শীতকালত এনেদৰে যতন লওক ছালৰ
শীতকালত হোৱা প্ৰদূষণে সকলোতকৈ বেছি ক্ষতি কৰে ছালৰ৷ ছালৰ ওপৰত ধূলি-মাকতি জমা হোৱাৰ ফলত সৌন্দৰ্য হানি হোৱাৰ লগতে ক’লা দাগ পৰে৷ সাধাৰণতে শীতকালত ভালদৰে স্নান নকৰিলে ছালৰ ওপৰত জমা হোৱা মলিয়ন তৰপে ছালৰ ক্ষতি কৰাৰ লগতে চৰ্মৰোগ আদিৰ আশংকা বঢ়ায়৷ বহুতে ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে বজাৰত সহজতে উপলব্ধ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে৷ এই ৰাসায়নিক প্ৰসাধনে ছালৰ সৌন্দৰ্য বঢ়োৱাৰ বিপৰীতে ক্ষতি কৰে৷ এনেক্ষেত্ৰত প্ৰাকৃতিকভাৱেও ছালৰ যতন ল’ব পৰা যায়–
মৌঃ মৌত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিছেপ্টিক উপাদান থাকে৷ সেইবাবে মৌৰে ছাল মালিচ কৰিলে বিভিন্ন ধৰণৰ বীজাণুৰ পৰা ৰক্ষা পাব পাৰি৷ মৌৰ জৰিয়তে মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰি৷ মৌৱে ছালৰ আদ্ৰৰ্তা দীৰ্ঘসময়লৈকে ধৰি ৰাখিব পাৰে৷ মৌৰ ৰসত কেইটোপালমান নেমুৰ ৰস দি এটা মিশ্ৰণ তৈয়াৰ কৰি মুখ ধুলে মুখৰ উজ্জ্বলতা বাঢ়ে৷
গাখীৰঃ ছালৰ বাবে গাখীৰ অত্যন্ত উপকাৰী৷ মাজে মাজে গাখীৰেৰে মুখ ধুলে ছাল মসৃণ হয় আৰু ছালত জমা হোৱা ধূলি-মাকতি আঁতৰ হয়৷
বিলাহীঃ বিলাহীত এনে কিছুমান উপাদান আছে যিবোৰ ছালৰ বাবে অত্যন্ত উপযোগী৷ বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে৷ বিলাহী ৰসেৰে মুখ ধুলে মুখৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে দিনটোৰ কৰ্মব্যস্ততাৰ ফলত মুখত যি ক্লান্তিৰ ভাৱ ফুটি উঠে সেয়া সহজে আঁতৰ হয়৷
আলুঃ ছালৰ বাবে আলু অতি উত্তম৷ আলুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু আইৰণ থাকে৷ মুখৰ দাগ গুচাবলৈ আলুৰ ৰস অতি উপযোগী৷