Logo
image

ইৰানৰে বন্দৰ চুক্তি কিয়? সৰ্বানন্দৰ ব্যাখ্যা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মে’ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ইৰাণত দেশখনৰ নগৰ উন্নয়নমন্ত্ৰী মেহৰদাদ বাজৰ পাছেৰ সৈতে এক ঐতিহাসিক বন্দৰ চুক্তি স্বাক্ষৰ কৰে৷ ইয়াৰ ফলত ভাৰতে ১০ বছৰৰ বাবে ইৰাণৰ শ্বাহিদ বেহেস্তি [চাবাহাৰ] বন্দৰ পৰিচালনা কৰাৰ কতৃৰ্ত্ব লাভ কৰিব৷ এয়া ভাৰতৰ বাবে এক কৌশলগত মাইলৰ খুটি বুলি বিবেচিত হৈছে, কিয়নো এই চুক্তিৰ ফলত পাকিস্তানৰ কৰাচীৰ লগতে গ’ৱাদৰ বন্দৰক উপেক্ষা কৰি দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত ইৰাণ হৈ ভাৰতৰ বাবে এক নতুন সাগৰীয় বাণিজ্যিক পথ মুকলি কৰিব৷ এই চুক্তিক লৈ উৎসাহী কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– ভাৰতে চাবাহাৰ বন্দৰত বিনিয়োগ অব্যাহত ৰখাৰ ফলস্বৰূপে ইয়াৰ দক্ষতা আৰু ক্ষমতা অধিক বৃদ্ধি হ’ব৷ সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি দৃঢ় হৈছে৷ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত চাবাহাৰত ভাৰতৰ নিৰন্তৰ সম্পৰ্কই বিশ্ব যোগান শৃংখলাত ভাৰত আৰু ইৰাণৰ ভূমিকা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত ভাৰতৰ বাণিজ্যৰ গুৰুত্ব বৃদ্ধি কৰিব৷ ভাৰতে বাণিজ্যিক সম্পৰ্কৰ বাহিৰেও আঞ্চলিক উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰি মানৱীয় সাহায্য ৰপ্তানিৰ বাবেও বন্দৰটো ব্যৱহাৰ কৰিব৷’ সোণোৱালে লগতে কয়– ‘চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰত আৰু ইৰাণৰ মাজতে সীমাবদ্ধ নাথাকে; ই মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান আৰু ভাৰতক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপেও কাম কৰিব৷ এই সংযোগে বৃহৎ অঞ্চলটোত বাণিজ্য আৰু সুৰক্ষিত যোগান শৃংখলাৰ স্থিতিস্থাপকতাৰ বাবে নতুন পথ মুকলি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে শক্তিশালী যোগান শৃংখলা নেটৱৰ্কৰ সৈতে এক মুখ্য সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হোৱাৰ পথত প্ৰসাৰিত গৈছে৷ চাবাহাৰ বন্দৰ আৰু ভাৰতীয় বন্দৰৰ মাজত নিয়মীয়া জাহাজৰ চলাচলৰ দিশটোৱে ব্যৱসায়ীসকলৰ মাজত নতুন আশা জাগ্ৰত কৰিছে৷’ ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে চাবাহাৰ বন্দৰৰ গুৰুত্ব সম্পৰ্কে সৰ্বানন্দ সোণোৱালে কয়– এই প্ৰকল্পটোৱে ভাৰতীয় উদ্যোগীসকলক দীৰ্ঘম্যাদী সম্ভাৱনাৰ অন্বেষণ কৰাত সহায় কৰিব৷ পাৰস্পৰিক অৰ্থনৈতিক বিকাশ আৰু সহযোগিতা বৃদ্ধি কৰাত এই চুক্তিৰ ভূমিকা হ’ব অপৰিসীম৷ উল্লেখ্য, ভাৰতৰ ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়৷ যাৰ ফলত চাবাহাৰ বন্দৰ উন্নয়ন প্ৰকল্পত ভাৰতে ১০ বছৰৰ বাবে শ্বাহিদ বেহেস্তি পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছে সোমবাৰে তেহৰাণত অনুষ্ঠিত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ২০১৬ চনৰ ২৩ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰৰ পদক্ষেপ ত্বৰাম্বিত কৰা হৈছিল৷ এই চুক্তিৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰাম্বিত কৰা৷