Logo
image

আলফাৰ যুদ্ধবিৰতি আৰু অপহৃতৰ মুক্তিৰ পাছৰ পৰিস্থিতি

ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলফা [স্বা]ই  অপহৃত ৰিতুল শইকীয়াক মুকলি কৰি দিছে৷ এইটো ভাল কথা হৈছে, আৰু সকলোৱে ভাল পাইছে৷ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে আলোচনাৰ বাট এটা মুকলি হোৱা যেন লাগিছে৷ এটা আশাৰ ৰেঙণি দেখা গৈছে৷ পিছে, অতীতৰ বহু অভিজ্ঞতা আৰু শেহতীয়া প্ৰস্তাৱিত নগা শান্তি চুক্তিৰ বৰ্তমান অৱস্থা দেখি বহুত বেছি উৎসাহিত হোৱাৰো কাৰণ নাই৷ আলফা[স্বা]ই বিচাৰি আছে স্বাধীন অসমৰ বিষয়ে আলোচনা হ’ব লাগে আৰু ৰাষ্ট্ৰসংঘৰ সদস্যৰ উপস্থতিত বেলেগ দেশত আলোচনা হ’ব লাগে৷ এই স্থিতিত লাগি থকা কাৰণে ইমানদিন আলোচনাই হোৱা নাই৷ এতিয়া যদি চৰ্তহীন আলোচনাৰ বাবে আগবাঢ়ি আহে, আলোচনা আগবাঢ়িব পাৰিব৷ এবাৰ আলোচনা হ’লে দুয়োটা পক্ষৰ সমস্যা সমাধানত আগ্ৰহ কিমান কিছু পৰিমাণে বুজা যাব৷ আলফা[স্বা]ৰ সেনাধ্যক্ষই নিজৰফালৰ পৰা তিনিমহীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে৷ এই কথাই বহু দিশ উন্মোচিত কৰাৰ লগতে বহু প্ৰশ্নৰো সৃষ্টি কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী সম্পৰ্কত আলফা[স্বা]ৰ সেনাধ্যক্ষই তোষামোদৰ লেখীয়াকৈ কৰা প্ৰয়োজনাধিক মন্তব্যৰ পৰাও কিছু কথাৰ ইংগিত পোৱা গৈছে৷ অসমৰ ৰাইজেও বিচাৰে সমস্যাটোৰ সমাধান হওক৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যদি নিজৰ গুৰুত্ব বঢ়োৱাতকৈ সঠিক আলোচনা অনুষ্ঠিত কৰাত গুৰুত্ব দিয়ে, এইবাৰ কিবা এটা হ’ব পাৰে! বাহিৰত থকা আলফা সদস্য আৰু আন উগ্ৰপন্থী সংগঠনবিলাকৰ মনোভাবৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিছে৷ 

আলফা[স্বা]ই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ পাছত ঘৰৰ মানুহ আৰু ওচৰ-চুবুৰীয়াসকল আনন্দত আত্মহাৰা হোৱা দেখা গ’ল৷ ঘৰৰ মানুহ, গাঁৱৰ মানুহ, আপোন মানুহ বা এজন নিৰপৰাধী মানুহ অপহৰণৰ পাছত সম্ভাব্য মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি অহাটো নিশ্চিতভাৱে আনন্দৰ বিষয় হ’ব৷ কিন্তু, দুৰ্যোগৰ এই দুঃসময়ত সেই আনন্দ মাছে-মঙহে খোৱাৰ আনন্দলৈ পৰিৱৰ্তন হ’ব নালাগিছিল৷

দেখা গ’ল ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ পাছতে চৰকাৰ আৰু প্ৰশাসনৰ সন্মুখতে সামাজিক ব্যৱধানক জলাঞ্জলি দি বিষয়টোক উৎসৱলৈ পৰিৱৰ্তন কৰা হ’ল৷ চৰকাৰৰ বিষয়ববীয়াৰ চকুৰ আগতে চৰকাৰে দিয়া এছ অ’ পিক সম্পূৰ্ণৰূপে ধোঁৱাচাঙত তোলা হ’ল৷ গোটৈই দিনজুৰি ক’ভিডৰ নিয়ম-নীতি ভংগ কৰি টিভিত দেখুৱাই থকা হ’ল৷

কেইটামান দৃশ্য-শ্ৰাব্য মাধ্যমে অপহৃত ৰিতুল শইকীয়াৰ মুক্তিৰ গোটেই বিষয়টোক উৎসৱলৈ পৰিণত কৰাত আগভাগ লোৱা দেখা গ’ল, যিটোৱে হয়তো সচেতনমহলক চিন্তিত কৰি তুলিছে৷ যদি তোলা নাই সেয়াও লক্ষণীয় হ’ব৷

অনুমান কৰা হৈছে, ৰিতুল শইকীয়াৰ মুক্তিৰ পাছৰ আনন্দোসৱৰ ঘটনাৱলীয়ে ৰাজ্যত চলি থকা ক’ভিডবিৰোধী যুদ্ধখনক ভালেখিনি দুৰ্বল কৰিলে৷ মানুহক চৰকাৰৰ নিয়ম ভংগ কৰিবলৈ অনুমতি দিয়া হ’ল৷ অপহৃতৰ পত্নী আৰু কণমানি সন্তানক মাস্ক অবিহনে বিপজ্জনক ৰূপত বাৰে বাৰে প্ৰদৰ্শন কৰা হ’ল৷ ঘটনাৰ লগত মুখ্যমন্ত্ৰীৰ দক্ষতাৰ প্ৰমাণ কৰিবলৈ এক প্ৰচেষ্টা চলোৱা হ’ল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াৰ ঘৰলৈ যোৱা, কণমানি শিশুটোক কোলাত তুলি লোৱা আগৰ দৃশ্যবোৰো মাজে মাজে দেখুৱাই থকা হ’ল৷

আমাৰ দেশ আৰু ৰাজ্যখনত সকলো কথাকে উৎসৱলৈ পৰিৱৰ্তন কৰাৰ এক প্ৰৱণতা আৰম্ভ হৈছে৷ এই উৎসৱ প্ৰৱণতাৰ বাবেই ভাৰতৰ লগতে অসমে হয়তো চলি থকা যুদ্ধখনত বেয়াকৈ হাৰি যাব লাগিব! এনে কামতো এচাম লোকে প্ৰশংসাৰে উপচাই দিয়া দেখা গৈছে৷ দুৰ্যোগে বিধবস্ত কৰা সময়ত এনে কামক কেৱল  স্বাৰ্থপৰ, সুবিধাবাদী আৰু মূৰ্খইহে তাৰিফ কৰিব পাৰে৷ এনে গতিত কথাকাণ্ডবোৰ চলি থাকিলে বা চলিবলৈ দিলে এছঅ’পি বা দুৰ্যোগ প্ৰশমন আইন আদি একেবাৰে অৰ্থহীন হৈ পৰিব আৰু জানি-শুনি তৃতীয় লহৰক সোনকালে আমন্ত্ৰণ কৰাৰ দৰে হ’ব৷