Logo
image

প্ৰতিকূলতাৰ মাজত সেমেকিছে পূজা

আমাৰ অসম, ১৩ অক্টোবৰঃ ‘যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ, যা দেৱী সৰ্বভূতেষু মাতৃৰূপেন সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ,’ দেৱী বন্দনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ চৌদিশ৷ শংখ, ঘণ্টা, আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰধবনিৰে মহিষমৰ্দিনীৰ পূজা-অৰ্চনা কৰা হৈছে৷ যথাবিহিত বিধিৰে সোমবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিমা স্থাপন কৰাৰ পাছত মঙলবাৰে মহাসপ্তমীত বিহিত পূজা, চণ্ডীপাঠ, পুষ্পাঞ্জলি প্ৰদান আৰু সন্ধিয়া আৰতিৰে দেৱীৰ আৰাধনা কৰা হয়৷ অৱশ্যে ক’ভিডে সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ৰাজ্যৰ জনগণৰ মাজত দুৰ্গোৎসৱৰ পূৰ্বৰ উছাহ উদ্দীপনা৷ এফালে ক’ভিড মহামাৰীৰ ভয় আনফালে আকাশলংঘী মূল্যবৃদ্ধি৷ যাৰ ফলত সৰ্বসাধাৰণে উৎসৱৰ উদ্দীপনাৰ পৰা বিৰত থাকিবলগীয়া হৈছে৷ পূৰ্বৰ আড়ম্বৰ, জাক-জমকতাৰে বিপৰীতে কেৱল ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে৷ চৰকাৰী সকলো ক’ভিড বিধি মানি ৰাজ্যৰ  লগতে গুৱাহাটীৰ আগশাৰীৰ পূজা কমিটী সমূহে সীমিত বাজেটেৰে এইবাৰ দুৰ্গোৎসৱৰ আয়োজন কৰিছে৷ দুৰ্গতিনাশিনীৰ আশিষ বিচাৰি মঙলবাৰে ভক্তসকলে দুৰ্গা মন্দিৰ আৰু পূজা মণ্ডপসমূহলৈ যায় যদিও পূৰ্বৰ দৰে নাই ভিৰ৷ বুধবাৰে দেৱীৰ মহাঅষ্টমী পূজা, বৃহস্পতিবাৰে মহা নৱমী পূজা আৰু শুকুৰবাৰে দুৰ্গাদেৱীৰ দশমী পূজাৰ পাছত দেৱী বিসৰ্জন দিয়া হ’ব৷ মহাশান্তি, পুষ্পাঞ্জলি প্ৰদান, স্তৱপাঠ, আৰতিৰে মা দুৰ্গাক আৰাধনা কৰা হ’ব৷ এইবাৰ দেৱীৰ ঘোৰাঁত আগমণ ঘটিছে আৰু দোলাত গমন হ’ব৷ ঢাক ঢোলৰ শব্দই শদিয়াৰ পৰা ধুবুৰীলৈ শাৰদীয় দুৰ্গোৎসৱৰ বতৰা বিলাইছে৷ ইফালে, মহানগৰীৰ সুৱাগপুৰ দুৰ্গা পূজা সমিতিৰ পূজা থলীত মঙলবাৰে স্মৃতিগ্ৰন্থ ‘কহুঁৱা’ উন্মোচন কৰা হয়৷ আলোচনীখন উন্মোচন কৰে ভাৰতীয় ষ্টেট বেংকৰ উপমহাপ্ৰববন্ধক শিৱ প্ৰসাদ শৰ্মাই৷ ‘স্মৃতিগ্ৰন্থ’খন উন্মোচন কৰি তেওঁ কয় ‘মানুহ সমাজ প্ৰিয়৷ সমাজখনৰ সৰু বৰ উৎসৱ পাৰ্বনে মানুহক জীয়াই থকাৰ উৎসাহ উদ্দীপনা দিয়ে৷ উৎসাহ উদ্দীপনা অবিহনে মানুহে জীয়াই থকাৰ প্ৰমূল্য নাথাকে৷ ক’ভিড দৰে জটিল পৰিস্থিতিৰ অৱসান ঘটক৷ মানুহৰ জীৱনলৈ পূৰ্বৰ সুখ শান্তি উভতি আহক৷ স্মৃতিগ্ৰন্থখনৰ নামটো আকৰ্ষণীয় হৈছে৷’ স্মৃতিগ্ৰন্থ খনৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকাই কয় ‘সুৱাগপুৰ দুৰ্গা পূজা সমিতিৰ স্মৃতি যাতে সজীৱ হৈ থাকে তাৰবাবে এই স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে৷ এইবাৰ চৰকাৰী ক’ভিড বিধি অনুসৰিয়েই অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে৷ দেশৰ দহৰ যাতে মংগল হয় আমি তাৰে কামনা কৰিলোঁ৷ ‘ সুৱাগপুৰ সৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সদস্য অমল দাসে আঁতধৰা অনুষ্ঠানত কমিটিৰ সভাপতি ৰমেন্দ্ৰ কুমাৰ ভূঞা, সম্পাদক ৰঞ্জন সিংহ, প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ চক্ৰৱৰ্তীৰ লগতে কমিটিৰ বিষয়ববীয়া আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷ অৱশ্যে দুৰ্গাপূজা বুলিলে মনলৈ অহা গৰম গৰম জেলেপী খাবলৈ এইবাৰ হেতা ওপৰা নাই ক্ৰেতাৰ মাজত৷ তথাপি ব্যৱসায়ী সকলে বিগত প্ৰায় দুবছৰৰ মূৰত এইবাৰ দুৰ্গাপূজা চাবলৈ অহা জনগণে জেলেপী কিনিব বুলি আশাবাদী৷ এই সম্পৰ্ক গুৱাহাটীৰ ‘জেবিজ’ৰ স্বত্বাধিকাৰী গোপাল জালালে কয়–এইবাৰ আমি বিশুদ্ধ ঘিউৰে বনোৱা বিশেষকৈ ষ্ট্ৰবেৰী, আনাৰস, লেচু, কল আৰু কিৱিৰ জেলেপী বনাইছে৷ যাৰ প্ৰতি কেজিৰ মূল্য ৫০০ টকা৷ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ গুৱাহাটীৰ খ্ৰীষ্টানবস্তি, ফাঁচীবজাৰ, উজানবজাৰস্থিত বিপণীত এই সোৱাদযুক্ত জেলেপিৰ লগতে থাকিব নিৰামিষ খাদ্যও৷’ এই সম্পৰ্কে শ্ৰী আনন্দ জলপানৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই কয়–আমি প্ৰতি কেজি জেলেপি ৩৬০ টকা মূল্যত বিক্ৰী কৰিছো৷ ঘিউত বনোৱা এই জেলেপীসমূহ ষষ্ঠীৰ পৰা প্ৰতিদিনে ২৫ কিলোকৈ বনাই আছো৷’ পূজাৰ গৰম জেলেপীৰ মাজতো এক কথা ক’বলৈ গ’লে এইবাৰ প্ৰতিকূলতাৰ বাবে সেমেকিছে পূজা৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কোনো এখন পূজা মণ্ডপতে আজি দেখা নগ’ল পূৰ্বৰ সপ্তমীৰ পৰিৱেশ, উছাহ আনন্দ৷ দানৱৰ অন্যৰূপ হিচাপে থিয় দিয়া ইয়াৰ কাৰণ কেইবাটাও৷ ইয়াৰ প্ৰথম কাৰণ হৈছে ক’ভিড ১৯ৰ সংক্ৰমণৰ উদ্বেগ৷ ক’ভিড সংক্ৰমত হোৱাৰ ভয়ত বহু অভিভাৱকে তেওঁলোকৰ শিশু তথা ল’ৰা-ছোৱালীক পূৰ্বৰ দৰে মুকলি মনেৰে পূজা দেখুৱাবলৈ বা বজাৰ সমাৰলৈ উলিয়াই নিব পৰা নাই৷ পূৰ্বৰ দৰে এইবাৰ পূজাৰ অনাবিল আনন্দ উপভোগ কৰিব পৰা নাই ৰাজ্যৰ কণ কণ শিশুসকলেও৷ শিশু আৰু বেলুন, ৰং-বিৰঙ অবিহনে কৰবাত যেন পূজাও চন্দহীন৷ দ্বিতীয়তে পেট্ৰ’ল-ডিজেল খাদ্য দ্ৰব্যৰ মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ পূজাৰ আনন্দ কাঢ়ি নিছে৷ গুৱাহাটীৰ মহানগৰীৰ বজাৰ সমূহত পূৰ্বৰ দৰে নাই গ্ৰাহকৰ ভিৰ৷ আজি সপ্তমীৰ দিনটোত জি এছ ৰোডৰ কাষৰ প্ৰায়বোৰ দোকান-বজাৰতে বিক্ৰী আছিল খুবেই নগন্য৷ পূজাৰ বতৰত গ্ৰাহকৰ ভিতৰত মুৰ তুলিবলৈও সময় নোপোৱা দোকানীয়ে এতিয়া গ্ৰাহকৰ অপেক্ষাত কাঢ়িবলগীয়া হৈছে দীঘলীয়া হুমুনিয়াহ৷ সঘন লোডশ্বেডিং আৰু বিদ্যুতৰ সংকটৰ বাবেও হ্ৰাস পাইছে পূজাৰ আনন্দ৷ সচৰাচৰ পূজা বুলিলেই ৰাজপথ, পূজা মণ্ডপ, দোকান পোহাৰত লগোৱা ৰং বিৰঙী, বৈদ্যুতিক লাইট৷ লাইটৰ মাজতে জিলিকি থাকে দেৱী দুৰ্গা, মহীষাসুৰকে ধৰি বিচিত্ৰ কাৰুকাৰ্য৷ কিন্তু এইবাৰ পূজাত কতো দেখিবলৈ পোৱা নগ’ল পোহৰৰ সেই ঝলক৷ এক কথাত ক’বলৈ  গ’লে পোহৰৰ অভাবেও ম্লান কৰিছে পূজাৰ গৰিমা৷ অক্টোবৰ মাহতো অব্যাহত থকা উৎকট গৰমৰ পৰিৱেশেও এইবাৰ ম্লান কৰিছে পূজাৰ উন্মাদনা৷ শাৰদীয় বতৰৰ কুসুম কোমল স্নিগ্ধ প্ৰকৃতিৰ ৰিবৰিব এইবাৰ ৰাজ্যবাসীয়ে অনুভৱ কৰিব পাৰিব পৰা নাই৷ সেমেকা পূজাৰ এয়াও অন্যতম কাৰণ বুলি বিবেচিত হৈছে৷ ইফালে কঠোৰ এছ অ পি, নিশা ১০ বজাৰ পাছত পথচাৰী নিষিদ্ধ, পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠান নিষিদ্ধ, দোকান বজাৰ বহাত প্ৰশাসনৰ বাধা আদি কাৰণ সমূহেও ম্লান কৰিছে পূৰ্বৰ পূজাৰ আনন্দ৷