Logo
image

কৃষকৰ আন্দোলনৰ পৰাও আমি শিক্ষা ল’ব লাগিব

দেশৰ লাখ লাখ কৃষকে কৃষকবিৰোধী আইন প্ৰত্যাহাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে৷ তাৰ পাছতো চৰকাৰে কৃষক বিদ্ৰোহৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰি চৰকাৰখনে এই কথা প্ৰমাণ কৰি দিছে যে এইখন স্বৈৰাচাৰী চৰকাৰ৷ গণতান্ত্ৰিক মূল্যবোধ কি সেই কথা চৰকাৰখনে বুজি নাপায়৷ এই সময়ত দেশৰ জনগণে এটা কথা বুজি লোৱা ভাল যে ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে এনে জনবিৰোধী আইন প্ৰতিহত কৰিব লাগিব৷ কৃষকৰ এই আন্দোলনৰ পৰাও আমি শিক্ষা ল’ব লাগিব৷ আমি নিশ্চিত যে ‘কা’খনে অসমৰ জাতীয় জীৱনৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব৷ অসমীয়া মানুহ ইতিমধ্যে অসমত সংখ্যালঘু হোৱাৰ দিশে গতি কৰিছে৷ বিগত লোকপিয়লত এই কথা ওলাই পৰিছে যে অসমত অসমীয়াৰ সংখ্যা প্ৰায় ৪৭ শতাংশলৈ নামিছে৷ ‘কা’ বলৱৎ হ’লে পৰৱৰ্তী লোকপিয়লত অসমীয়াৰ সংখ্যা ৪৫ শতাংশৰো তললৈ নামিব৷ চৰকাৰে ২০১৪ চনলৈ অহা লোকক নাগৰিকত্ব দিয়াৰ কথা  কৈছে যদিও পিছলৈ এই সময় ২০২০, ২০৩০ চনলৈ পৰ্যায়ক্ৰমে বঢ়াই গৈ থাকিব৷ ২০২০ চনলৈ আফগানিস্তানৰ পৰা প্ৰথম দলটোক দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইতিমধ্যে ভাৰত চৰকাৰে আদৰণি জনাইছে৷ ইয়াৰ জৰিয়তে চৰকাৰখনৰ যে ২০২০ চনলৈ অহা হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ পৰিকল্পনা আছে সেয়া স্পষ্ট হৈ উঠিছে৷ অসমত যদি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হয়, তেতিয়াহ’লে অহা ১০ বছৰত অসমতে অসমীয়াই সংখ্যালঘু জাতি হৈ পৰিব৷ অসমীয়াৰ মুখৰ মাতষাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ বিজেপিৰ৷ তাৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ কৰাৰ সময় সমাগত৷ গতিকে ৰাজনৈতিক ক্ষমতা লৈ ‘কা’খন অসমত প্ৰযোজ্য নকৰাৰ বাবে অসমৰ ৰাইজ সংকল্পবদ্ধ হ’ব লাগিব৷ কাৰণ ভাৰত চৰকাৰে বলৱৎ কৰা অসমীয়াৰ ক্ষতি হ’ব পৰা আইন এখন নামানো বুলি অসম চৰকাৰে সিদ্ধান্ত ল’ব পাৰে৷ যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহি গুজৰাটী জাতীয়তাবাদৰ পোষকতা কৰিব পাৰে তেনেহ’লে জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ‘কা’ৰ বিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবাঢ়ি আহিব নোৱাৰে কিয়? ভাৰত চৰকাৰে প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা বা ‘কাৰেন্সী’ৰ ক্ষেত্ৰত জনসাধাৰণৰ  ক্ষতি নোহোৱা যি সিদ্ধান্ত লয় লওক৷ কিন্তু এনে কোনো আইন অসমৰ মাটিত বলৱৎ হ’বলৈ নিদিওঁ– যি আইনে অসমৰ জনসাধাৰণৰ অনিষ্ট কৰিব পাৰে৷ এনে আইন প্ৰতিহত কৰিবলৈ যাওঁতে যদি কিবা সাংবিধানিক সংকট আহে সেই সংকটৰ মুখামুখি হ’বলৈ আমি সাজু৷ অসমত অসমীয়া ভাষাৰ সংকট সৃষ্টি কৰিব পৰা ‘কা’ কোনোপধ্যে প্ৰযোজ্য হ’বলৈ নিদিওঁ৷


জগদীশ ভূঞা