে সংবাদ মাধ্যমৰ আগত কয়–দেশৰ ন্যায় ব্যৱস্থাটোক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সন্মান কৰে আৰু ন্যায় ব্যৱস্থাৰ ওপৰত যুৱ-ছাত্ৰ পৰিষদে সদায় আস্থা ৰাখি আহিছে৷ ১৯ মাৰ্চৰ পৰা আৰম্ভ হব লগা শুনানি প্ৰক্ৰিয়াৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কা ৰ বিৰুদ্ধে ন্যায়িক যুঁজ অব্যাহত ৰাখিলেও পৰিষদে সামন্তৰালভাৱে গণতান্ত্ৰিকভাৱে ৰাজপথৰ আন্দোলন অব্যাহত ৰাখিব৷ আছু, নেছ’, যুৱছাত্ৰ পৰিষদৰ আহ্বান মৰ্মে ৰাজ্যত অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ৷