Logo
image

মানুহৰে সংঘাত বানেখেদা বন্যপ্ৰাণীৰ

আমাৰ অসম, ১৭ জুনঃ নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নদী, উপ-নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ সামন্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বান তথা কৃত্ৰিম বানত বিচৰণ ক্ষেত্ৰ সংকোচিত হোৱাত মহা বিপাঙত পৰিছে জাকে জাকে বন্য প্ৰাণী৷ দিনচেৰেক পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাষ্ট্ৰীয় ঘাইপথত দিন-দুপৰতে এজন চাইকেলআৰোহীক এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰাৰ দৃশ্যই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ যিমানেই ৰাজ্যত বানপানী তথা কৃত্ৰিম বানৰ প্ৰকোপ বৃদ্ধি পাইছে সিমানেই  বানে খেদা বন্যপ্ৰাণীৰে মানুহৰ সংঘাত বৃদ্ধি পাইছে৷ বিশেষকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যৰ জকাইচুকীয়া প্ৰান্তৰ কথা বাদেই বৃহস্পতিবাৰে খোদ গুৱাহাটী মহানগৰীতে ওলাল বন্যহস্তী৷ গুৱাহাটীৰ নাৰেংগী, বশিষ্ঠ আদি অঞ্চলত গজৰাজে কৰিলে মুক্ত বিচৰণ৷ কামপুৰৰ ৰজা গাঁও দক্ষিণজড় বাগানত বন্যহস্তীৰ আক্ৰমণত পুৱতি নিশা ৰঞ্জিত বৰদলৈ নামৰ এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে মৃত ৰঞ্জিত বৰদলৈৰ ধানৰ মিলটো বন্য হস্তীয়ে উপদ্ৰৱ চলাই ভাঙি চুৰমাৰ কৰাৰ পাছত হাতী খেলিবলৈ গৈছিল লোকজন৷ হাতী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো বিভিন্ন অজুহাতত বনবিভাগৰ দল উপস্থিত নোহোৱাত লোকজনে নিজেই হাতী খেদিবলৈ যোৱা বুলি জানিব পৰা গৈছে৷ বিষয়টোক লৈ স্থানীয় ৰাইজে বনবিভাগৰ বিৰুদ্ধে  তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ বোকাখাতৰ ডিফলু পথাৰতো যোৱা নিশা বন্যহস্তীয়ে খেতি-বাৰী নষ্ট কৰে৷  ইফালে এমাহ পূৰ্বেই খাদ্য আৰু বাসস্থানৰ সন্ধানত মাজুলীত প্ৰৱেশ কৰা ৮০জনীয়া এটা বৃহৎ হাতীৰ জাকে এতিয়া আৰম্ভ কৰিছে উপদ্ৰৱ৷ মাজুলীত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে ইতিমধ্যে কৃষকৰ আহু আৰু বাওঁ ধানৰ পথাৰ তহিলং কৰিছে৷ উজনি মাজুলীৰ ছাগলী চাপৰি, ধুনাগুৰি, কেবৰ, লাচন চাপৰি, ২নং বনৰীয়া চাপৰি, টেঙাপনীয়া, বাহি মোৱামাৰী, সোণোৱাল কছাৰী, গেজেৰা, গায়ন গাঁও, শালমাৰ, কলনীবাৰী, চিকাৰী চাপৰি আদি অঞ্চলত প্ৰৱেশ কৰি খেতি বাতি নষ্ট কৰিছে বৃহৎ হাতীৰ জাকটোৱে৷ বন বিভাগৰ লোকে হাতী জাক খেদি পথাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত সমৰ্থ হোৱা নাই৷ মাজুলীৰ মথাউৰীৰ ভিতৰলৈ যাতে হাতী জাক সোমাব নোৱাৰে তাৰ বাবে দিনে-নিশাই পহৰা দি থকাৰ মাজতে বুধবাৰে নিশা উজনি মাজুলীত কেইবাটাও গৃহ ভাঙি লণ্ড ভণ্ড কৰে হাতী জাকে৷ প্ৰতিবছৰে শিৱসাগৰ আমগুৰি দিশৰ পৰা অহা হাতী জাকে খাদ্যৰ বাবে বাৰিষাৰ সময়তো মাজুলীতে বাহৰ পাতে৷ শিৱসাগৰ জিলাৰ দিখৌমুখতো বন্যহস্তীৰ আক্ৰমণত এজন কৃষকৰ অলপতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
বৰঙাজুলিত বন্যহস্তীৰ আক্ৰমণত কিশোৰৰ মৃত্যু
ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৩ নং বৰঙাজুলি ভাটিকুৰাত বন্যহস্তীৰ আক্ৰমণত যোৱা নিশা ১৫ বছৰীয়া কিশোৰ এজনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক এটাই নেৰানেপেৰা বৰষুণকো নেওচি ঘৰ-দুৱাৰ ভাঙি টেক বাহাদুৰ মিজাৰৰ পুত্ৰ ৰোহিত বাহাদুৰ মিজাৰক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়৷
মধ্যাহ্ন ভোজনৰ চাউল খাবলৈ আহি স্কুল ভাঙিলে হাতীয়ে
ৰাজ্যত ধাৰাষাৰ বৰষুণৰ মাজতে নগাঁও জিলাৰ চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱে গঞা ৰাইজক শংকিত কৰি তুলিছে৷ মুষলধাৰ বৰষুণৰ মাজতে ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আমগুৰি প্ৰাথমিক বিদ্যালয়ত আজি পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাক খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি বিদ্যালয়খনৰ বিস্তৰ ক্ষতিসাধন কৰে৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল খাবলৈ আহি বনৰীয়া হাতীৰ জাকটোৱে বিদ্যালয়খনৰ পকীবেৰ ভাঙি পেলায়৷ হাতীৰ জাকটো বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি বিদ্যালয়খনৰ পকীবেৰ ভাঙি মধ্যাহ্ন ভোজনৰ চাউল খাই তহিলং কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ চকী, ডেস্ক-বেঞ্চ আদি আচবাব ভাঙি বিস্তৰ ক্ষতিসাধন কৰে৷ যাৰ ফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰে৷ আজি পুৱা উদমাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰী উপস্থিত হৈ বিদ্যালয়খনৰ ক্ষয়ক্ষতিৰ বুজ লয়৷
নাগ্ৰীজুলিত বহু পৰিয়ালৰ ঘৰ ভাঙিলে হাতীয়ে
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতী আৰু জীৱশ্ৰেষ্ঠ মানুহৰ মাজত সংঘাত তীব্ৰতৰ হৈ উঠিছে৷ ১৪ জুনৰ নিশা খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ১ নং ডোঙৰগাঁও আৰু বিমলানগৰত ১৯ টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তাণ্ডৱ চলোৱাৰ পাছত কালি নিশা পুনৰ নাগ্ৰীজুলিৰ মহেন্দ্ৰনগৰ, গয়বাৰী আৰু ৰ নং ডোঙাৰগাঁৱতো বনৰীয়া হাতীৰ বৃহৎ জাক এটা প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷ মুষলধাৰ বৰষুণৰ মাজতে নিশা বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰাৰ খবৰ লাভ কৰাৰ পাছত আতংকগ্ৰস্ত গাঁওবাসী যেনি-তেনি পলাই যায় আৰু নিৰাপদ স্থানত আশ্ৰয় লয়৷ বনৰীয়া হাতীৰ জাকটোৱে গাঁওকেইখনৰ আঠোটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰে আৰু ঘৰৰ ভিতৰত থকা ধান-চাউল আদি খোৱাৰ লগতে ঘৰৰ ভিতৰৰ আচবাব ভাঙি অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইপিনে বনৰীয়া হাতীৰ জাকৰ প্ৰৱেশৰ খবৰ লাভ কৰি কুমাৰীকাটা আঞ্চলিক বন বিষয়া বীৰেণ বড়োৰ নেতৃত্বত বন বিভাগৰ লোকৰ এটি দল আহি গাঁওকেইখনত উপস্থিত হয় আৰু হাতী-মানুহৰ সংঘাত ৰোধৰ হৈ কাম কৰি থকা পৰিৱেশকৰ্মী মাধৱ ছেত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত কেইবাঘণ্টাৰ পাছত বনৰীয়া হাতীৰ জাকটোক পাহাৰৰ দিশলৈ খেদি পঠিয়াবলৈ সক্ষম হয়৷ হাতীৰ জাকটো আজিও ভূটান সীমান্তত বাহৰ পাতি আছে আৰু পুনৰ নিশা গাঁওখনত প্ৰৱেশ কৰাৰ আশংকাত ভুগিছে গাঁওবাসীয়ে৷ ইপিনে ক্ষতিগ্ৰস্ত কৃষক পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ পৰিৱেশকৰ্মী মাধৱ ছেত্ৰীয়ে বন বিভাগ আৰু চৰকাৰক অনুৰোধ জনাইছে৷
কাজিৰঙাৰ গঁড়-বাঘক খীৰতী গাই সজোৱাসকলক তদন্তৰ আউটিলৈ অনাৰ দাবী
গঁড় গণনাৰ নামত ৰাজকীয় ভোগ-বিলাসেৰে আকালৰ দিনত ৰাজকোষৰ ধন তিনিদিনত ১৬ লাখ শৰাধ কৰি দেশবাসীৰ ওচৰত লজ্জানত কৰা বিভাগীয় আমোলা, এনজিঅ’ক ন্যায়িক তদন্তৰ আওতিলৈ অনাৰ দাবী তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই৷ গঁড় পিয়লৰ পাছতো প্ৰতিবেদন প্ৰস্তুত কৰিব নোৱৰা বিভাগীয় কাণ্ডত ড॰ হিমন্ত বিশ্ব শৰ্মালৈ সন্দেহৰ আঙুলি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ৷ এই প্ৰক্ৰিয়াৰ মাজত ৰহস্যৰ গোন্ধ পাইছে দুৰ্নীতিৰ শূন্য সহনশীল চৰকাৰৰ মাজত৷ তিনি দিনত কোনে খালে ১৬ লাখ টকাৰ খাদ্য বুলিও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে৷  কাজিৰঙাত চলা তিনিদিনীয়া গঁড় পিয়লত ১৬ লাখ টকাৰে কি কি খাইছিল বিষয়া কৰ্মচাৰীয়ে? এদিনৰ ডিনাৰ পাৰ্টিত কেনেকৈ খৰছ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা বুলিও প্ৰশ্ন উত্থাপন হৈছে?  কিন্তু তিনিদিনীয়া কাৰ্যসূচীৰ বাবেই কাজিৰঙাত ব্যয় কৰা হ’ল ৩০ লাখ ৮৬ হাজাৰ টকা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় পিয়লৰ নামত চলা ধনৰ অবাধ ব্যয়ৰ বিস্ফোৰক তথ্যক আওকাণ কৰি দায় সাৰিবলৈ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে জীপাল কৃষক শ্ৰমিক সংঘই৷ ২০১৮ চনৰ পাছত চলিত বৰ্ষত অনুষ্ঠিত হৈছিল ১৪সংখ্যক গঁড় পিয়ল৷ বাতৰি অনুসৰি, এই পিয়ল চলিছিল বিগত ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই পিয়লৰ বাবে হোৱা ব্যয়ৰ সৱিশেষ তথা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে ৰাজহুৱা কৰা তথ্যৰ পৰা বুলি জানিবলৈ দিয়ে সংগঠনটোৰ উপদেষ্টাজনে৷ এই তথ্যত প্ৰকাশ পাইছে পিয়লৰ নামত ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হোৱা ব্যয়ৰ তথ্য৷ এই তথ্য অনুসৰিয়েই উল্লিখিত ৫টা দিনত গঁড় পিয়ল প্ৰক্ৰিয়াত সৰ্বমুঠ ব্যয় হ’ল ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা ব্যয় হ’ল কেৱল খাদ্যৰ নামত৷ আৰটিআই কৰ্মী ৰোহিত চৌধুৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই স্বাক্ষৰ কৰি এই তথ্য প্ৰদান কৰিছে৷ এই তালিকাত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় পিয়লত ব্যয়ৰ তথ্য৷ এই তথ্য অনুসৰি, গঁড় পিয়লৰ বাবে জীপ ভাৰাত ব্যয় হৈছিল সৰ্বমুঠ ৫ লাখ ৫৬ হাজাৰ টকা৷ ২৬, ২৭ আৰু ২৮ মাৰ্চত জীপ ভাৰাৰ নামত ব্যয় হৈছিল এই বিশাল পৰিমাণৰ ধন৷ অন্যহাতে, খাদ্য যোগানৰ নামত গঁড় পিয়লত ব্যয় হৈছিল সৰ্বমুঠ ১৬ লাখ, ৭৯ হাজাৰ ২৬০ টকা৷ বন বিভাগৰ এই তথ্য অনুসৰি, ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ খাদ্য যোগানৰ নামত দুটা ভাগত ব্যয় কৰা হৈছিল ৰ লাখ ৯৭ হাজাৰ ১০০ টকা আৰু ৭১ হাজাৰ ৬৬০ টকা৷ খাদ্যৰ নামত ২৫ মাৰ্চত ব্যয় হৈছিল ২ লাখ ৪৬ হাজাৰ টকা আৰু ২৬ মাৰ্চত ব্যয় হৈছিল ৫ লাখ ৪৬ হাজাৰ ৫০০ টকা৷ পেকেট খাদ্যৰ বিনিময়ত ২৮ মাৰ্চত ২ লাখ ১৮ হাজাৰ টকা আৰু ২৯ মাৰ্চত ব্যয় হ’ল এক লাখ ১২ হাজাৰ ৫০০ টকা৷ একেদৰে ২৭ মাৰ্চৰ এটা ডিনাৰ পাৰ্টিত ব্যয় কৰা হ’ল ২ লাখ ৮৭ হাজাৰ ৫০০ টকা৷ আনহাতে, ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ আশ্ৰয়ৰ নামত ব্যয় কৰা হৈছে সৰ্বমুঠ ৩ লাখ ৬৫ হাজাৰ ৩১০ টকা৷ তদুপৰি, প্ৰিণ্টিঙৰ নামত ব্যয় হ’ল ৩৭ হাজাৰ ৩৮০ টকা, ষ্টেচনাৰী আৰু অন্যান্য ব্যৱস্থাপনাত ২ লাখ ৪৮ হাজাৰ ৮৫০ টকা আৰু গঁড় পিয়লৰ গণনাকাৰীসকলৰ পাৰিশ্ৰমিকৰ নামত ব্যয় কৰা হ’ল ২ লাখ টকা৷ অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিদিনীয়া গঁড় পিয়লৰ নামত ব্যয় কৰা হ’ল সৰ্বমুঠ ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ আৰটিআই কৰ্মী ৰোহিত শৰ্মাই উদ্‌ঘাটন কৰা তথ্যমতে পিয়লত হোৱা ৩০ লাখ টকা ব্যয়ৰ বিল ঠিকেই প্ৰস্তুত হ’ল, কিন্তু প্ৰস্তুত নহ’ল গঁড় পিয়লৰ প্ৰতিবেদন৷ ইয়াতেই আমাৰ চৰম সন্দেহৰ থল৷ প্ৰশ্ন উত্থাপন কৰে যে, ২৭ মাৰ্চৰ ডিনাৰ পাৰ্টিত ২ লাখ ৮৭ হাজাৰ টকাৰে কি কি খাইছিল গঁড় পিয়লত জড়িত বিষয়া-কৰ্মচাৰীয়ে? প্ৰশ্ন উত্থাপন হ’ব, তিনিদিনৰ কাৰ্যসূচীৰ বাবে সৰ্বমুঠ ৫টা দিনত ১৬ লাখ টকাৰ খাদ্যৰে কিহৰ ভোজমেল চলিছিল কাজৰিঙাৰ গঁড় পিয়লৰ নামত? এয়া ৰাজহুৱা ধনৰ অবাধ অথবা হৰলুকি৷ ই কেতিয়াও ক্ষমাৰ যোগ্য নহয় বুলি জীপালৰ সম্পাদক পুতুল নৰহ, বিজু চাওতাল, মুখপাত্ৰ প্ৰৱীণ পেগু আৰু সাংগঠনিক সম্পাদক দেৱ পেগুৱে সকীয়াই দিয়ে৷ সম্প্ৰতি সাংবাদিক আৰু ৰাজহুৱা কৰ্মীৰ পৰা পলায়ন কৰি ফুৰা বন বিষয়াসকলক, লগতে নীতিনিৰ্ধাৰণ কৰা আমোলা মন্ত্ৰীক কৰায়ত্ত কৰি চৰকাৰে স্বচ্ছতা প্ৰদৰ্শন কৰাৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে৷