Logo
image

কৰ’নাৰ দ্বিতীয় ঢৌ, ভেকচিন আৰু চৰকাৰৰ দায়িত্ব

লকডাউন আৰু কঠোৰ নীতি-নিৰ্দেশনাৰ বাবে শেহতীয়াকৈ দেশত কৰ’নাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে৷ কিন্তু মৃত্যুৰ হাৰ এতিয়াও উদ্বেগজনক হৈ আছে৷ ভাৰতত কৰ’নাৰ টিকাকৰণ আৰম্ভ হোৱাৰ পাছত সৰ্বসাধাৰণে সকাহ পাইছিল যদিও ১৮ৰপৰা ৪৪ বছৰৰ লোকৰ বাবে টিকাকৰণ অভিযান আৰম্ভ কৰাৰ পাছতে দেশত ভেকচিনৰ নাটনি আৰম্ভ হৈছে৷ ইতিমধ্যে ভেকচিনৰ প্ৰথমটো ড’জ লোৱা বহু লোকে দ্বিতীয়টো ড’জ লোৱাৰ বাবে হাবাথুৰি  খাবলগীয়া হৈছে৷ ইয়াৰ সুযোগ লৈ একাংশ লোকে চৰা দামত ভেকচিন বিক্ৰী কৰি মুনাফা আদায় কৰাৰো অভিযোগ উত্থাপন হৈছে৷ এটা কথা মন কৰিবলগীয়া যে যোৱা বছৰ যেতিয়া কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল, সেই সময়ত মূলতঃ বয়স্ক লোকসকল ভাইৰাছৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হৈছিল৷ 

ইয়াৰ মূল কাৰণ হিচাপে কোৱা হৈছিল যে বয়স্ক লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বয়সীয়া লোকতকৈ তুলনামূলকভাৱে কম৷ কিন্তু কৰ’নাৰ দ্বিতীয়টো ঢৌৱে শিশুৰ লগতে কম বয়সীয়া লোককো আক্ৰমণ কৰিছে৷ ভাইৰাছসৃষ্ট সমস্যাৰ বাবে কম বয়সীয়া লোকৰ মৃত্যুৰ হাৰো উদ্বেগজনক হৈ পৰিছে৷ কৰ’নাৰ দ্বিতীয়টো লহৰে সৰ্বাধিক আক্ৰান্ত কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰ চৰকাৰৰ তথ্য অনুসৰি চলিত বৰ্ষত জানুৱাৰীৰ পৰা ৯ মে’লৈকে  অনূৰ্ধ্ব ৩০ বছৰৰ ৬৫১জন লোকৰ ক’ভিডজনিত কাৰণত মৃত্যু হৈছে৷ এয়া কেৱল মহাৰাষ্ট্ৰৰে কথা নহয়, দুদিন পূৰ্বে প্ৰকাশ পোৱা এটা বাতৰি অনুসৰি ৰাজস্থানৰ দুংগাৰপুৰ নামৰ জিলাখনত তিনিশতকৈ অধিক শিশু কৰ’নাত আক্ৰান্ত হৈছে৷ চলিত বছৰত ভাৰতত ৪০ বছৰৰ পৰা ৬০ বছৰৰ লোক বেছিকৈ ক’ভিডত আক্ৰান্ত হৈছে আৰু পূৰ্বৰ পৰা আন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীৰ জটিলতা বৃদ্ধি পাইছে৷

বিশেষজ্ঞসকলৰ মতে, ভাৰতত বিগত দুই-তিনিমাহত দেখা গৈছে যে ৩০ বছৰৰ পৰা ৫০-৬০ বছৰলৈকে বহুসংখ্যক লোক কৰ’নাত  আক্ৰান্ত হৈছে৷ বহুতৰ ক্ষেত্ৰত দেখা গৈছে যে আক্ৰান্ত হোৱাৰ পাছতো কম বয়সত ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থকা বুলি  ভাবিয়েই প্ৰথমাৱস্থাত আক্ৰান্তক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে ঘৰতেই চিকিৎসা চলাই থকা হয়৷ ফলত সংক্ৰমণ বৃদ্ধি পাই শৰীৰত জটিলতাৰ সৃষ্টি কৰে৷ হাস্পতালত ভৰ্তি হোৱা বহু কম বয়সীয়া ৰোগীৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁলোকৰ হৃদযন্ত্ৰ, বৃক্ক আৰু হাঁওফাঁও সুস্থ আৰু সবল৷ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি৷ তথাপি দেখা গৈছে সংক্ৰমণজনিত জটিলতা৷ সেইবাবে চিকিৎসা বিশেষজ্ঞসকলে  ভাইৰাছৰ পৰা সকলোকে সতৰ্ক থকাৰ পৰামৰ্শ  আগবঢ়াইছে৷ বিশেষজ্ঞসকলে ইতিমধ্যে কৰ’নাৰ তৃতীয়টো লহৰক লৈও ভৱিষ্যদ্বাণী কৰিছে৷ কৰ’নাৰ পৰৱৰ্তী ৰূপটো শিশু আৰু কম বয়সীয়া লোকৰ বাবে অধিক ভয়াৱহ হ’ব পাৰে বুলিও কোৱা হৈছে৷ সেইবাবে চৰকাৰে এতিয়াই কৰ’নাৰ তৃতীয়টো ঢৌৰৰ সৈতে যুঁজিবলৈ সাজু হোৱা উচিত৷ কৰ’নাৰ প্ৰথমটো ঢৌৱে আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী আদি উন্নত দেশত সংহাৰ চলোৱাৰ পাছত সেই দেশবোৰ পৰৱৰ্তী পৰ্যায়ত যথেষ্ট সতৰ্ক হোৱা দেখা গৈছিল আৰু তাৰেই ফলত সেই দেশবোৰত কৰ’নাৰ স্থিতি নিয়ন্ত্ৰণলৈ আহিছে৷ তাৰ লগতে সঠিকভাৱে টিকাকৰণ কৰাটোও এক দৃঢ় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ভাৰততো সকলো বয়সৰ লোকৰ বাবে টিকাকৰণৰ অভিযান সামৰি লোৱা উচিত৷ দেশৰ সকলো স্তৰৰ লোকে ভেকচিন লোৱাটো নিশ্চিত কৰাৰ পৰিৱৰ্তে মোদী চৰকাৰে ৬ কোটি ভেকচিন আন দেশলৈ পঠিওৱাৰ সিদ্ধান্তক লৈও বিতৰ্কৰ সৃষ্টি হৈছে৷ ভাৰতত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটোও যথেষ্ট লেহেমীয়া হৈছে আৰু এইক্ষেত্ৰত চৰকাৰেও প্ৰয়োজনীয় ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ এটা কথা অৱশ্যে স্বীকাৰ কৰিব লাগিব যে ভাৰতৰ দৰে  বৃহৎ জনসংখ্যাৰ দেশ এখনত ভেক্‌চিনেশ্বন কাৰ্যসূচী ইমান সোনকালে সম্পূৰ্ণ কৰাটো সহজ কথা নহয়৷ তথাপি এই মুহূৰ্তত  দেশৰ সকলো অঞ্চললৈ ভেকচিন প্ৰেৰণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান দায়িত্ব হোৱা উচিত৷ ভাৰত চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশখনত কালৰূপ ধাৰণ কৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে কেইবাখনো দেশৰ বিশেষজ্ঞই সমালোচনা কৰিছে৷ এই সমালোচনাৰ পৰা শিক্ষা লৈ নৰেন্দ্ৰ মোদী চৰকাৰে আৰু অধিক ক্ষয়-ক্ষতিৰ পৰা দেশখনক বচাবলৈ অচিৰেই উচিত পদক্ষেপ লওক৷ অন্যথা চৰকাৰখনৰ ওপৰত থকা দেশবাসীৰ আস্থা হ্ৰাস পাবলৈ অধিক সময় নালাগিব৷