উচ্ছতম ন্যায়ালয়ে সকাহ দিলে বিদ্ৰোহী কৃষকক
উচ্ছতম ন্যায়ালয়ৰ প্ৰাৰম্ভিক নিৰ্দেশে দিল্লীত চলি থকা কৃষকৰ আন্দোলনটোক গভীৰ সকাহ দিছে৷ উচ্ছতম ন্যায়ালয়ত কিছুসংখ্যক অচিনাক্ত অথচ কাৰোবাৰ নিৰ্দেশত কাম কৰা ব্যক্তিয়ে কৃষক আন্দোলনক নিষিদ্ধ ঘোষণা কৰিবলৈ আৰু ৰাজপথৰ পৰা উচ্ছেদ কৰিবলৈ জনোৱা আবেদনৰ ক্ষেত্ৰত আমাৰ শংকা আৰু সংশয় আছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে সামাজিকভাৱে অপৰিচিত কেইজনমান আবেদনকাৰীৰ আবেদনৰ উত্তৰত শুনানি গ্ৰহণ কৰি প্ৰাৰম্ভিকভাৱে যি নিৰ্দেশ জাৰি কৰিছে সেয়া আমাৰ বাবে এই মুহূৰ্তত সামগ্ৰিকভাৱে স্বস্তিদায়ক৷ অন্ততঃ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশে মনৰ সংশয় আৰু শংকা পৰৱৰ্তী ১৫-১৭ দিনৰ বাবে দূৰ কৰিবলৈ সক্ষম হৈছে৷
উচ্ছতম ন্যায়ালয়ৰ কৃষক আন্দোলনক লৈ হোৱা সম্ভাৱ্য শুনানি আৰু নিৰ্দেশ আমাৰ বাবে মূলতঃ চাৰিটামান কাৰণত শংকাজনক আছিল৷ সেই বিষয়ে বৰ্ণনা কৰাৰ পূৰ্বে মই আন এটা শংকাৰ কাৰণ কওঁ৷ আন্দোলনটোৰ বিৰুদ্ধে আবেদন জনোৱা আৰু ৰাজপথৰ পৰা আন্দোলনকাৰীক উচ্ছেদ কৰিবলৈ আবেদন জনোৱা আবেদনকাৰী তেনেই অপৰিচিত ব্যক্তি৷ তেওঁ কোন পক্ষৰ হৈ কাম কৰিছে সেয়া আন্দোলনকাৰীৰ প্ৰথমে বোধগম্য হোৱা নাছিল৷ কিন্তু আবেদনকাৰীৰ পক্ষ লৈ যেতিয়া নামী-দামী অধিবক্তা হৰিশ ছালভেই যুক্তি-তৰ্ক আৰম্ভ কৰিলে তেতিয়া তেওঁ কোন পক্ষৰ সেয়া বুজিবলৈ বাকী নাথাকিল৷ শেহতীয়াকৈ দেখা গৈছে, হৰিশ ছালভেই বিজেপিৰ পক্ষে আৰু বিজেপিৰ সৈতে সু-সম্পৰ্ক থকা ব্যক্তিৰ হৈ আইনী যুঁজ দিয়ে আৰু উচ্ছতম ন্যায়ালয়ত চমৎকাৰ বিজয় সাব্যস্ত কৰে৷
আমাৰ, আন্দোলনকাৰীৰ মূল শংকাৰ কাৰণ আছিল চাৰিটা–
[১] আদালতে শ্বাহিনবাগৰ আন্দোলনৰ দৰে কৃষকৰ আন্দোলনকো অবৈধ ঘোষণা কৰিব পাৰে ৰাজহুৱা স্থান দীৰ্ঘসময় দখল কৰি থকাৰ বাবে৷ শ্বাহিনবাগৰ দৰে এইবাৰো আমাক ৰাজপথ খালী কৰিবলৈ কোৱাৰ শংকা আছিল৷
[২] আদালতে এই অচলাৱস্থাৰ অৱসান ঘটোৱাৰ বাবে নিজেই সমাধানৰ চেষ্টা চলোৱাৰ শংকা আছিল৷ যদিও এয়া আদালতৰ কাম নহয়৷
[৩] এই আইন উপকাৰী নে অপকাৰী সেই বিষয়ত আদালতে নিজস্ব মতামত দিয়াৰ শংকা আছিল৷ চৰকাৰী নীতিৰ ভিতৰত সোমোৱাতো আদালতৰ কাম নহয়৷
[৪] আন্দোলন আৰু এই প্ৰতিবাদ সাংবিধানিক হয়নে নহয়, সেই বিষয়ে আন্দোলনটোৰ বিৰুদ্ধে যাব পৰাকৈ ৰায় দিয়াৰ আশংকা আছিল৷
ইয়াৰ বিপৰীতে আমাৰ শংকা, সংশয় অমূলক প্ৰমাণ কৰি উচ্ছতম ন্যায়ালয়ে এই সম্পৰ্কীয় প্ৰথম ৰায়ত কৃষকৰ আন্দোলনৰ সপক্ষেই ৰায়দান কৰিলে৷ প্ৰথমেই উচ্ছতম ন্যায়ালয়ে ক’লে– কৃষক আন্দোলনকাৰীক উচ্ছেদ কৰিব নোৱাৰে চৰকাৰে৷ আন্দোলন আৰু প্ৰতিবাদ নাগৰিকৰ মৌলিক অধিকাৰ, যেতিয়ালৈকে ই অহিংস, শান্তিপূৰ্ণ হৈ থাকে আৰু যেতিয়ালৈকে ৰাজহুৱা সম্পত্তি, জনজীৱনৰ হানি নহয়৷
উচ্ছতম ন্যায়ালয়ৰ এই ৰায়দান আমাৰ আন্দোলনৰ চৰিত্ৰৰ সৈতে গভীৰ সাদৃশ্য থকা৷ আৰক্ষীয়ে আন্দোলনকাৰীক প্ৰহাৰ কৰিছে, কন্দুৱা গেছ প্ৰয়োগ কৰিছে, জলকামানেৰে ছত্ৰভংগ দিয়াইছে৷ তথাপি কৃষক আন্দোলনকাৰী উত্তেজিত হোৱা নাই, আৰক্ষীৰ বিৰুদ্ধে হিংস্ৰ হোৱা নাই৷ সাধাৰণ ৰাইজৰ বিৰুদ্ধে হিংস্ৰ হোৱাৰ প্ৰশ্নই নাই৷ দিল্লীৰ স্থানীয় বাসিন্দাই আন্দোলনকাৰীক আদৰি লৈছে৷
উচ্ছতম ন্যায়ালয়ে এতিয়াই এই সমস্যা সমাধানৰ বাবে কোনো কমিটী গঠন কৰি দিয়া নাই, নিজেও সমাধানৰ বাবে হস্তক্ষেপ কৰা নাই৷ অহা জানুৱাৰীত উচ্ছতম ন্যায়ালয়ৰ শীতকালীন বন্ধ নোখোলালৈ প্ৰয়োজন নহ’লে পৰৱৰ্তী শুনানি গ্ৰহণ নকৰে বুলি জনাইছে৷ অৱশ্যে প্ৰয়োজন হ’লে আন্দোলনকাৰী অৱসৰকালীন বিচাৰপীঠৰ কাষ চাপিব পাৰিব বুলিও জনাইছে৷ উচ্ছতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিত কৃষকৰ অনুমতি সাপেক্ষে এখন কমিটী গঠনৰ কথা কৈছে, য’ত স্বাধীন, নিৰপেক্ষ, বিশেষজ্ঞ থাকিব৷ সেই মনোভাৱ আন্দোলনকাৰীৰ প্ৰতি ক্ষতিকাৰক৷ কিয়নো কাৰোবাৰ চকুত বাঁওপন্থীজন কাৰোবাৰ বাবে সোঁপন্থী, আদালতে ভবা বিশেষজ্ঞজনে চৰকাৰী লাভালাভৰ কথা ক’বনে কৃষকৰ লাভৰ কথা ক’ব? আইনখন কৃষকৰ বাবে নে চৰকাৰৰ বাবে? সেয়ে উচ্ছতম ন্যায়ালয়ৰ এই ইংগিত আন্দোলনকাৰীৰ বাবে সুখপ্ৰদ নহ’ব যেন লাগিছে৷ তথাপি তাৰ বাবে আদালতৰ বন্ধ খোলালৈ এপষেক সময় আছে৷ এই আইন কৃষকৰ বাবে হয়নে নহয় তাৰ টিপ্পনি নিদিলে উচ্ছতম ন্যায়ালয়ে৷ সেয়া আদৰণীয়৷ পূৰ্বে দুটা গোচৰতো, এবাৰ কৃষকৰ আত্মহত্যা আৰু আনবাৰ কৃষকৰ ঋণ মাফৰ গোচৰত সেয়া চৰকাৰী আৰু আমোলাৰ কাম বা নীতি বুলি উচ্ছতম ন্যায়ালয় হস্তক্ষেপৰ পৰা বিৰত আছিল৷
চৰকাৰে আন্দোলনকাৰীলৈ ৮ পৃষ্ঠাৰ এখন পত্ৰ দিছে৷ তাত প্ৰথমে আলোচনাৰ কথা, পাছলৈ একেবোৰ কথা আৰু শেষত আইন বাতিল নকৰাৰ অংগীকাৰ৷ চৰকাৰে ভাবিছে দিল্লীত ক্ৰমাৎ ঠাণ্ডা বাঢ়ি আহিছে আৰু আন্দোলনো ঠাণ্ডা হৈ যাব৷ কিন্তু কৃষক আন্দোলনকাৰীৰ তেজ গৰম হৈ আহিছে৷ দেশৰ বিভিন্ন স্থানৰ পৰা ব্লেংকেট পঠিয়াইছে অনেকেই৷ এগৰাকী ৬ বছৰীয়া শিশুৰ কথাই মোক আবেগিক কৰি পেলালে৷ তেওঁৰ পিতৃয়ে খ্ৰীষ্টমাছৰ উপহাৰ কি লাগে সুধিলে৷ তেওঁ পিতৃক ক’লে– দিল্লীত আন্দোলন কৰি থকা কৃষকে যদি তেওঁলোকে বিচৰাখিনি পায়, সেয়াই হ’ব তেওঁৰ বাবে বৰদিনৰ শ্ৰেষ্ঠ উপহাৰ৷ আমাৰ সমৰ্থক এনেদৰেই দেশত বাঢ়ি আহিছে৷
যোগেন্দ্ৰ যাদৱ