Logo
image

বনভোজৰ বাবে চৰকাৰী নিৰ্দেশনা

শীতকালৰ আগমনৰ লগে লগে আৰম্ভ হয় বনভোজৰ বতৰ৷২০২৪ বৰ্ষ সমাপ্তিলৈ মাজতে কেইটামান দিন বাকী৷ বৰ্ষ সমাপ্তিৰ এই দিনকেইটা আৰু নতুন বছৰৰ প্ৰথম মাহটোত বনভোজস্থলীবোৰত বৃদ্ধি পায় জনসমাগম৷ দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা আঁতৰি বন্ধৰ দিনত বিভিন্ন শ্ৰেণীৰ লোকৰ ভিৰ দেখা যায় বনভোজস্থলীবোৰত৷উদ্দেশ্য   গতানুগতিকতাক পাহৰি কিছু সময়ৰ বাবে হ’লেও প্ৰাকৃতিক পৰিৱেশত লগে-ভাগে এসাঁজ খোৱা৷ কিন্তু পৰিতাপৰ কথাটো হৈছে যে এচাম উচ্ছৃংখল-উদণ্ড লোকৰ উদ্ভণ্ডালিয়ে বনভোজস্থলীবোৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো বৰ্তমান সাধাৰণ ঘটনা হৈ পৰিছে৷ এই দিশবোৰলৈ লক্ষ্য ৰাখি আন কেইবছৰৰ দৰে এইবাৰো কামৰূপ জিলা (মহানগৰ) প্ৰশাসনে গুৱাহাটীৰ আশে-পাশে থকা বিভিন্ন বনভোজস্থলীত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ এয়া কেৱল কামৰূপ জিলাৰেই কথা নহয়, আন কেইবাখন জিলা প্ৰশাসনেও সেই ঠাইবোৰৰ বনভোজস্থলীবোৰত অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে বনভোজস্থলীবোৰত সংঘটিত  অবাঞ্ছিত ঘটনাবোৰৰ মূল কাৰণ হৈছে সুৰা৷ বৰ্তমান প্ৰায়বোৰ মানুহৰে মনত এনে এটা ধাৰণা হৈছে যে সুৰা নহ’লে যেন বনভোজৰ কোনো অৰ্থ নাই৷ এনে এচাম লোকৰ বাবেই ৰাজ্যৰ বিভিন্ন বনভোজস্থলীৰ আশে-পাশে অবৈধভাৱে সুৰাৰ বেহা চলোৱাও দেখা যায়৷ এনেধৰণৰ কাৰ্যকলাপে বনভোজস্থলীবোৰৰপৰিৱেশ বিনষ্ট কৰে৷ এইবাৰ কামৰূপ জিলা (মহানগৰ) প্ৰশাসনে গুৱাহাটীৰ আশে-পাশে থকা বিভিন্ন বনভোজস্থলীত এনেধৰণৰ সুৰাৰ বেহা নিষিদ্ধ কৰিছে৷ আনহাতে, বনভোজলৈ ওলোৱা আৰু  বনভোজস্থলী ত্যাগ কৰাৰো সময় স্থিৰ কৰি দিয়া হৈছে৷ সেই অনুসৰি সূৰ্য উদয়ৰ পূৰ্বে যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বিয়লি ৪.৩০ বজাৰ পূৰ্বে বনভোজস্থলী ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷আন এটা মন কৰিবলগীয়া কথা হৈছে যে বনভোজলৈ যোৱা দলবোৰৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ মূল কাৰণ হৈছে  চালকসকলে সুৰাপান কৰি বাহন চলোৱা৷ বনভোজলৈ যোৱা বাহনৰ চালকে সুৰাপান কৰি বাহন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও এনেধৰণৰ কামৰ ওপৰত নজৰ ৰাখিব কোনে, সেয়া এটা ডাঙৰ প্ৰশ্ন৷ এটা কথাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে যে চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ অৰ্থ এয়া নহয় যে সকলো দায়িত্ব চৰকাৰেই ল’ব লাগিব৷ বনভোজলৈ যোৱা  লোকক নিৰাপদে লৈ যোৱা আৰু ঘূৰাই অনাৰ দায়িত্ব বাহনৰ চালকজনৰ৷ গতিকে চালকজনে যাতে সুৰাপান কৰি বাহন নচলায়, তাক নিশ্চিত কৰাৰ দায়িত্ব বনভোজলৈ যোৱা লোকসকলেও  ল’ব লাগে৷ চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা হৈছে যে বনভোজৰ দলবোৰে ক’ৰ পৰা যাত্ৰা কৰে আৰু লক্ষ্যস্থানৰ বিষয়ে স্থানীয় আৰক্ষী থানাত খবৰ দিয়াটো বাধ্যতামূলক৷ তাৰ লগতে  স্থানীয় লোকৰ সহযোগিতাত বনভোজস্থলীবোৰত আৰক্ষীৰ পহৰা নিশ্চিত কৰাৰো নিৰ্দেশ দিয়া হৈছে৷ নিঃসন্দেহে চৰকাৰৰ এয়া এক ইতিবাচক সিদ্ধান্ত৷ কিন্তু সকলো বনভোজস্থলীত পহৰা দিয়াৰ বাবে পৰ্যাপ্ত আৰক্ষীৰ লোক পোৱা যাবনে তাত সন্দেহৰ অৱকাশ থাকি যায়৷ বনভোজস্থলীবোৰত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাক নিশ্চিত কৰাৰ দায়িত্ব স্থানীয় লোকৰ ওপৰত ন্যস্ত কৰিলেহে সুফল পোৱা যাব৷ বনভোজস্থলীবোৰত অতিমাত্ৰা শব্দ কৰি গান বজোৱা আৰু  আতচবাজী জ্বলোৱাটোও নিষিদ্ধ কৰা হৈছে৷ এয়াও চৰকাৰৰ উচিত সিদ্ধান্ত বুলি ক’ব লাগিব৷বনভোজৰ দলৰ বৰ্ধিত সংখ্যাই বিভিন্ন বনভোজস্থলীৰ পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলৰ আৱাসীৰ বাবে সমস্যাৰ সৃষ্টি কৰে৷ সেয়েহে এই অঞ্চলবোৰ চাফ-চিকুণকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে৷ এনে ঠাইবোৰ একো একোখনপৰ্যটনস্থলী হিচাপেও যে গঢ় দিব পাৰি, সেই বিষয়েও আমি ভাবি চোৱা উচিত৷  বনভোজস্থলীবোৰৰ ওচৰ-পাঁজৰৰ আৱাসী আৰু বনভোজলৈ যোৱাসকলৰো বহুখিনি কৰিবলগীয়া আছে৷ বনভোজস্থলীবোৰলৈ যোৱা দলবোৰৰ পৰা নূ্যনতম মাচুল লৈ সেই ধন অঞ্চলবোৰ চাফ-চিকুণকৈ ৰখাত খৰচ কৰিব পৰা যায়৷ বনভোজৰ দলবোৰেও ভোজ-ভাত খাই উভতি অহাৰ পূৰ্বে পেলনীয়া সামগ্ৰীবোৰ এঠাইত জমা কৰি জ্বলাই থৈ আহিলে অঞ্চলটো পৰিষ্কাৰ কৰি ৰখাত সহায়ক হয়৷