Logo
image

স্বাস্থ্যসেৱা ব্যৱস্থাপনা

বিগত বৰ্ষত ক’ভিড-১৯ অতিমাৰীৰ প্ৰথম ঢৌৰ সময়ত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে যি স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰিছিল, তাত অসন্তুষ্ট হোৱা মানুহৰ সংখ্যা কমেই আছিল৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হোৱাত স্বাস্থ্যমন্ত্ৰীৰ সেই ব্যৱস্থাপনাই নিঃসন্দেহে ইতিবাচক অৰিহণা আগবঢ়াইছিল৷ ক’ভিড-১৯ অতিমাৰীৰ দ্বিতীয় ঢৌৰ সময়ত কথাবোৰ সলনি হৈ গ’ল৷ ক’ভিডৰ প্ৰথম ঢৌৰ ব্যৱস্থাপনাই নিৰ্বাচনী বৈতৰণী হেলাৰঙে পাৰ হোৱাত সহায় কৰিলে আৰু নিৰ্বাচনী ঢৌৱে ক’ভিডৰ দ্বিতীয় ঢৌ অহাত অৰিহণা যোগালে৷ এই কথা স্বয়ং বিশ্ব স্বাস্থ্য সংস্থায়ো স্বীকাৰ কৰিছে৷ আকৌ, স্বাস্থ্যমন্ত্ৰীজন মুখ্যমন্ত্ৰীৰ স্থলাভিষিক্ত হোৱাত স্বাস্থ্যসেৱা ব্যৱস্থাপনাৰ দায়িত্বত নতুন মন্ত্ৰী আহিল৷ যিমানেই দক্ষ নহওক কিয়, নতুন মন্ত্ৰী মহন্তক ক’ভিডৰ পৰাক্ৰমী দ্বিতীয় ঢৌ চম্ভালি ল’বলৈ স্বাভাৱিকতেই সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু, ক’ভিডৰ আক্ৰমণ বিয়পি পৰিবলৈ সময়ৰ প্ৰয়োজন নহয়৷ কাজেই পৰিস্থিতি বিষম হৈ পৰিছে৷ মুখ্যমন্ত্ৰীয়ে মাজনিশা আকস্মিক পৰিদৰ্শন কৰি চিকিৎসালয়ত জ্যেষ্ঠ ডাক্তৰৰ উপস্থিতি তলব কৰিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ১০৮ এম্বুলেন্সত পাণ জপাদি জাপি ক’ভিড ৰোগীক ক’ভিড কেন্দ্ৰলৈ নিয়া হৈছে৷ কোনো কোনোৱে ১০৪ সেৱা কেন্দ্ৰত সহায় বিচৰাত ‘ট্ৰেকাৰ’ত উঠিয়েই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ যাবলৈ পৰামৰ্শ দিছে৷ ক’ভিড ৰোগী এনেদৰে ‘ট্ৰেকাৰ’ত বা ৰাজহুৱা পৰিবহণত অহা-যোৱাৰ ফল কি হ’ব বা হৈছে, সেয়া সহজেই অনুমেয়৷ কোনো কোনোৱে অভিযোগ কৰিছে যে ‘ওপৰ মহল’ত চিনাকি নাথাকিলে হাস্পতাল, ক’ভিড কেন্দ্ৰ অথবা এম্বুলেন্সৰ সেৱা নাপায়৷ ব্যক্তিগত চিকিৎসালয়লৈ সকলোৱে যাব নোৱাৰে৷ কোনো কোনোৱে আকৌ আই চি ইউত কোনো চিকিৎসক নথকাৰ অভিযোগ কৰিছে৷ আনকি ৰাতি ৰাতি নাৰ্ছপৰ্যন্ত নথকাৰ অভিযোগো কাকতে-পত্ৰই ওলাইছে৷ কোনোৱে আকৌ সৰুসজাই ক’ভিড কেন্দ্ৰত চিকিৎসক তথা চিকিৎসা একোকে নেদেখি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ‘টুইট’যোগে বাৰ্তা পঠোৱাৰ পাছত উপযুক্ত কাৰ্যব্যৱস্থা লোৱা বুলিও বেকত কৰিছে৷ এনে এশ-এবুৰি অভাৱ-অভিযোগেৰে বাতৰিকাকত তথা ছ’চিয়েল মিডিয়াৰ পৃষ্ঠা ভৰি থাকে৷ তদুপৰি মুখে মুখে কৰা অভিযোগবোৰতো আছেই৷ আকৌ, ভেকচিনৰ ক্ষেত্ৰতো একেই কথা৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন আছে বুলি কোৱাৰ বিপৰীতে ৰাইজৰ মাজত ভেকচিনৰ বাবে হোৱা হাহাকাৰ পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি বিগত এক-ডেৰ দশকত যথেষ্ট উন্নত হৈছে, এই কথা স্বীকাৰ নকৰাকৈ কোনেও নাথাকে৷ একেদৰে, ক’ভিড অতিমাৰীৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবেও ৰাজ্যখনত পৰিকাঠামো নিৰ্মাণ কৰা হৈছে৷ তৎসত্ত্বেও কিয় এই বিসংগতিৰ সৃষ্টি হৈছে? অদক্ষ ব্যৱস্থাপনা নে মানৱ সম্পদৰ অভাৱ? এইবোৰ কথাৰ সঠিক বিশ্লেষণ হোৱা উচিত৷ কেৱল আজিৰ পৰিস্থিতিৰ ক্ষেত্ৰতেই নহয়, ভৱিষ্যতৰ পটভূমিতো এই কথাবোৰ ফঁহিয়াই চোৱা উচিত৷ অলপতে, মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত সদৰী কৰিছে যে ৰাজ্যৰ প্ৰতিখন জিলাতেই কেন্সাৰ চিকিৎসাৰ সুবিধা কৰি দিয়া হ’ব৷ ডাক্তৰ, নাৰ্ছ, সহযোগী ষ্টাফ ক’ৰপৰা আহিব? বৰ্তমান যিমানসংখ্যক চিকিৎসালয় বা স্বাস্থ্যসেৱা কেন্দ্ৰ আছে, তাত পৰ্যাপ্তসংখ্যক ডাক্তৰ, নাৰ্ছ তথা সহযোগী আছেনে? আকৌ, কেন্সাৰ চিকিৎসা সেৱাৰ সম্প্ৰসাৰণৰ তুলনাত কেন্সাৰ প্ৰতিৰোধ ব্যৱস্থাটো অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা নাছিলনে? গুট্‌খাজাতীয় সামগ্ৰীবোৰৰ বিক্ৰী নিয়ন্ত্ৰণ নকৰাকৈ অথবা প্ৰদূষণ [যিটো উত্তৰ-পূবৰ কেন্সাৰৰ অন্যতম কাৰণ বুলি চিহ্নিত হৈছে] নিয়ন্ত্ৰণৰ ব্যৱস্থাবোৰ কাৰ্যকৰী নকৰাকৈ, কেৱল হাস্পতাল নিৰ্মাণ কৰিলেই উপযুক্ত ব্যৱস্থা লোৱা হ’বনে? নতুন স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে কোনদিনা ক’ত মিটিং পাতিলে, কি কি কথা আলোচনা কৰিলে, সেইবোৰৰ ফটো ছ’চিয়েল মিডিয়াতো ‘আপলোড’ কৰিবলৈ লৈছেই৷ গতিকে, এনেবোৰ গুৰুত্বপূৰ্ণ কথাও আলোচনাৰ মাজলৈ আনক আৰু কেৱল ‘প্ৰদৰ্শনমূলক মনোভাবে’ৰে কাম নকৰি বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰক৷