Logo
image

নখ-দাঁতহীন হ’ল কেজৰিৱাল চৰকাৰ

নখ আৰু দাঁতহীন বাঘে যিদৰে চিকাৰ কৰিব নোৱাৰে, সেইদৰে এতিয়াৰ পৰা দিল্লীৰ কেজৰিৱাল চৰকাৰে নিজাকৈ আৰু কোনো সিদ্ধান্ত ল’ব নোৱাৰিব৷ কেন্দ্ৰীয় চৰকাৰে সংসদত আইন প্ৰণয়ন কৰাই এতিয়া ২৭ এপ্ৰিলৰ পৰা দিল্লী চৰকাৰৰ সকলো সিদ্ধান্তত দিল্লীৰ উপ-ৰাজ্যপালৰ অনুমতিক বাধ্যতামূলক কৰা হ’ল৷ এয়া দেখদেখকৈ ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি বুলি ইতিমধ্যে সমগ্ৰ দেশজুৰি ব্যাপক সমালোচনা হৈছে৷

স্বাভাৱিকভাৱেই দিল্লী দেশৰ ৰাজধানী হোৱাৰ বাবেই অন্য ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ তুলনাত দিল্লীৰ প্ৰশাসনিক ব্যৱস্থা বা তাৰ ৰাজ্য চৰকাৰৰ অধিকাৰ অন্য ৰাজ্যতকৈ পৃথক৷ কিন্তু এই ঘটনা আজিৰ নহয়, যেতিয়াৰ পৰাই দিল্লীক ৰাজ্যৰ মৰ্যাদা দিয়া হ’ল তেতিয়াৰ পৰাই এই ব্যৱস্থা চলি আহিছে৷ স্বাধীনতাৰ পাছত দিল্লীত ১৯৫২ চনত কংগ্ৰেছৰ নেতৃত্বত ৰাজ্য চৰকাৰ প্ৰতিষ্ঠা হৈছিল যদিও এই চৰকাৰে এটা কাৰ্যকাল অন্ত পৰাৰ পাছতে দিল্লীৰ ৰাজ্যৰ ব্যৱস্থাক সমাপ্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল কৰা হৈছিল৷ এই ব্যৱস্থা ১৯৯৩ চনলৈ চলাৰ পাছত সেই বছৰেই পুনৰ দিল্লীক ৰাজ্যৰ মৰ্যাদা দি নিৰ্বাচন অনুষ্ঠিত কৰিলে৷ নতুন ব্যৱস্থাৰ বাবে ১৯৯১ চনত কেন্দ্ৰীয় চৰকাৰে ‘গৱৰ্নমেণ্ট অৱ নেশ্বনেল কেপিটেল টেৰিটৰী অৱ দিল্লী’ আইন প্ৰণয়ন কৰে৷ এই আইনৰ অধীনতে বৰ্তমানলৈকে দিল্লীৰ শাসন ব্যৱস্থা পৰিচালিত হৈ আহিছিল৷ কিন্তু যেতিয়াই দিল্লীৰ শাসন নতুনকৈ প্ৰতিষ্ঠা হোৱা আম আদমী পাৰ্টীৰ হাতলৈ আহিল আৰু অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হ’ল, তেতিয়াৰ পৰাই দিল্লীৰ শাসন ক্ষমতাৰ কেন্দ্ৰবিন্দুক লৈ ব্যাপক মত-পাৰ্থক্য হ’বলৈ ধৰিলে৷ কেজৰিৱালে দিল্লী চৰকাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিবলৈ ধৰিলে৷ এই লৈ ধৰ্ণা-ধৰ্মঘট কৰাও দেখা গ’ল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে কেজৰিৱালৰ দাবীক মানি লোৱাৰ সদিচ্চা দেখুওৱা দূৰৰ কথা কেজৰিৱাল চৰকাৰৰ ওপৰত নিজৰ কৰ্তৃত্ব বৃদ্ধি কৰাৰ ব্যৱস্থাহে কৰিলে৷ এইখিনিতে ব্যাপক চৰ্চা হয় যে তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱা শিলা দীক্ষিতৰ শাসনকালত দিল্লীৰ ক্ষমতাক লৈ কোনো দ্বন্দ্ব হোৱা নাছিল, কিন্তু কেজৰিৱাল অহাৰ লগে লগে লগেহে মত-পাৰ্থক্য বাঢ়ি গ’ল৷ ৰাজনীতিত অৰবিন্দ কেজৰিৱালৰ উত্থান সম্পৰ্কত ভাৰতৰ প্ৰতিজন সচেতন মানুহ মাত্ৰেই জানে যে তেওঁ ৰাজনীতিত জনগণৰ এজন প্ৰকৃত বন্ধ³ৰূপেই প্ৰৱেশ কৰিছে আৰু সেয়ে যেতিয়াৰ পৰাই দিল্লীৰ শাসন ক্ষমতা জনতাই কেজৰিৱালৰ হাতত অপৰ্ণ কৰিলে, তেতিয়াৰ পৰাই দিল্লীৰ জনতাই শাসনৰ প্ৰকৃত সোৱাদ পোৱা আৰম্ভ কৰিলে৷ বিদ্যুৎ, খোৱাপানীৰ পৰা আৰম্ভ কৰি চিকিৎসা, যোগাযোগ ব্যৱস্থালৈকে দিল্লীৰ উন্নয়নৰ ক্ষেত্ৰত কেজৰিৱালে লোৱা ভূমিকাক সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ এনে অৱস্থাত দিল্লীত কেজৰিৱালৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰাটো বিজেপিৰ বাবে অসহ্যকৰ হৈ পৰিছিল৷ আনহাতে, দিল্লীৰ নিৰ্বাচনী ৰাজনীতিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যায় যে ১৯৯৩ চনত বিজেপিয়ে দিল্লী শাসন কৰিছিল; কিন্তু তাৰপাছৰ পৰা ধাৰাবাহিকভাৱে বিজেপি ক্ষমতাৰ বাহিৰত আছে যদিও ’৯৮ চনত ১৫খন আসন পোৱা বিজেপিয়ে ক্ৰমান্বয়ে দিল্লীৰ বিধানসভাত নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, যিটো ২০১৩ চনত ৩২খন হৈছিলগৈ৷ কিন্তু ২০১৩ চনত দিল্লীৰ ৰাজনীতিত কেজৰিৱালৰ প্ৰৱেশ ঘটাত বিজেপিৰ বাবে দিল্লী ৰাজ্যৰ ক্ষমতা দখলৰ সপোন সপোন হৈয়ে ৰ’ল৷ এনে অৱস্থাত কেজৰিৱালৰ ৰাজনীতিক যদি বাধা দিয়া নহয়, তেন্তে অদূৰ ভৱিষ্যতে বিজেপিৰ বাবে দিল্লীৰ মূল গাদীখনেই সংকটত পৰাৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে৷ যিহেতু গণতান্ত্ৰিক দেশ এখনত জনতাই ক্ষমতা দিয়া-নিদিয়াৰ সিদ্ধান্ত লয়, সেয়ে এইক্ষেত্ৰত বিজেপি দিল্লী ৰাজ্যৰ ক্ষমতা লাভ গণতান্ত্ৰিকভাৱে হস্তগত কৰিবলৈ সক্ষম নোহোৱাত এতিয়া সম্পূৰ্ণ অগণতান্ত্ৰিক-ফেচিষ্ট কায়দাৰে দিল্লীৰ ক্ষমতা কুক্ষিগত কৰাৰ বাবে ১৯৯১ চনত প্ৰণয়ন কৰা ‘গৱৰ্নমেণ্ট অৱ নেশ্বনেল কেপিটেল টেৰিটৰী অৱ দিল্লী’ আইনখন সংশোধন কৰিলে৷ কিন্তু এই কাৰ্যই বিজেপিৰ আচল চৰিত্ৰ প্ৰতিফলিত কৰিছে৷ সমগ্ৰ দিল্লী মহানগৰ এতিয়া কৰ’নাৰ গ্ৰাসত পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অক্সিজেনৰ অভাৱত মানুহৰ মৃতু্য হৈছে৷ অথচ বিজেপিশাসিত উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাই দিল্লীলৈ অক্সিজেন যোগানত বাধা দিয়াৰ অভিযোগ উঠিছে৷ তেনে সময়তে বিজেপি ব্যস্ত হৈ পৰিছে নিজৰ ক্ষমতা বৃদ্ধিৰ অংকত৷