Logo
image

ইতিহাসৰ নায়ক-খলনায়ক

১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোত ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানী সেনাবাহিনীক পৰাভূত কৰিছিল আৰু পাকিস্তান দুটুকুৰা হৈ নতুন স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সৃষ্টি হৈছিল৷ সেই দিনটোক ‘বিজয় দিৱস’ৰূপে উদ্‌যাপন কৰা হয়৷ মুছলিম লীগৰ ‘দ্বি-জাতিতত্ত্ব’ অৰ্থাৎ মুছলমানৰ বাবে এখন সুকীয়া দেশ গঢ়াৰ ফৰ্মূলাটো প্ৰথমতে অসাৰ বুলি প্ৰতিপন্ন হৈছিল যেতিয়া পাকিস্তানকৈ অধিক মুছলমান ভাৰততে ৰৈ গৈছিল৷ আৰু এই দ্বি-জাতিতত্ত্ব সমূলি ধূলিসাৎ হৈছিল যেতিয়া ভাষাৰ ভিত্তিত বাংলাভাষীসকলে পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ এখন নতুন ৰাষ্ট্ৰ বাংলাদেশ গঠন কৰিছিল৷ ভূপেন হাজৰিকাই গান লিখি নতুন ৰাষ্ট্ৰখনৰ জয়গান গাইছিল, ‘জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তি বাহিনী, ভাৰতীয় সৈন্যৰ স’তে ৰচিলা মৈত্ৰীৰ কাহিনী’৷ ভাৰতৰ সামৰিক হস্তক্ষেপ অবিহনে হয়তো বাংলাদেশ সৃষ্টি নহ’লহেঁতেন৷ আৰু ভাৰতৰ সামৰিক হস্তক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে৷ নিঃসন্দেহে সেয়া ইন্দিৰা গান্ধীৰ এক সাহসী আৰু নিৰ্ণায়ক সিদ্ধান্ত আছিল৷ ইন্দিৰা গান্ধীৰ সেই সময়ৰ সবল নেতৃত্বৰ পৃথিৱীজুৰি গুণগান হৈছিল৷ সেই সময়ত পৃথিৱীত দুটা মহাশক্তি আছিল, আমেৰিকা আৰু ছোভিয়েট সংঘ৷ ভাৰতৰ ছোভিয়েটৰ স’তে আৰু পাকিস্তানৰ আমেৰিকাৰ স’তে সুসম্পৰ্ক আছিল৷ ইন্দিৰা গান্ধীয়ে পূব-পাকিস্তানক স্বাধীন কৰি  বাংলাদেশ সৃষ্টি কৰাৰ বাবে সামৰিক হস্তক্ষেপ কৰাৰ সময়ত আমেৰিকাৰ পৰা প্ৰচণ্ড বাধাৰ সন্মুখীন হৈছিল৷ চীনৰ আক্ৰমণৰ সময়ৰ দৰেই ছোভিয়েট সংঘয়ো ভাৰতক বিশেষ একো সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ ইন্দিৰা গান্ধীয়ে এক প্ৰত্যাহ৩ানপূৰ্ণ আৰু সাহসী ৰাজনৈতিক সিদ্ধান্ত লৈছিল৷ স্বাধীন বাংলাদেশ সৃষ্টি হোৱাৰ পাছত ইন্দিৰা গান্ধীৰ এক সাহসী নেত্ৰীৰ ভাবমূৰ্তি গঢ়ি উঠিছিল, বিৰোধী নেতা অটল বিহাৰী বাজপেয়ীয়ে তেওঁক দুৰ্গা দেৱীৰ স’তে তুলনা কৰিছিল৷ বাংলাদেশত গণতন্ত্ৰ বিশেষ সফল নহ’ল৷ ১৯৭১ চনৰ পাছৰ পৰা বাংলাদেশত কেইবাবাৰো সামৰিক একনায়কত্ববাদী শাসন প্ৰতিষ্ঠা হৈছে৷ আৰু বাংলাদেশৰ কিছুমান চৰকাৰ ভাৰততকৈ পাকিস্তানৰহে অধিক ওচৰ চাপি গৈছে৷ বাংলাদেশৰ প্ৰতিজন সামৰিক একনায়কত্ববাদী শাসকে ভাৰততকৈ পাকিস্তানৰ স’তে ওচৰ সম্পৰ্ক গঢ়ি তুলিছে৷ শেহতীয়াকৈ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ২০০৯ চনৰ পৰা ২০২৪ চনলৈ বাংলাদেশৰ মুক্তিযুদ্ধত নেতৃত্ব দিয়া মুজিবুৰ ৰহমানৰ জীয়ৰী শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল আৰু তেওঁৰ চৰকাৰে ভাৰতৰ স’তে বন্ধুত্বমূলক সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতিৰ ফলত শ্বেখ হাছিনা সৌ সিদিনা ক্ষমতাৰ পৰা অপসাৰিত হ’ল, আনকি দেশ এৰি পলাব লগা হ’ল৷ পুনৰ বাংলাদেশত এখন তত্ত্বাৱধায়ক চৰকাৰ গঠন হৈছে৷ দেখ দেখকৈ মূল ক্ষমতা সামৰিক বাহিনীৰ হাতত থাকিব৷ বাংলাদেশ বৰ্তমান এক অস্থিৰ ৰাজনৈতিক সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে৷ অনাগত দিনত তাত কি ঘটিব, ভাৰতৰ স’তে দেশখনৰ সম্পৰ্ক কেনেকুৱা হ’ব, তাৰ এতিয়াই অনুমান কৰা কঠিনেই নহয় অসম্ভৱো৷ কিন্তু বাংলাদেশে ভাৰতৰ ‘বিগ ব্ৰাদাৰ’ বা ডাঙৰ ককায়েকৰ দৰে অভিভাৱকত্বপূৰ্ণ ব্যৱহাৰ যে পছন্দ নকৰে, সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ এইবাৰৰ ১৬ ডিচেম্বৰৰ বিজয় দিৱসৰ দিনাখন প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত (পূৰ্বৰ টুইটাৰ) এটা বাৰ্তা দিছিল৷ সেই বাৰ্তাত তেওঁ ভাৰতৰ সেনা বাহিনীয়ে পূব-পাকিস্তানৰ যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰি জয়লাভ কৰা ভাৰতীয় সেনা বাহিনীক প্ৰশংসা কৰিছিল আৰু বিজয় দিৱসৰ গৌৰৱোজ্জ্বল স্মৃতিক সুৱঁৰিছে৷ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনৰ আইন উপদেষ্টা ড॰ আছিফ নজৰুলে মোদীৰ এই এক্স বাৰ্তাৰ তীব্ৰ প্ৰতিবাদ কৰে৷ তেওঁ মোদীৰ এক্স বাৰ্তাটোৰ উদ্ধৃতি দি ফেচবুকত বাংলা ভাষাত লিখিছে, ‘তীব্ৰ প্ৰতিবাদ কৰছি৷ ১৬ ডিচেম্বৰ ১৯৭১ ছিল বাংলাদেশেৰ বিজয়েৰ দিন৷ ভাৰত ছিল এই বিজয়েৰ মিত্ৰ৷ এৰবেশি কিছু নয়৷’ বাংলাদেশৰ চৰকাৰৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছেও আছিফ নজৰুলৰ এই পোষ্ট পুনৰ পোষ্ট কৰিছে৷ দেখ-দেখকৈ বাংলাদেশৰ বৰ্তমানৰ শাসক ভাৰতৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব বিচাৰে৷ বাংলাদেশৰ স্বাধীনতা যুদ্ধত ভাৰত মাত্ৰ মিত্ৰহে আছিল, তাতকৈ বেছি একো নহয় বুলি কৈ বাংলাদেশে ভাৰতৰ ভূমিকাক নসাৎ নকৰিলেও তাক গুৰুত্বহীন কৰি পেলাব বিচাৰিছে৷ বাংলাদেশৰ বৰ্তমানে শাসন ক্ষমতা দখল কৰাসকলে আনকি শ্বেখ মুজিবুৰ ৰহমানৰ নামকেই বাংলাদেশৰ মুক্তি সংগ্ৰামৰ ইতিহাসৰ পৰা মচি পেলাব বিচাৰিছে৷ শ্বেখ মুজিবুৰক অস্বীকাৰ কৰা মানে ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীক বা দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামত নেলচন মেণ্ডেলাক অস্বীকাৰ কৰাৰ দৰে৷ একে সময়তে ভাৰতৰ বিজেপি চৰকাৰেও বাংলাদেশৰ মুক্তিযুদ্ধৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ ভূমিকাৰ বিষয়টো এৰাই চলি কেবল ভাৰতৰ সেনা বাহিনীকহে প্ৰশংসা কৰিছে৷ যি সময়ৰ সংবিধানৰ ৭৫সংখ্যক বছৰ উদ্‌যাপনৰ কালত বিজিপিয়ে জৰুৰীকালীন অৱস্থাৰ বিষয়টো উত্থাপন কৰি কংগ্ৰেছক শ’লঠেকত পেলাব বিচাৰি আছে, সেই সময়ত বিজয় দিৱসৰ দিনাখন ইন্দিৰা গান্ধীক তেওঁৰ প্ৰাপ্য প্ৰশংসাখিনিও বিজেপিয়ে ৰাজনৈতিক কাৰণত দিবলৈ অস্বীকাৰ কৰিছে৷ মোদীয়ে তেওঁৰ এক্স বাৰ্তাত ইন্দিৰা গান্ধীৰ নামো উল্লেখ কৰা নাই৷ ইতিহাস মানে প্ৰকৃততে যিখিনি ঘটিছিল সেইখিনি৷ কিন্তু কোনেও অতীতলৈ উভতি গৈ কি ঘটিছিল চাই আহিব নোৱাৰে৷ ভৱিষ্যতৰ প্ৰজন্মই সেই ইতিহাস যেনেদৰে লিখা হ’ব তেনেদৰেই তাক জানিব৷ গতিকে ইতিহাস হ’ল তাক যেনেদৰে লিখা হৈছে সেইখিনি৷ শাসকে নিজৰ স্বাৰ্থত নিজৰ ধৰণে ইতিহাস লিখি ল’ব পাৰে, আৰু সেই ইতিহাস নতুন প্ৰজন্মক পঢ়াব পাৰে৷ মুজিবুৰ ৰহমান, ইন্দিৰা গান্ধী আদিৰ ভূমিকাক নতুন ধৰণে ব্যাখ্যা কৰিব পাৰে৷ নায়কক খলনায়কত আৰু খলনায়কক নায়কত পৰিনত কৰিব পাৰে৷