Logo
image

কৰ’না কাল! কোনে ভাবিব

ক’ভিড-১৯এ ইতিমধ্যে দেশৰ অৰ্থনীতিলৈ বিপৰ্যয় মাতি আনিছে, কিন্তু যিবোৰ পৰিয়াল পেটে-ভাতে চলি আছিল সেইসকল যে নিশ্চিত মৃতু্যৰ ফালে গতি কৰিছে, সেইটোও নিশ্চিত৷ স্বাভাৱিক সময়ত আন্দোলনকাৰীয়ে কোনো জাতীয় ইছ্যুত এদিন বন্ধ দিলেই চৌদিশে হুলস্থূল লাগে৷ দিনহাজিৰা কৰা ব্যক্তি, ঠেলা-ৰিক্সা চলোৱা ব্যক্তিৰ প্ৰেমত একাংশ গণতন্ত্ৰপ্ৰেমীয়েই নহয়, চৰকাৰেও সংগঠনক দোষাৰোপ কৰি দেশদ্ৰোহিতাৰ গোচৰপৰ্যন্ত তৰে৷ কিন্তু বিগত এটা বছৰে এইসকলে কেনেদৰে চলিছে তাৰ খবৰ কৰিবলৈ কাৰোবাৰ আহৰি আছেনে? কোনো হৃদয়ৱানে কোনোবা এদিন এটা পলিথিনৰ টোপোলাত চাউল-আলু কেইটামান দিলেই সেইসকলৰ অভাৱ পূৰণ হ’বনে? চৰকাৰে সান্ত্বনা লভিছে সম্পূৰ্ণ লকডাউন দিয়া নাই যেতিয়া কিছু অৰ্থনৈতিক কাম-কাজ চলিছে৷ সামান্য হ’লেও মানুহে উপাৰ্জন কৰিব পাৰিছে, কিন্তু সৰুকৈ এটা ডি টি পি কেন্দ্ৰ, সৰু প্ৰেছ খুলি উপাৰ্জন কৰিছিল সেইসকলে, দুঘণ্টাত কি কৰিব? যিসকলে জেৰক্সৰ দোকান খুলি উপাৰ্জন কৰিছিল, বৰ্তমান আদালত, কাৰ্যালয় সকলো বন্ধ, তেওঁলোকে কি কৰি উপাৰ্জন কৰিব? যিসকলে চাহৰ সৰু দোকান দি চলিছিল, দৈনিক ২০০ টকা উপাৰ্জন হৈছিল, সেইসকলৰ কি হ’ব? সৰু পাণ-তামোলৰ দোকানীসকলে ভাতৰ যোগাৰ কেনেকৈ কৰিছে? মাজতে তিনি মাহ বাদ দি বিয়া, সবাহ, পাৰ্টী সকলো বন্ধ, টেণ্ট হাউছৰ ব্যৱসায় কৰাসকলৰ কি অৱস্থা হৈছে? কেৱল সিমানেইনে? বেংকৰ পৰা ঋণ লৈ যিসকলে মেজিক চলাইছিল, টেম্প’, অট’ বা টেক্সি চলাইছিল, সেইসকলৰ উপাৰ্জন দূৰৰ কথা মাটি-ভেটি [থকাসকলে] বিক্ৰী কৰি বেংকৰ ঋণ পৰিশোধ কৰিব লাগিব৷ বিগত বৰ্ষত এইসকলে সুদৰ নহ’লেও মূলধনৰ কৃষ্টিৰ ধন পৰিশোধৰ বাবে ছমাহ সময় পাইছিল৷ এইবাৰতো সেইটোও কৰা নাই, কাৰণ চৰকাৰী ভাষাত লকডাউন হোৱা নাই৷ বৃহৎ ব্যৱসায়ীসকলে সাঁচতীয়া পুঁজিৰে চলিব, কিন্তু সেইসমূহ ব্যৱসায়ত জড়িত কৰ্মচাৰীসকলৰ কি অৱস্থা হ’ব? আনহাতে, চৰকাৰে তিনি ঘণ্টাৰ বাবে হ’লেও চহৰবোৰ খুলি দিছে৷ সেই সময়তে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় চলিছে, কিন্তু চৰকাৰে গ্ৰামাঞ্চলত সাপ্তাহিক বজাৰবোৰ বন্ধ কৰি দিলে– য’ত গাঁৱৰ সাধাৰণ খেতিয়কসকলে দুটা লাও, পাঁচ কেটি জিকা, পথৰ কাষৰ কচু-ঢেকীয়া বিক্ৰী কৰি সপ্তাহৰ নিমখ-তেলৰ খৰচ উলিয়াইছিল৷ সেইসকলৰ কি হৈছে বা হ’ব? শ শ লোক চহৰলৈ যায় প্ৰতিদিনে দিনহাজিৰা কৰাৰ বাবে, সেইসকলৰ হাজিৰা নকৰিলে পৰিয়াল নচলে৷ এতিয়া এইসকলৰ কথা চৰকাৰে নাভাবিলে এইসকলৰ কি হ’ব? চৰকাৰে যদি এইসকলক সকাহ নিদিয়ে, তেন্তে এইসকলৰ দুৰ্ভিক্ষত মৃত্যু নিশ্চিত হ’ব৷

বিগত বৰ্ষত কৰ’না লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছিল৷ কিন্তু এতিয়া চাহিদ জামিলৰ দৰে মহামাৰী বিশেষজ্ঞই চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যহীনতাক দোষাৰোপ কৰি চৰকাৰী দায়িত্বৰ পৰা অব্যাহতি লৈছে৷ সকলোৰে মনত আছে মোদী চৰকাৰে যেতিয়া ২০১৬ চনত অৰ্থনৈতিক দিশত হঠকাৰী সিদ্ধান্ত লৈছিল, তেতিয়া অমৰ্ত্য সেনৰ দৰে অৰ্থনীতিবিদে চৰকাৰী সমিতিৰ পৰা চৰকাৰৰ অবিবেচক কাণ্ডৰ সমালোচনা কৰি পদত্যাগ কৰিছিল৷ ৰঘুৰাম ৰাজনৰ দৰে বিশ্ব সমাদৃত অৰ্থনীতিবিদে ৰিজাৰ্ভ বেংকৰ পৰা পদত্যাগ কৰিছিল৷ এইবোৰ ঘটনাই চৰকাৰক টলাব পৰা নাছিল৷ এতিয়াও চাহিদ জামিলৰ কথাই যে চৰকাৰক টলাব নোৱাৰে সেইটো নিশ্চিত৷ কিন্তু নিয়ন্ত্ৰিত কৰ’নাক চৰকাৰেই যে অনিয়ন্ত্ৰিত অৱস্থালৈ নিলে সেইটো নিশ্চিত৷ এতিয়া পুনৰ জনগণৰ মূৰত মাধমাৰ শোধাই কৰ’না নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে৷ বিগত বৰ্ষৰ দৰেই এইবাৰো জনগণে সহায় কৰিব, কিন্তু ওপৰত উল্লেখ কৰা জনগণক চৰকাৰে সহায় কৰিবনে? নে এইসকলক কৰ’নাত নহ’লেও দুৰ্ভিক্ষত মৰিবলৈ এৰি দিব৷