Logo
image

হিম’গ্লবিন অটুট ৰখাৰ বাবে এনেধৰণৰ খাদ্য খাওক

হিমগ্ল’বিনে অক্সিজেন বহন কৰে৷ মানুহৰ শৰীৰত সঠিক পৰিমাণে হিম’গ্লবিন থকাটো জৰুৰী৷ ইয়াৰ পৰিমাণ হ্ৰাস পালে দুৰ্বলতা, অৱসাদ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদিয়ে দেখা দিব পাৰে৷ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে হিম’গ্লবিনৰ পৰিমাণ বঢ়াব পাৰি সেই সম্পৰ্কে স্বাস্থ্য বিজ্ঞানীসকলে বিভিন্ন ব্যৱস্থা আগবঢ়াইছে৷ 

◾আইৰণ সমৃদ্ধ খাদ্যঃ আইৰণৰ অভাৱত হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পায়৷ সেইবাবে সতেজ শাক-পাচলি খাদ্য তালিকাত ৰাখিব লাগে৷ বিশেষকৈ পালেং শাক, বিত, আপেল, ডালিম, তৰমুজ, কোমোৰা, খেজুৰ, আলমণ্ড, খিচমিছ, আমলখি ইত্যাদি নিয়মীয়াকৈ খালে হিম’গ্লবিনৰ অভাৱত নপৰে৷

◾ভিটামিন চিঃ আইৰণৰ লগতে ভিটামিন ‘চি’ সমানে গ্ৰহণ কৰিব লাগে৷ ভিটামিন ‘চি’ পাবৰ বাবে নেমু, কমলা, জামু, অমিতা, ব্ৰক্‌লী, বিলাহী আদি খাদ্য তালিকাত ৰাখিব লাগে৷

◾ফলিক এচিডঃ ফলিক এচিডত থাকে ভিটামিন বি-কমপ্লেক্স৷ লোহিত ৰক্তকণিকা সৃষ্টিৰ বাবে ফলিক এচিডৰ প্ৰয়োজন৷ ফলিক এচিড সাধাৰণতে শাক-পাচলি, শুকান ফল, গোমধান, বাদাম, মুৰ্গীৰ মাংস আদিত উপলব্ধ৷

◾আপেল, আঙুৰঃ প্ৰতিদিনে কমেও এটাকৈ আপেল খালে চিকিৎসকৰ কাষ নেচাপিলেও হয়৷ যিহেতু আপেলত আছে প্ৰচুৰ পৰিমাণে আইৰণ৷ প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ অভ্যাস কৰিলে হিম’গ্লবিনৰ পৰিমাণ অটুট থাকে৷ কেতিয়াবা আপেল আৰু বিতৰ জুছ বনাইও খাব পাৰি৷ একেদৰে ডালিমতো প্ৰচুৰ পৰিমাণে আইৰণ আছে৷ ডালিমত আইৰণৰ উপৰি কেলছিয়াম, ফাইবাৰ আৰু প্ৰটিন অধিক পৰিমাণে উপলব্ধ৷

◾ব্যায়ামঃ খাদ্য তালিকাত এই ধৰণৰ ফলমূল অন্তৰ্ভুক্ত কৰাৰ উপৰি নিয়মীয়াকৈ ব্যায়াম কৰাটো অত্যন্ত প্ৰয়োজন৷ ব্যায়াম কৰিলে শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায় আৰু নিৰোগী হৈ থকাত সহায়ক হৈ পৰে৷