Logo
image

মেকিয়াভেলীৰ তত্ত্ব আজিৰ দিনৰ ৰাজনীতিতো প্ৰাসংগিক

প্ৰাচীন গ্ৰীক সাম্ৰাজ্যত চক্ৰেটিছ, প্লেট’, এৰিষ্টটল আদি দাৰ্শনিক, পণ্ডিতসকলে ৰাজনৈতিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল৷ এই ব্যক্তিসকলে আগবঢ়োৱা তত্ত্ব, মতবাদ আদিৰ আধাৰত পৰৱৰ্তী সময়ছোৱাত ৰাজনৈতিক বিচাৰধাৰাই গতি লাভ কৰিছিল৷ ইউৰোপৰ নৱজাগৰণৰ সময়ত ইটালীৰ দাৰ্শনিক, প্ৰথম আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ ব্যক্তি নিকল’ মেকিয়াভেলীয়ে আগবঢ়োৱা ৰাজনীতি, চৰকাৰ, ৰাজ্য-ৰাষ্ট্ৰ সম্পৰ্কে আগবঢ়োৱা তথ্য, মতসমূহৰ বহুখিনি আজিৰ দিনতো প্ৰাসংগিক৷ ৰাজনীতিৰ অন্তৰ্নিহিত বহু দিশ সম্পৰ্কে মেকিয়াভেলীয়ে তাহানিৰ দিনতে কোৱা কথাবোৰ আজিৰ দিনতো প্ৰযোজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ সন্মানৰ পাত্ৰ হৈ আছে৷ ৰাজনীতিৰ সৈতে সততা, ন্যায়পৰায়ণতাৰ কোনো সম্বন্ধ নাই, ৰাষ্ট্ৰই কাৰোবাক উপাধি প্ৰদান কৰিলে উপাধি লাভ কৰোতাতকৈ ৰাষ্ট্ৰ তথা শাসকৰহে সন্মান বৃদ্ধি পায়, নীতিবৰ্হিভূত কাম-কাজ, শাস্তি প্ৰদান আদি শাসকে দ্বিতীয় পক্ষৰ যোগেদি কৰোৱাৰ বিপৰীতে পুৰস্কাৰ প্ৰদান নিজে কৰে– মেকিয়াভেলীয়ে সেই সময়ত উল্লেখ কৰা উক্ত কথাবোৰ ২১ শতিকাৰ এই সময়তো প্ৰযোজ্য৷ এক ৰাজনৈতিক ভাৱধাৰাৰ দ্বাৰা আকৃষ্ট হৈ দলটোত যোগদান কৰি মন্ত্ৰী, এম এল এ হোৱাৰ পাছত পৰৱৰ্তী নিৰ্বাচনৰ সময়ত টিকটৰ পৰা বঞ্চিত হোৱাৰ লগে লগে সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰা ৰাজনৈতিক দলটোত যোগদান কৰি সেই দলৰ টিকটৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো আজিৰ ৰাজনীতিত সাধাৰণ কথা৷ বৰ্তমান অসমত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট বিচাৰি দলৰ প্ৰত্যাখানৰ পাছত কেইঘণ্টামানৰ ভিতৰতে দল সলাই আন এটা দলৰ প্ৰাৰ্থী হোৱা বহু ঘটনা ঘটা পৰিলক্ষিত হৈছে৷ কেইদিনমান আগলৈকে বিপক্ষৰ দলক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি থকাৰ পাছত আশ্চৰ্যজনকভাৱে ইটো দললৈ গৈ সেই দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা নেতা কিবা আদৰ্শ, নীতিৰ দ্বাৰা পৰিচালিত হয়নে সেই বিষয়ে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ন্যায়-নিষ্ঠা, সততাৰ পৰিৱৰ্তে আজিৰ যুগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতাৰ মাপকাঠী হ’ল সংশ্লিষ্ট প্ৰাৰ্থীৰ ধনবল, বাহুবল, মূল নেতাসকলক পদলেহনৰ যোগ্যতা, কূট-কৌশল ইত্যাদি৷ অগপৰ সভাপতিজনৰ ৩২টা বেংক একাউণ্ট, কাৰ্যকৰী সভাপতিজনৰো পূৰ্বৰ তুলনাত ধন-সম্পত্তি বহু বৃদ্ধি, বিজেপি দলৰ বহু কেইজন মন্ত্ৰী-বিধায়কৰ সা-সম্পত্তি, ধনৰ পৰিমাণ অভাৱনীয় হাৰত বৃদ্ধি, হত্যা-লুণ্ঠন, বলাৎকাৰ আৰু অন্য অপৰাধৰ সৈতে জড়িত ব্যক্তিক বহু দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাটোৱে কি সূচায়? নৱগঠিত জাতীয়তাবাদী দলকেইটাই সাম্প্ৰদায়িক শক্তিসমূহক প্ৰতিহত কৰাৰ বাবে উদাত্ত আহ্বান জনাইছে যদিও মিত্ৰতাক জলাঞ্জলি দি বহু বিধানসভা সমষ্টিত পৰস্পৰৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ মেকিয়াভেলীয়ে কৈছিল– এজন শাসকৰ বুদ্ধিমত্তাৰ উমান পাবলৈ হ’লে তেওঁৰ আশে-পাশে থকা অৰ্থাৎ শাসকজনৰ খুউব ঘনিষ্ঠ ব্যক্তিজনলৈ লক্ষ্য কৰা উচিত৷ আজিৰ সময়ত কেইজন শাসক, মন্ত্ৰী-নেতাই প্ৰকৃত সমাজ সেৱক, বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণ কৰে? কয়লা ছিণ্ডিকেট, কণী-মাছ, চুপাৰিৰ পৰা গৰু ছিণ্ডিকেটলৈকে জড়িত চক্ৰসমূহ শাসকীয় দলৰ বুকুৰ আপোন৷ শাসনত টিকি থাকিবলৈ হ’লে ধন লাগিব৷ গতিকে চলে-বলে, কৌশলে অবাধ হাৰত ধন সংগ্ৰহ কৰি শাসনত থাকিবই লাগিব৷ বিৰোধী দলসমূহে শাসকীয় দল, চৰকাৰৰ বিৰুদ্ধে এনে কথাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে যদিও নিজে শাসনলৈ অহাৰ পাছত একে পন্থাকে অৱলম্বন কৰে৷ মেকিয়াভেলীয়ে তেতিয়াই কৈছিল যে পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ পাছত শাসকে বাৰেবিংকৰা কথাৰ অৱতাৰণা কৰি নিজৰ যুক্তিক সাব্যস্ত কৰে৷ নিৰ্বাচনী ইস্তাহাৰত বা নিৰ্বাচনৰ সময়ত নেতাই বহু প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰে৷ কিন্তু সেই প্ৰতিশ্ৰুতি ভংগ কৰাৰ পাছত নেতাই পুনৰ নতুন প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাৰে৷ A ruler should be cunning like a fox and brave like a lion অৰ্থাৎ এজন শাসক শিয়ালৰ দৰে ধূৰ্ত আৰু সিংহৰ দৰে সাহসী হোৱা উচিত– মেকিয়াভেলীয়ে কোৱা এই কথাষাৰৰ সত্যাসত্য বৰ্তমানৰ প্ৰেক্ষাপটত বিচাৰ কৰিলে দেখা যায় যে শিয়ালৰ দৰে ধূৰ্ত ৰাজনীতিবিদৰ সংখ্যা বাঢ়িছে যদিও সিংহৰ দৰে সাহসী শাসক, ৰাজনীতিবিদৰ সংখ্যা তেনেই কম৷