Logo
image

১০০% সফল পৰীক্ষা! কেন্সাৰৰ ঔষধ উদ্ভাৱন

আমাৰ অসম, ৯ জুনঃ কৰ্কট ৰোগ মানেই মৃত্যু৷ দুৰাৰোগ্য এই ৰোগৰ বিষয়ে ইয়াতকৈ পৃথকে ধাৰণা কৰা লোক বিশ্বত বিৰল৷ সাধাৰণ লোকৰ কথা বাদেই, আনকি কৰ্কট ৰোগৰ চিকিৎসকেও এজন কৰ্কট ৰোগী মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিব বুলি মতপোষণ নকৰে৷ অৰ্থাৎ এবাৰ কৰ্কট ৰোগে শৰীৰত বাহ ল’লে, ৰোগী একোবলৈ ৰক্ষা পৰিলেও সাধাৰণতে সেই ৰোগ সম্পূৰ্ণ নিৰ্মূল হোৱা দেখা নাযায়৷ অন্যাৰ্থত কৰ্কট ৰোগ মানেই মৃত্যুদণ্ড৷ কৰ্কট ৰোগৰ সৈতে বিশ্বৰ অগণিত ৰোগীয়ে মৰণপন যুদ্ধ কৰি থকাৰ সময়তে এবিধ ঔষধৰ পৰীক্ষামূলক ব্যৱহাৰত কৰ্কটৰোগ নিৰাময়ত যাদুৰ দৰে ফল ওলাইছে৷ সেই ঔষধ ব্যৱহাৰৰ পাছত ৰোগীৰ দেহৰ পৰা কৰ্কটৰোগ সম্পূৰ্ণৰূপে অন্তৰ্ধ্যান হৈ পৰিছে৷ আমেৰিকাৰ মানহাট্টানৰ ‘মেম’ৰিয়েল শ্লৱান কেটেৰিং কেন্সাৰ চেণ্টাৰ’ত থকা ৰোগীৰ শৰীৰত পৰীক্ষামূলকভাৱে এই ঔষধ প্ৰয়োগ কৰাৰ পাছত ৰোগীৰ শৰীৰৰ পৰা কৰ্কট ৰোগসম্বলিত টিউমাৰ সম্পূৰ্ণৰূপে বা ১০০ শতাংশ অদৃশ্য হৈ গৈছে৷ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা  এই নতুন  ঔষধবিধৰ নাম ‘ড’ষ্টাৰলিমেব৷’ 

এই পৰীক্ষা ক্ষুদ্ৰ পৰিসৰত কৰা হৈছিল আৰু ৰোগীৰ মলদ্বাৰত হোৱা কেন্সাৰসৰ্বস্ব টিউমাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধ বিধ৷ মুঠতে ১২ জন ৰোগীৰ শৰীৰত এই ঔষধ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছিল৷ ব্যৱহাৰৰ অন্তত দেখা গ’ল প্ৰত্যেকজন ৰোগীৰ মলদ্বাৰত থকা কৰ্কটৰোগৰ টিউমাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈছে৷ এণ্ড’স্কপি, ‘পজিশ্বন ইমিশ্বন টমোগ্ৰাফি’ [পি ই টি], ‘মেগনেটিক ৰেছ’নেন্স ইমেজিং’ [এম আৰ আই] পৰীক্ষাৰ জৰিয়তে ৰোগীৰ মলদ্বাৰত থকা কৰ্কটৰোগসম্বলিত  টিউমাৰ পৰীক্ষা কৰাত দেখা গ’ল সেই টিউমাৰ আৰু কৰ্কট ৰোগ ৰোগীকেইজনৰ মলদ্বাৰৰ পৰা সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গৈছে৷ এই যাদুকৰী ফলাফল দেখি চিকিৎসকসকলো আচৰিত আৰু উৎফুল্লিত হৈ পৰিছে৷ 

এই ঔষধবিধৰ বিষয়ে ‘মেমৰিয়েল শ্বৱান কেটেৰিং কেন্সাৰ চেণ্টাৰ’ৰ চিকিৎসক ডাঃ  লুইছ এ ডায়াজ জুনিয়ৰে ‘নিউ ইংলেণ্ড জাৰ্ণাল অব্‌ মেডিচিন’ত গৱেষণা পত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে৷ এই পৰীক্ষাত জড়িত হৈ নথকা অন্যান্য কৰ্কট ৰোগৰ চিকিৎসকেও উক্ত দৰৱৰ পৰীক্ষামূলক ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰিছে আৰু তেওঁলোকে এই ফলাফল আশ্চৰ্যকৰ বুলি মন্তব্য কৰিছে৷ কিয়নো চিকিৎসা বিজ্ঞানৰ ইতিহাসত এতিয়ালৈকে কোনো ঔষধৰ দ্বাৰা কৰ্কটৰোগ নিশ্চিহ্ন কৰিব পৰা নাই৷ এনে ঔষধ আজিলৈকে ওলোৱা নাই৷ ‘নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয়’ৰ কৰ্কটৰোগৰ প্ৰতিষ্ঠানৰ বিখ্যাত চিকিৎসক ডাঃ হান্না কে ছেনফে এই ঔষধৰ পৰীক্ষামূলক ব্যৱহাৰৰ বিষয়ে পুংখানুপুংখভাৱে  অধ্যয়ন কৰিছে৷ অধ্যয়নৰ অন্তত তেওঁ কৈছে যে, ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধবিধ ব্যৱহাৰৰ ফলত ৰোগীৰ শৰীৰৰ পৰা কৰ্কটৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাটো সত্য৷ কিন্তু এই ক্ষেত্ৰত ব্যাপক মাত্ৰাত পৰীক্ষা হোৱাটো, অৰ্থাৎ সৰহ সংখ্যক ৰোগীৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে এই ঔষধ প্ৰয়োগ কৰাটো প্ৰয়োজন৷ এতিয়ালৈকে তেনেই ক্ষুদ্ৰ পৰিসৰতহে পৰীক্ষা কৰা হৈছে৷ তেনে পৰীক্ষাৰ জৰিয়তে নিশ্চিত সিদ্ধান্তলৈ অহাটো কঠিন৷ আমি বিচাৰো ব্যাপক হাৰত এই ঔষধ কৰ্কটৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হওক৷ তাৰ পাছত পোৱা ফলাফলৰ অন্তত ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধবিধৰ যাদুকৰী গুণৰ বিষয়ে নিশ্চিতভাৱে জানিব পৰা যাব৷ যদিহে সেই ফলাফল সম্পূৰ্ণৰূপে ইতিবাচক হয়, তেন্তে সন্দেহ নাই, কৰ্কটৰোগ নিৰাময়ৰ ক্ষেত্ৰত ‘ড’ষ্টাৰলিমেব’ ঔষধবিধে বিশ্বৰ কৰ্কটৰোগী আৰু কৰ্কটৰোগৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিব৷ প্ৰসংগতঃ উল্লেখযোগ্য, সাম্প্ৰতিক চিকিৎসা পদ্ধতিত কৰ্কটৰোগীৰ ক্ষেত্ৰত ১০০ শতাংশই অস্ত্ৰোপচাৰৰ পন্থা অৱলম্বন কৰা হয়৷ ইয়াৰ পাছতে অস্ত্ৰোপচাৰৰ ফলত হোৱা ঘাঁ শুকুৱাবৰ বাবে আৰু কৰ্কটৰোগৰ উৎস সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে প্ৰথমে কেম’থেৰাপি আৰু তাৰ পাছত ৰেডিয়েচন দিয়া হয়৷ কৰ্কটৰোগীৰ বাবে এই দুয়োটা পদ্ধতিয়েই অতিশয় পীড়াদায়ক হয়৷ পিচে ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধবিধৰ ব্যৱহাৰৰ পাছত যি ফলাফল ওলাইছে, সেয়া যদি প্ৰত্যেকবিধ কৰ্কটৰোগৰ  ক্ষেত্ৰত একে ফলাফল দেখা যায় তেন্তে কৰ্কটৰোগীৰ বাবে ‘ড’ষ্টাৰলিমেব’ ঔষধ বিধ স্বৰ্গীয় উপহাৰ যেন হৈ পৰিব৷ কিয়নো এবিধ ঔষধৰ জৰিয়তেই কৰ্কটৰোগো নিৰ্মূল হ’ব আৰু চিকিৎসাৰ ক্ষেত্ৰত কেম’থেৰাপি, ৰেডিঅ’থেৰাপিৰ কষ্টও নাথাকিব৷

এই ঔষধৰ  ব্যৱহাৰৰ বাবে ব্যয় নিচেই কম নহয়৷ এজন ৰোগীৰ সম্পূৰ্ণ ঔষধৰ বাবে খৰচ হ’ব ভাৰতীয় মুদ্ৰাত ৮.৫৫ লাখ টকা৷ ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধবিধৰ এপালিত পৰীক্ষামূলক ব্যৱহাৰৰ সময়ত ১১ হাজাৰ টকাকৈ ব্যয় হৈছে৷ সম্পূৰ্ণ পালিৰ ব্যৱহাৰত এতিয়া দেখা গৈছে এজন ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজন হৈছে ৮.৫৫ লাখ টকা৷ অৱশ্যে এই ঔষধ এতিয়াও বজাৰলৈ আহিব পৰা হোৱা নাই৷ ব্যাপক হাৰত পৰীক্ষামূলক ব্যৱহাৰৰ পাছত যেতিয়া বিভিন্ন দেশৰ সংশ্লিষ্ট স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিব তাৰ পাছতহে এই ঔষধ বজাৰলৈ আহিব৷ তেতিয়া ঔষধ নিৰ্মাতাই  থিৰাং কৰিব ইয়াৰ মূল্য৷ সেই মূল্য এতিয়াৰ পৰীক্ষামূলক ব্যৱহাৰৰ ঔষধৰ মূল্যৰ সৈতে পৃথক হ’ব পাৰে৷ 

সমগ্ৰ বিশ্বত প্ৰত্যেক বছৰে ১০ নিযুত কৰ্কটৰোগীয়ে মৃত্যুবৰণ কৰে৷ স্বাভাৱিকতে সেয়ে কৰ্কটৰোগ মানৱ জাতিৰ বাবে অভিশাপ হিচাপে চিহ্নিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৰ তথ্য অনুসৰি বছৰি পৃথিৱীত ২.২৬ নিযুত মহিলাই স্তনৰ কেন্সাৰত ভোগে, ২.২১ নিযুত ৰোগীয়ে হাওঁফাওঁ কেন্সাৰত, ১.৯৩ নিযুত ৰোগীয়ে মলদ্বাৰ আৰু পাকস্থলীৰ কৰ্কটৰোগত ভোগে৷ এই সকলো তথ্য ২০২০ চনৰ৷ এনে পৰিস্থিতিত ‘ড’ষ্টাৰলিমেব’ নামৰ ঔষধবিধৰ আৱিষ্কাৰে কৰ্কটৰোগী আৰু ৰোগীৰ পৰিয়াললৈ অভাৱনীয় আশাৰ সঞ্চাৰ ঘটাইছে৷