Logo
image

নতুন আশা

অসম বিধানসভা নিৰ্বাচনৰ পৰ্ব শেষ হ’ল৷ কেইবাটাও দৃষ্টিকোণৰ পৰা এইবাৰৰ নিৰ্বাচনটোৱে বিশেষ তাৎপৰ্য বহন কৰিলে৷ প্ৰথম কথা বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ জনগণৰ ৰায় লাভ কৰিলে৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত বিজেপিয়ে ইমান বৃহৎসংখ্যক আসন লাভ কৰিব বুলি কোনেও ধাৰণা কৰিব পৰা নাছিল৷ কাৰণ পাঁচ বছৰীয়া এই চৰকাৰখনে মাত্ৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পৰা চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছিল৷ বিশেষকৈ অসম চুক্তিক অৱমাননা কৰি ‘কা’ প্ৰয়োগ কৰা ঘটনাই অসমীয়া জাতিক বেদনাহত কৰিছিল আৰু ৰাজপথ উত্তাল হৈ পৰিছিল বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ কেৱল ইমানেই নহয়, এই চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধি আৰু অসমৰ তেল, কয়লাৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ, শোধনাগাৰপৰ্যন্ত সম্পদসমূহ ব্যক্তিগতকৰণৰ বাবে লোৱা চৰকাৰী উদে্যাগৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছিল৷ কিন্তু নিৰ্বাচনত এই অসন্তুষ্টিৰ সামান্যতমো প্ৰতিফলন দেখা নগ’ল৷ বিজেপিয়ে দাবী কৰা মতে, ১০০+ নাপালেও এতিয়া অনাগত পাঁচ বছৰৰ বাবে তেওঁলোকে চিন্তামুক্ত হৈ শাসন কৰাৰ সুবিধা লাভ কৰিলে৷ দ্বিতীয় কথা, এখন চৰকাৰক প্ৰতিহত কৰি আন এটা দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে জনগণৰ মাজত সেই দলটোৱে বা পৰিস্থিতিয়ে জনগণৰ আস্থা অৰ্জন কৰিব পাৰিব লাগিব, কিন্তু নিৰ্বাচনৰ পূবেৰ্ এনে কিছুমান ঘটনা ঘটিল যিবোৰ ঘটনাই জনগণৰ পৰা আস্থা অৰ্জন কৰিব নোৱাৰিলে৷ অসম বিধানসভা নিৰ্বাচনলৈ চাৰি-পাঁচ মাহ বাকী থকা অৱস্থাত দুটাকৈ নতুন আঞ্চলিক দল প্ৰতিষ্ঠা হোৱা ঘটনাই জনগণক আশাহত কৰিলে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত গঠন হ’ল অসম জাতীয় পৰিষদ৷ এই উদে্যাগৰ পৰা অসমৰ আনটো গুৰুত্বপূৰ্ণ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিক বাহিৰত ৰখা হ’ল৷ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি সকলো একত্ৰিত হোৱাৰ আহ্বান থানবান হৈ পৰিল৷ পাছত ছাত্ৰ সন্থাৰ লগৰ পৰা যুৱ-ছাত্ৰ পৰিষদেও নিজকে একাষৰীয়া কৰিলে৷ ছাত্ৰ সন্থাৰ লুৰীণজ্যোতি গগৈক বাদ দি কোনো গুৰুত্বপূৰ্ণ নেতা দললৈ নাহিল৷ আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৰাইজৰ দল গঠন কৰাৰ লগে লগে ৰাইজ বিভ্ৰান্ত হৈ পৰিল৷ ৰাইজ কোনটো কেন্দ্ৰত সমাৱেশিত হ’ব! ৰাইজে মানিব পৰা নেতা অখিল গগৈও জে’লত বন্দী হৈ থাকিল৷ সেয়ে নিৰ্বাচনৰ পূৰ্বে আঞ্চলিকতাবাদৰ জোৱাৰ অনাৰ পৰা দুয়োটা দল বিফল হ’ল৷ অসমৰ আনটো বিৰোধী দল কংগ্ৰেছৰ স্থিতিয়েও বিজেপিকেই সহায় কৰা দেখা গ’ল৷ কংগ্ৰেছেও দুটা গোটত বিভক্ত হৈ পৰা আঞ্চলিক শক্তিৰ লগত জোঁটবন্ধন কৰাৰ পৰিৱৰ্তে সংখ্যালঘু ৰাইজৰ ত্ৰাণকৰ্তাৰূপে খ্যাত বদৰুদ্দিন আজমলৰ দল এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিলে৷ এই ঘটনাই সাম্প্ৰদায়িক বিজেপিক উৎসাহিত কৰিলে আৰু কংগ্ৰেছক বাংলাদেশীৰ ৰক্ষকৰূপে তুলি ধৰাত সফল হ’ল৷

বিজেপিয়ে এই দুটা বৃহৎ প্ৰত্যাহ্বানক হেলাৰঙে একাষৰীয়া কৰি নিজৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ কংগ্ৰেছে উজনি অসমত সঠিক ৰণকৌশল যুগুত কৰি আগবাঢ়িব নোৱৰাৰ বাবেই নিজৰ হাতত থকা দুখনমান আসন হেৰুৱাবহে লগা হ’ল বুলি ব্যাপক চৰ্চা হৈছে৷ আনহাতে, ২০২১ চনৰ নিৰ্বাচনত নতুন আঞ্চলিক দল দুটাই দেখুওৱা ফলাফলে আঞ্চলিক ৰাজনীতিৰ বেলি মাৰ যোৱা বুলিও চৰ্চা হৈছে৷ কিন্তু আঞ্চলিক ৰাজনীতিত অখিল গগৈৰ বিজয়ত আন এখন দুৱাৰ খোল খোৱাৰো সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ আঞ্চলিক সংগ্ৰামী ৰাজনীতি ভৱিষ্যতে অখিল গগৈৰ নেতৃত্বতে আগুৱাই যাব বুলি প্ৰকৃত জাতীয়তাবাদীসকলে বিশ্বাস কৰিছে৷

নিৰ্বাচনী ৰাজনীতিত বিজেপি দলে চৰকাৰ গঠনৰ বাবে যি জনমত লাভ কৰিলে, তাক সঠিক প্ৰয়োগ কৰি ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ সমাধানত অগ্ৰসৰ হওক, তাকেই এতিয়া ৰাইজে বিচাৰিছে৷