Logo
image

মেঘালয়ৰ ৪ বিধায়কৰ বিজেপিত যোগদান : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পিন্ধিলে গেৰুৱা বসন

ডিজিটেল ডেস্ক : মেঘালয় নিৰ্বাচনৰ পূৰ্বে চাৰিগৰাকী বিধায়কে পিন্ধিলে গেৰুৱা বসন৷ নিৰ্বাচনৰ পূৰ্বে পূৰ্বে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তৃণমূল কংগ্ৰেছ আৰু এনপিপি৷ দুয়োটা দলৰ তিনিজন বিধায়কে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত৷ বুধবাৰে এনপিপিৰ দুজন বিধায়ক, টিএমচিৰ এজন আৰু এগৰাকী নিৰ্দলীয় বিধায়কে যোগদান কৰিলে বিজেপিত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিল্লীৰ কাৰ্যালয়ত চাৰিওগৰাকী বিধায়কে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত৷ 

বিজেপিত যোগদান কৰা বিধায়কসকলৰ ভিতৰত আছে এনপিপিৰ বেনেডিক্ট মাৰাক আৰু ফাৰ্লিন চাংমা,  টিএমচিৰ বিধায়ক এইচ এম শ্বাংপলিয়াঙৰ লগতে নিৰ্দলীয় বিধায়ক চেমুৱেল চাংমা৷ উল্লেখ্য যে টিএমচি আৰু এনপিপিৰ তিনিওজন বিধায়কে ২৮ নৱেম্বৰত ৰাজ্যিক সচিবালয়ত বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক সাক্ষাৎ কৰাৰ পিছত তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল। 

মেঘালয়ত বৰ্তমান মেঘালয় ডেমক্ৰেটিক এলায়েন্স (এমডিএ)ৰ চৰকাৰ। ৬০ জনীয়া মেঘালয় বিধানসভাত এনপিপিৰ ২৩ জন বিধায়কসহ মিত্ৰজোঁটৰ মুঠ  ৪৮ জন বিধায়ক আছে। দুজন বিধায়কৰ সৈতে বিজেপিয়ে ৰাজ্যখনৰ নেচনেল পিপলছ পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ সহযোগী। উল্লেখ্য যে বিগত কিছু সময়ৰ পৰা এনপিপি আৰু বিজেপিৰ সম্পৰ্কত ফাঁট মেলা দেখা গৈছে৷