Logo
image

গণতন্ত্ৰৰ বিপদ ঘণ্টা

ভাৰতীয় গণতন্ত্ৰৰ সুন্দৰতা প্ৰতিফলিত হয় ইয়াৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ পৰা৷ ভাৰতীয় সংবিধান প্ৰণেতাসকলে প্ৰায় তিনি বছৰ চিন্তা-চৰ্চা কৰি, আলাপ-আলোচনাৰ মাজেৰে, তৰ্ক-বিতৰ্ক কৰি ইয়াৰ সংবিধান প্ৰণয়ন কৰিছিল৷ প্ৰণেতাসকলে লক্ষ্য কৰিছিল যাতে চৰকাৰৰ নামত জনসাধাৰণৰ অধিকাৰসমূহ হৰণ কৰা নহয়৷ সেয়ে সংবিধানৰ মৌলিক অধিকাৰৰ ভিতৰত থকা স্বাধীনতাৰ অধিকাৰত নাগৰিকৰ মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰা হৈছে৷ আনহাতে, আমাৰ দেশৰ সাংসদ-বিধায়কসকলে সবিধানৰ ১০৫ আৰু ১৯৪ৰ অধীনত কিছু বিশেষ অধিকাৰ পায়৷ ইয়াৰ ভিত্তিত সংসদ-বিধানসভাত সদস্যসকলৰ সম্পূৰ্ণ মত প্ৰকাশৰ স্বাধীনতা থাকে৷ ইয়াৰ ভিত্তিতে এইসকল জনপ্ৰতিনিধিয়ে সংসদ-বিধানসভাত দিয়া বক্তব্যৰ বাবে কোনো আইনী বাধ্যবাধকতা পালন কৰিব নালাগে বা তেওঁৰ ওপৰত কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰে৷ কিন্তু ইয়াৰ নামত এইসকল জনপ্ৰতিনিধিয়ে যদি সংসদ-বিধানসভাৰ ভিতৰত শাৰীৰিক আক্ৰমণৰ দৰে অশুভ আচৰণ প্ৰদৰ্শন কৰে, সেয়া কোনো কাৰণতে সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ শেহতীয়াকৈ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে দিয়া এক ৰায়দানৰ জৰিয়তে এনে কাৰ্যক নিষিদ্ধ কৰিছে৷ যিটো প্ৰশংসনীয়৷

কিন্তু বৰ্তমান চৰকাৰখনে এইসকল জনপ্ৰতিনিধিৰ মুখত সোপা দিয়াৰ বাবে যি ব্যৱস্থা লৈছে, সেয়াহে উদ্বেগৰ বিষয় হৈ পৰিছে৷ চৰকাৰে অধ্যক্ষৰ অধিকাৰক অপপ্ৰয়োগ কৰি নতুনকৈ অৰ্ধশতাধিক শব্দক অসংসদীয় বুলি ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত ‘অসত্য’ৰ দৰে শব্দকো তালিকাভুক্ত কৰা কাৰ্যই ইয়াৰ অন্তৰালত থকা চৰকাৰৰ প্ৰকৃত উদ্দেশ্যক প্ৰতিফলিত কৰিছে৷ এতিয়াৰ পৰা কোনো সদস্যই সংসদত ক’ব নোৱাৰিব ‘মন্ত্ৰী মহোদয, আপোনাৰ তথ্য অসত্য’৷ এতিয়াৰ পৰা সাংসদ-বিধায়কসকলে ক’ব নোৱাৰিব, ‘অধ্যক্ষ মহোদয়, দেশৰ প্ৰশাসনত নৈৰাজ্যবাদৰ সৃষ্টি হৈছে৷ চৰকাৰে ইয়াক ঠিক কৰাৰ ব্যৱস্থা কৰক৷’ কাৰণ এতিয়াৰ পৰা নৈৰাজ্যবাদ শব্দ সংসদত নিষিদ্ধ৷ কোনেও ক’ব নোৱাৰিব শিশুসুলভ মানসিকতাৰ কথা৷ কাৰণ কোনো মন্ত্ৰী বা সদস্যই কথা বাদেই দিলোঁ, যদি কোনো ব্যক্তিয়ে নকৰিবলগীয়া আচৰণ কৰে বা কোনো বিষয়ায়ো যদি নকৰিবলগীয়া আচৰণ কৰে, তাক শিশুসুলভ মানসিকতা বুলি ক’বই লাগিব৷ কিন্তু এতিয়াৰ পৰা সেই শব্দও নিষিদ্ধ কৰা হৈছে৷ তাতোকৈ চিন্তাৰ কথা হৈছে দেশত বাঢ়ি অহা নাৰী নিৰ্যাতনৰ ঘটনাক আলোচনা কৰিবলৈ বা কোনো মহিলা যদি নিৰ্যাতনৰ বলি হয় তেতিয়া হ’লেও সংসদ-বিধানসভাত সেই কথা আলোচনা হ’ব নোৱাৰিব! দালাল, দাদাগিৰি, বিশ্বাসঘাতক, সংবেদনহীন আদি শব্দকো নিষিদ্ধ কৰা হৈছে৷ 

তাতোকৈও ডাঙৰ কথা ১৪ জুলাইত সংসদৰ মহাসচিব পি  চি মোদীয়ে এক জাননীৰ জৰিয়তে সংসদ ভৱনৰ এলেকাৰ ভিতৰত এতিয়াৰ পৰা ধৰ্ণা-ধৰ্মঘট, বিক্ষোভ নালাগে অনশনৰ দৰে শান্তিপূৰ্ণ কাৰ্যসূচীও ল’ব নোৱাৰিব৷ এয়া গণতন্ত্ৰৰ টেঁটু চেপাৰ দৰে ঘটনা হোৱা নাইনে? যিখন দেশৰ স্বাধীনতাই সংগ্ৰামৰ মাজেৰে আহিছে, সেইখন দেশত সংগ্ৰাম নিষিদ্ধ কৰি তাকো জনপ্ৰতিনিধিৰ অধিকাৰ হৰণ কৰি চৰকাৰে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিব বিচাৰিছে বুলিয়েই ব্যাপক চৰ্চা হৈছে৷ 

এনে ঘটনা একমাত্ৰ বিৰোধীৰ দুৰ্বল অৱস্থানৰ বাবেই যে ঘটিবলৈ পাইছে, সেয়া নিশ্চিত, কাৰণ প্ৰধান বিৰোধী দল কংগ্ৰেছ এতিয়া নিজৰ নেতাক ইডিৰ জেৰাৰ পৰা বচোৱাৰ কাৰ্যতে লাগি থাকিব লগা হৈছে৷ মানসিকভাৱে দুৰ্বল কংগ্ৰেছ বিজেপিৰ চক্ৰান্ত উফৰাবলৈ সক্ষম নহয়৷ আন  বিৰোধী দলবোৰেও সংগঠিত হৈ প্ৰতিবাদ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলোৱাত এতিয়া নিৰ্বাচিত চৰকাৰখনে যি ইচ্ছা তাকেই কৰাৰ বাবে আগবাঢ়িছে৷ যিটো গণতন্ত্ৰৰ বাবে অতি উদ্বেগজনক কথা৷ সাংসদ-বিধায়কসকলৰ ক্ষেত্ৰতে চৰকাৰ ইমান কঠোৰ হ’বলৈ সক্ষম হৈছে যেতিয়া সাধাৰণ নাগৰিকক যে বুলডজাৰেৰে মহটিয়াই পেলাব, সেয়া নিশ্চিত৷ সেয়ে সময় থাকোঁতেই গণতন্ত্ৰক ভালপোৱা সকলো নাগৰিক, দল-সংগঠন ঐক্যবদ্ধ হৈ চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতিবাদ কৰিব লাগিব৷ অন্যথা দেশত হিটলাৰীৰাজ আহিবলৈ বেছি সময় নালাগিব৷