Logo
image

‘ইণ্ডিয়া’ৰ পতন অৱশ্যম্ভাৱী?

লোকসভা নিৰ্বাচনৰ পাছতে ভাৰতবৰ্ষৰ ৰাজনীতিত শক্তিশালী বিৰোধীৰ উত্থানৰ আশা দেখিবলৈ পোৱা গৈছিল৷ বিগত এটা দশকত বিজেপি দলৰ ৰাজনৈতিক পৰাক্ৰমত প্ৰায় নিশকতীয়া হৈ পৰা বিৰোধী পক্ষই এইবাৰৰ নিৰ্বাচনৰ পাছত আকৌ মূৰ দাঙি উঠাৰ সুযোগ লাভ কৰিছিল৷ এনে অৱস্থাত দেশৰ জনসাধাৰণে আশা কৰিছিল যে, বিৰোধী পক্ষ একত্ৰিত আৰু শক্তিশালী হৈ থাকি চৰকাৰখনক জনসাধাৰণৰ স্বাৰ্থত কাম কৰিবলৈ বাধ্য কৰিব৷ ইণ্ডিয়া মৰ্চা হিচাপে পৰিচিত বিৰোধী পক্ষটোৱে প্ৰাথমিক অৱস্থাত চৰকাৰখনক নিজৰ নিয়ন্ত্ৰণত ৰাখি জনস্বাৰ্থ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব যেন এক ধাৰণা দিবলৈও সক্ষম হৈছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ছমাহৰ পাছতেই এই বিৰোধী মৰ্চাৰ ক্ষেত্ৰত যি এক প্ৰতিকূল ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ’ল, সি যেন পুনৰ এবাৰ বিৰোধীৰ এই মৰ্চাক পতনৰ মুখলৈ ঠেলি দিলে৷ ইণ্ডিয়াৰ মৰ্চাৰ অংশীদাৰী দলসমূহৰ মাজত যি এক অন্তঃবিৰোধৰ সৃষ্টি হৈছে, সেয়া মূলতঃ কংগ্ৰেছ দলে বিগত সময়খিনিত সন্মুখীন হোৱা ৰাজনৈতিক বিপৰ্যয়ৰ বাবেই হোৱা বুলি ক’ব পাৰি৷ লোকসভা নিৰ্বাচনত নিৰান্নবৈখন আসন লাভ কৰি বিৰোধী দলপতিৰ আসনো লাভ কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছ দলে নিশ্চিতভাৱে মৰ্চাটোৰ সকলো অংশীদাৰী দলৰ মাজত এক সুস্থ সমন্বয় ৰক্ষাৰে আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছিল৷ কিন্তু দেশৰ প্ৰধান ৰাজনৈতিক দলটোৱে চূড়ান্ত ৰাজনৈতিক অপৰিপক্বতাৰ নিদৰ্শন দাঙি ধৰি বিভিন্ন ক্ষেত্ৰত বিৰোধী মৰ্চাটোক চেৰাই গৈ নিজাববীয়া সিদ্ধান্তৰে ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰাৰ প্ৰচেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিততেই সামগ্ৰিকভাৱে ইণ্ডিয়া মৰ্চাটোৰ অস্তিত্বকেই সংকটৰ মুখলৈ ঠেলি দিলে৷ লোকসভা নিৰ্বাচনত দেশৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি ৰাজনৈতিক সফলতা লাভ কৰিলে,পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচনসমূহৰ দ্বাৰা অধিক সুদৃঢ় কৰি তোলাৰ প্ৰয়োজন আছিল৷ এই কাম কৰাৰ বাবে ইণ্ডিয়া মৰ্চাৰ সৰ্ববৃহৎ দল হিচাপে কংগ্ৰেছ দলে মৰ্চাটোৰ সকলো দলকে লগত লৈ চলাৰ প্ৰয়োজন আছিল৷ কিন্তু হাৰিয়ানাৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে অত্যধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ এককভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ সেই সময়ত কংগ্ৰেছ দলৰ লগত প্ৰাক্‌-নিৰ্বাচনী মিত্ৰতাৰ বাবে আম আদমি পাৰ্টী আৰু সমাজবাদী পাৰ্টীৰ লগত আলোচনা চলিছিল যদিও মূৰকত গৈ কোনো দলৰ লগতেই মিত্ৰতা স্থাপন নহ’ল৷ মহাৰাষ্ট্ৰ নিৰ্বাচনতো মহাবিকাশ আগাড়ীৰ অংশীদাৰী হিচাপে কংগ্ৰেছ দলে ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি কেৱল মাত্ৰ ১৬খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ কংগ্ৰেছ দলৰ অপৰিপক্ব ৰাজনৈতিক সিদ্ধান্তৰ বাবেই সামগ্ৰিকভাৱে ইণ্ডিয়া মৰ্চা বিপাঙত পৰিছে৷ জম্মু আৰু কাশ্মীৰ আৰু ঝাৰখণ্ডত কংগ্ৰেছ দল শাসনাধিষ্ঠিত মৰ্চাৰ সহযোগী যদিও এই দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়ত মুখ্য ভূমিকা পালন কৰিছিল মূলতঃ নেশ্বনেল কনফাৰেন্স আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই৷ সংসদৰ শীতকালীন অধিৱেশনত কিছুক্ষেত্ৰত বিৰোধী পক্ষই একতা প্ৰদৰ্শন কৰিছিল যদিও অন্যান্য কিছুমান বিষয়ত ইণ্ডিয়া মৰ্চাৰ অংশীদাৰী দলসমূহৰ মাজত বিভেদ বিদ্যমান হৈ পৰিছে৷ বিশেষকৈ কংগ্ৰেছ দলে সঘনাই উত্থাপন কৰি আদানি গোষ্ঠীৰ দুৰ্নীতি সন্দৰ্ভত ইণ্ডিয়া মৰ্চাৰ অন্যান্য দলসমূহে নিজকে নিলগাই আনিছে৷ দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে কংগ্ৰেছ দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাত আবদ্ধ নোহোৱা সিদ্ধান্তয়ো কংগ্ৰেছ দলৰ ক্ৰমাগত দুৰ্বল ৰাজনৈতিক স্থিতিকে প্ৰতিপন্ন কৰিছে৷ এনে এক পৰিস্থিতিত ইণ্ডিয়া মৰ্চাৰ দায়িত্ব ল’বলৈ তৃণমূল কংগ্ৰেছ মুৰব্বী মমতা বেনাৰ্জীয়ে আগ্ৰহ প্ৰকাশ কৰি কংগ্ৰেছ দলক অধিক সংকটৰ মাজলৈ ঠেলি দিছে৷ ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী তেজস্বী যাদৱেও ইণ্ডিয়া মৰ্চাৰ নেতৃত্বৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত হোৱা নাই বুলি আগবঢ়োৱা মন্তব্যয়ো ৰাহুল গান্ধীৰ স্ব-ঘোষিত নেতৃত্বক প্রত্যাহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধী মৰ্চাৰ অভ্যন্তৰণত নেতৃত্বক লৈ চলি থকা স্ব-বিৰোধী স্থিতিক পুনৰবাৰ উদঙাই দিছে৷ বৰ্তমানৰ ইণ্ডিয়া মৰ্চাৰ প্ৰতিটো অংশীদাৰী দলেই নিজৰ ৰাজনৈতিক ভেটি গঢ়ি তুলিছে কংগ্ৰেছ দলৰ বিৰোধিতাৰে৷ অবিশ্বাস, মতাদৰ্শগত অন্তৰ্বিৰোধ আৰু কঠোৰ ৰাজনৈতিক প্ৰতিযোগিতাৰ ফলত ইণ্ডিয়া মৰ্চাৰ অৱস্থা ক্ৰমাৎ পূৰ্বতকৈও অধিক দুৰ্বল হৈ পৰিছে৷ এই বিৰোধী মৰ্চাটোৰ অংশীদাৰী দলসমূহে যিস্তৰৰ অসামঞ্জস্যপূৰ্ণ আৰু সুবিধাবাদী ৰাজনীতিৰ লিপ্ত হৈছে, তাৰ পৰা এটা কথা স্পষ্টকৈ ক’ব পাৰি যে এনে মৰ্চাৰ আয়ুস বেছি দীঘলীয়া নহয়৷