Logo
image

মূল্যবৃদ্ধিৰ কটা ঘাঁত নেমু-ৰস

মাজনিশা পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি  পাচলি বজাৰতো জুই

আমাৰ অসম, ২৩মাৰ্চঃ এসময়ত ৰজাই দোষীক শাস্তি প্ৰদান কৰোঁতে কটা ঘাঁত চেঙাতেল ঢালিছিল৷ সেয়া আছিল মধ্যযুগীয়া বৰ্বৰতা৷ দোষীক শাস্তি প্ৰদানৰ বাবে সৌকাৰ কোব, চেঙা তেল ঢলা ইত্যাদি বৰ্বৰ পদ্ধতি সেই সময়ত গ্ৰহণীয় আছিল৷ এতিয়া আধুনিক যুগত দিন-কাল সলনি হ’ল যদিও চৰকাৰৰ তেনে সামন্তযুগীয়া মানসিকতাৰ পৰিৱৰ্তন নঘটিল৷ এতিয়া ৰজাঘৰীয়া বা চৰকাৰে জনগণৰ ‘আঘাত’ত নেমুৰ ৰস ঢালে৷ দোষীক নহয়, বৰং যি ৰাইজৰ ভোটেৰে বিজয়ী হৈ জনপ্ৰতিনিধি হৈছে,তেওঁলোকৰ ওপৰতে নেমুৰ ৰস ঢালিবলৈ চৰকাৰৰ প্ৰতিনিধি কুণ্ঠিত নহয়৷ ৰাজ্যজুৰি এতিয়া শাক-পাচলি, নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিস্ফোৰণ ঘটিছে৷ সেই মূল্যবৃদ্ধি, খাৰুপেটীয়াত উৎপাদিত শাক-পাচলিৰ দামতকৈ গুৱাহাটীত ৪গুণ বৃদ্ধি পোৱাৰ কাৰণো এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত হোৱা বুলি মন্তব্য কৰিছে বিজেপিৰ বিধায়কে৷ গুৱাহাটীত এযোৰ নেমুটেঙাৰ দাম ৩০-৩৫ টকা হৈছে আৰু সেয়াও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰে ফল বুলি বিধায়কে আওপকীয়াকৈ মন্তব্য কৰি জনসাধাৰণৰ দুৰ্দশালৈ ভ্ৰূকুটি দেখুৱাইছে৷ প্ৰায় প্ৰতিটো বিষয়তে ওলোটা কথা কৈ চৰম বিতৰ্কৰ সৃষ্টি কৰা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এনে মন্তব্য কৰা বুলি ৰাজ্যৰ মিডিয়াত সৰব চৰ্চা হৈছে৷ এই চৰ্চাই মিডিয়াত ৰসৰ যোগান ধৰিছে ঠিকেই, পিছে ভুক্তভোগী গ্ৰাহকক বিধায়কৰ মন্তব্যই হুলে বিন্ধাদি বিন্ধিছে৷ প্ৰতীকি অৰ্থত বিধায়ক মৃণাল শইকীয়াই উদ্ভট মন্তব্য কৰি মূল্যবৃদ্ধিত যেন নেমুটেঙাৰ ৰসহে ঢালি দিছে, কটা ঘাঁত চেঙাতেল ঢালি দিয়াৰ দৰে৷ কটা ঘাঁত চেঙাতেল ঢলাৰ অৰ্থ, অধিক শাস্তি প্ৰদান কৰা৷ বিধায়ক মৃণাল শইকীয়াৰ শাক-পাচলিৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কৰা মন্তব্যও জনসাধাৰণৰ প্ৰতি ঠিক তাৰ তদ্ৰূপ৷ কিয়নো মূল্যবৃদ্ধি হ’লে, মুদ্ৰাস্ফীতি হ’লে জনসাধাৰণে চৰকাৰৰ সহায় বিচৰাৰ বিকল্প নাথাকে, কিয়নো সেয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা নাগৰিকৰ হাতত নাথাকে৷ এনে পৰিস্থিতিত শাক-পাচলিৰ মূল্যবৃদ্ধিৰ বাবে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক এজন জনপ্ৰতিনিধিয়ে দোষাৰোপ কৰাটো অসহায় জনতাৰ প্ৰতি চৰম কটাক্ষ হিচাপে বিবেচিত হৈছে৷ বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, কমলপুৰৰ বিধায়ক দিগন্ত কলিতায়ো অসমত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ কাৰণ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বুলি সংবাদ মাধ্যমত মুকলিভাৱে ঘোষণা কৰিছে৷ বিৰোধী বিধায়ক আমিনুল ইছলামে বিজেপিৰ বিধায়কৰ এই মন্তব্যক  প্ৰত্যাহ্বান জনাই আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত নেমুটেঙাৰ দাম কিয় বাঢ়িছে বুলি প্ৰশ্ন কৰিছে৷ তেওঁ প্ৰশ্ন কৰিছে– ৰাছিয়াই সস্তাত বিক্ৰী কৰা খাৰুৱা তেল ভাৰত চৰকাৰে ক্ৰয় কৰিছে৷ তথাপি বিজেপি চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে কিয় বৃদ্ধি কৰিছে৷ বিজেপিৰ বিধায়ক মৃণাল শইকীয়া, প্ৰশান্ত ফুকন, দিগন্ত কলিতাৰ বহুৱালিসদৃশ এই মন্তব্যই সংবাদ ক্ষেত্ৰত ৰসৰ খোৰাক যোগাইছে ঠিকেই, কিন্তু একোজন জনপ্ৰতিনিধিৰ এই দায়িত্বজ্ঞানহীন মন্তব্যই ভুক্তভোগী ৰাইজক শেলে বিন্ধাদি বিন্ধিছে৷ অত্যধিক মূল্য ভৰি কোঙা হৈ পৰা ৰাইজক সকাহ দিয়াৰ পথ দেখুওৱাৰ পৰিৱৰ্তে ৰাইজৰ ভোটেৰে ৰাইজৰ মাজৰ পৰা আহি ৰজা হোৱা এই বিধায়কসকলে ৰাইজক চৰমভাৱে উপলুঙাহে কৰিছে৷ চৰম উদ্বেগৰ বিষয় এয়াই যে, গুৱাহাটীৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ খাৰুপেটীয়াত শাক-পাচলিৰ মূল্য গুৱাহাটীৰ তুলনাত চাৰিভাগৰ এভাগ৷ সাধাৰণতে গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ বৃহত্তৰ অঞ্চলটোৰ শাক-পাচলিৰ উৎস খাৰুপেটীয়া বুলি জনা যায়৷ আজিৰ দিনটোত খাৰুপেটীয়াত প্ৰতি কিলোগ্ৰাম ফুলকবিত ৫-৭ টকা, বন্ধাকবিত ৭-১০ টকা, মটৰত ২০-৩০ টকা, ওলকবিত ৭-৯ টকা, উৰহিত ২০-২৫ টকা, বিনত ১৫-১৮ টকা, বেঙেনাত ৬-১০ টকা, কেৰেলাত ৪০-৪৫ টকা, লাওত ৮-১২ টকা [গোটে], তিয়ঁহ ৯-১০ টকা, কেপচিকাম ২০-৩০ টকা আৰু নেমু এযোৰত ৮-১০ টকা৷ ইয়াৰ বিপৰীতে গুৱাহাটীত ফুলকবি-বন্ধাকবি কেজিত ৩০-৪০ টকা, মটৰত ৭০-৮০ টকা, বেঙেনাত ৪০-৫০ টকা, কেৰেলাত ৮০-৯০ টকা, বিলাহীত ৫০-৬০ টকা, ভেণ্ডিত ৯০-১২০ টকা, ছজিনাত ১৮০-২০০টকা, ৪০ কিলোমিটাৰ দূৰৰ শাক-পাচলিৰ উৎসতকৈ গুৱাহাটীত ৪-৫ গুণ অধিক মূল্যত শাক-পাচলি বিক্ৰী হৈ থকাৰ বিষয়টো নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰৰ বিধায়কৰ উদ্ভট মন্তব্যই সেয়ে জনসাধাৰণক কটা ঘাঁত চেঙাতেল দিয়াৰ দৰে হৈছে৷ উত্তৰ প্ৰদেশকে ধৰি দেশৰ প্তখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতে দেশৰ জনসাধাৰণক সমুহীয়া আঘাত দি মোদী চৰকাৰে পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰিছে৷ সোমবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে কৰা ইন্ধন আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে দেশৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তক মাধমাৰ দিছে৷ দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচন আৰু তাৰো পূৰ্বে পে’ট্ৰল-ডিজেলৰ মূল্যই প্ৰতিলিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পাছত সামান্য আবকাৰী শুক্ল হ্ৰাস কৰি বিগত ১৩৭ দিন চৰকাৰে ইন্ধনৰ মূল্য স্থিৰ কৰি ৰাখিছিল৷ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰায়বোৰ ৰাজ্যতে প্ৰতিষ্ঠানবিৰোধী ঢৌ থকাৰ বাবে মোদী চৰকাৰে বিগত ৩ মাহ ধৰি পে’ট্ৰল-ডিজেল আৰু গেছৰ মূল্যবৃদ্ধি কৰিবলৈ সাহ কৰিব পৰা নাছিল৷ কিন্তু উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতে আৰু বিজেপিয়ে পঞ্জাবক বাদ দি বাকী চাৰিখন ৰাজ্যত চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাত সোমবাৰে মাজনিশা কেন্দ্ৰীয় চৰকাৰে এই তিনিবিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰে৷ সেই অনুসৰি ঘৰুৱা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ পে’ট্ৰল আৰু ডিজেলত প্ৰতিলিটাৰত দিল্লীত ৮০ পইচাকৈ বৃদ্ধি কৰা হৈছে৷ অৱশ্যে এই বৃদ্ধিয়েই শেষ নহয়৷ এতিয়াৰ পৰা দৈনিক পে’ট্ৰল আৰু ডিজেলৰ মূল্য বিশ্ব বজাৰৰ সৈতে সংগতি ৰাখি হ্ৰাস-বৃদ্ধি হৈ থাকিব৷ দেশত পিছে নিকট ভৱিষ্যতত পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা নাই৷ কিয়নো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে৷ যুদ্ধই ইতিমধ্যে ২৬ দিন স্পৰ্শ কৰিছে আৰু খাৰুৱা তেলৰ মূল্যও দৈনিক বাঢ়ি আছে৷ সেইদিশৰ পৰা চাবলৈ হ’লে মোদী চৰকাৰে কেইবাদিনো পূৰ্বেই পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিব লাগিছিল৷ কেৱল নিৰ্বাচনৰ বাবেই চৰকাৰে ইন্ধন আৰু গেছৰ মূল্য ইমানদিনে স্থিৰ কৰি ৰাখিছিল৷ কিয়নো বিগত সপ্তাহত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১৩৯ ডলাৰ পৰ্যন্ত বৃদ্ধি পাইছিল৷ সেয়া সচৰাচৰ মূল্যতকৈ ৪৫-৫০ ডলাৰমান অধিক৷ নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে মোদী চৰকাৰে দেওবাৰে প্ৰথমে শিল্পক্ষেত্ৰত ব্যৱহৃত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ২৫ টকাকৈ বৃদ্ধি কৰিছিল৷ এতিয়া সাধাৰণ জনতাই ব্যৱহাৰ কৰা পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ঘটোৱাত তাৰ প্ৰভাৱ সৰ্বত্ৰ পৰিব৷ কিয়নো দেশত সাধাৰণতে সামগ্ৰী পৰিবহণ ট্ৰাকত কৰা হয় আৰু যাতায়াতৰ ক্ষেত্ৰত বৃদ্ধি পোৱা মূল্য ব্যৱসায়ীয়ে সামগ্ৰীৰ দাম বৃদ্ধি কৰি উলিওৱাৰ বিকল্প নাই৷ সেয়ে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ আঘাত পোনে পোনে দেশৰ জনতাৰ ওপৰতে পৰিব৷