Logo
image

আক্ৰমণৰ চোক কমালে ৰাছিয়াই

ইউক্ৰেইনক গুড়ি কৰাৰ ভাবুকি দিও

আমাৰ অসম, ৩০ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ৩৪ সংখ্যক দিনটোত যুদ্ধৰ ব্যাপকতা হ্ৰাস পোৱাৰ ইংগিত দেখা গৈছে৷ তুৰস্কত অনুষ্ঠিত যুদ্ধৰত উভয় দেশৰ শীৰ্ষস্থানীয় প্ৰতিনিধিৰ মাজত অনুষ্ঠিত আলোচনাত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু আন এখন আগশাৰীৰ চহৰ চাৰ্ণিহিভত আক্ৰমণ হ্ৰাস কৰি সেনা প্ৰত্যাহাৰ কৰাৰ বাবে মান্তি হৈছে৷ বিশ্বৰ আগশাৰীৰ যুদ্ধ বিশাৰদৰ মতে চলিত যুদ্ধখনৰ মাজত তুৰস্কত হোৱা আলোচনাৰ এই ফলাফল স্বৰূপাৰ্থতে নাটকীয় পৰিৱৰ্তন৷ এই পৰিৱৰ্তনৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব পাৰে৷ মূলতঃ এই পদক্ষেপৰ পাছত ৰাছিয়াই ইউক্ৰেইনৰ আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে আৰু যিকোনো মুহূৰ্ততে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মুখামুখি আলোচনা সম্ভৱ হ’ব পাৰে৷ ইয়াৰ পূৰ্বে ৰাছিয়াৰ অনুগত দেশ বেলাৰুছত চাৰি দফা আলোচনা অনুষ্ঠিত হ’লেও যুদ্ধৰ সামৰণি পৰাৰ কোনো সম্ভাৱনা সৃষ্টি হোৱা নাছিল৷ ইপিনে, নাটোগোষ্ঠীৰ অন্তৰ্গত দেশ হোৱা সত্ত্বেও তুৰস্কত অনুষ্ঠিত দ্বিতীয়লানি আলোচনাত ইতিবাচক ফলাফল ওলাইছে৷ অৱশ্যে আলোচনাৰ পূৰ্বেই সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰায় চৰ্তহীনভাৱে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰা আৰু অপাৰমাণৱিক দেশ হিচাপে স্থিতি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছিল৷ শান্তিৰ বিনিময়ত তেওঁৰ দেশে এই দুই চৰ্ত মানি ল’বলৈ প্ৰস্তুত বুলি আগতীয়াকৈ জনাইছিল৷ মঙলবাৰে তুৰস্কত উভয় পক্ষৰ শীৰ্ষ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৰু চাৰ্ণিহিভ চহৰত আক্ৰমণ নচলায় বুলি মানি লোৱাটো এই যুদ্ধৰ সবাতোকৈ ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে৷ ৰাছিয়াৰ সেই প্ৰতিশ্ৰুতি সঁচা হ’লে ৰুছ সেনাই নিকট ভৱিষ্যতত এই চহৰ দুখন দখলৰ বাবে আৰু আক্ৰমণ নকৰিব৷ সেই প্ৰতিশ্ৰুতি সত্য যেন দেখা গৈছে কিয়নো ইতিমধ্যে দুয়োখন চহৰৰ সমীপৰ পৰা মস্কোৱে ৰুছ সেনা কম পৰিমাণত হ’লেও প্ৰত্যাহাৰ কৰিছে৷ অৱশ্যে ইয়াৰ ফলত ৰাছিয়াৰ ইউক্ৰেইনত চলি থকা আক্ৰমণ যে বন্ধ হ’ব তেনে নহয়৷ কিয়নো ৰুছ সেনাই এতিয়াও বিধবস্ত হৈ পৰা মাৰিউপল চহৰকে ধৰি ইউক্ৰেইনৰ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু বোমাৰ আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনে অভাৱনীয়ভাৱে কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পাছত কিয় ৰাজধানী কিয়েভ আৰু আন এখন আগশাৰীৰ চহৰত চলাই থকা আক্ৰমণ বন্ধ কৰিব বুলি মান্তি হ’ল সেই লৈ প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কোৱা হৈছে, পুটিনে বিচৰাৰ দৰে ডনেৎস্ক আৰু লুগানস্ক নামৰ দুয়োটা অঞ্চলক স্ব-শাসন দিবলৈ বা স্বাধীনতা দিবলৈ ইউক্ৰেইন মান্তি হোৱাৰ বাবেই পুটিনে আক্ৰমণ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে৷ ডনবাছ হিচাপে পৰিচিত এই অঞ্চলটোত থকা ডনেৎস্ক আৰু লুগানস্কক পুটিনে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দুদিন পাছতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল৷ ৰণকৌশলগত দিশত ৰাছিয়াৰ সুবিধাজনক স্থিতিত থকা আৰু ৰাছিয়াৰ অনুগত এই অঞ্চল দুটাক ইউক্ৰেইনে স্বাধীনতা দিবলৈ ৰাজি হ’লে পুটিনৰ অভীপ্সা একপ্ৰকাৰ পূৰণ হ’ব৷ অৱশ্যে আক্ৰমণ হ্ৰাস কৰাৰ বিনিময়ত ৰাছিয়াই কেতবোৰ চৰ্ত আগবঢ়াইছে৷ সেই অনুসৰি এতিয়াৰ পৰা ইউক্ৰেইন‘নিৰপেক্ষ’হৈ থাকিব লাগিব৷ তদুপৰি ৰাছিয়াই ২০১৪ চনতে দখল কৰা ক্ৰিমিয়া আৰু তাৰ সমীপৱৰ্তী বন্দৰ ইউক্ৰেইনে সম্পূৰ্ণৰূপে এৰি দিব লাগিব৷ সেই চৰ্ততো ইউক্ৰেইনে ইতিবাচক সহাঁৰি জনাইছে৷ ৰাছিয়াৰ মূল চৰ্ত হৈছে, ইউক্ৰেইন নাটোৰ পৰা আঁতৰি থকা৷ সম্ভবতঃ সেই চৰ্ত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুটিনৰে সম্ভাব্য মুখামুখি আলোচনাত মানি ল’ব৷ তাৎপৰ্যপূৰ্ণভাৱে, মাঁথো এদিন পূৰ্বে জেলেনস্কিয়ে ৰাষ্ট্ৰপতি পুটিনলৈ শান্তিৰ দূত ৰোমান আব্ৰামভিচৰ হাতত শান্তিৰ বাৰ্তা দি এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ সেই পত্ৰখন হাতত লৈ পুটিনে আব্ৰামভিচক কৈছিল, তেওঁক কৈ দিয়া, মই ইউক্ৰেইন গুড়ি কৰি দিম৷ সেই পত্ৰত জেলেনস্কিয়ে ৰাছিয়াৰ আক্ৰমনত হোৱা ক্ষয়ক্ষতিৰো বিৱৰণ দিছিল৷ চিঠিখন হাতত লৈয়েই পুটিন খঙত অগ্নিশৰ্মা হৈ পৰে৷ সেই ঘটনাৰ পাছতে জেলেনস্কিয়ে মঙলবাৰৰ আলোচনাৰ পূৰ্বে ইউক্ৰেইন‘নিৰপেক্ষ’হৈ থকাৰ আৰু অপাৰমাণবিক স্থিতি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখ্য, চেলচি ফুটবল ক্লাবৰ স্বত্বাধিকাৰী আব্ৰাম’ভিচক ৰাছিয়াৰ অনুমোদন অনুসৰি ইউক্ৰেইনে শান্তিদূত হিচাপে নিয়োগ কৰিছিল৷