Logo
image

দেশৰ ৰাজধানীত সুৰক্ষিত নহয় মহিলা-কিশোৰী : এচিড আক্ৰমণৰ সন্মুখীন ১৭ বছৰীয়া কিশোৰী

ডিজিটেল ডেস্ক : দেশৰ ৰাজধানীত মুঠেই সুৰক্ষিত নহয় মহিলা-কিশোৰী৷ শেহতীয়াকৈ দিল্লীত সংঘটিত হোৱা এটা ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে৷ দিন-দুপৰতে বাইকত অহা দুই যুৱকে এগৰাকী কিশোৰীৰ মুখত এচিড ঢালি পলায়ন কৰে৷ দিল্লীৰ ৰাজপথত এচিড আক্ৰমণৰ সন্মুখীন হ'ল এগৰাকী ১৭ বছৰীয়া কিশোৰী৷ এই সকলো দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত৷

বুধবাৰে পুৱা পশ্চিম দিল্লীৰ উত্তম নগৰৰ মোহন গাৰ্ডেন অঞ্চলত বিদ্যালয়লৈ যাবলৈ পথত ৰৈ থকাৰ সময়তে বাইকত অহা দুই যুৱকে কিশোৰীগৰাকীৰ মুখত এচিড নিক্ষেপ কৰে৷ পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

আনহাতে ঘটনা সন্দৰ্ভত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি মূল অভিযুক্ত শচীন অৰোৰা আৰু হৰ্ষিতক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকৰ সহযোগী বীৰেন্দ্ৰ সিঙকো গ্ৰেপ্তাৰ কৰা হয়। আনহাতে এই ঘটনাৰে জড়িত অভিযুক্তই স্বীকাৰ কৰা অনুসৰি তেওঁলোকে ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিছিল এচিড।

এই ঘটনাৰ পিছতে এতিয়া বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে কেজৰিৱাল চৰকাৰ৷ ইয়াৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় যে এনে ধৰণৰ ঘটনা সহ্য কৰিব নোৱাৰি। অপৰাধীসকলে ইমান সাহস কেনেকৈ কৰিলে? এই ঘটনাৰে জড়িত অপৰাধীক কঠোৰ শাস্তি বিহা উচিত। আনহাতে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে টুইট যোগে ভুক্তভোগীৰ ন্যায়ৰ দাবী কৰাৰ লগতে দেশত এচিডৰ মুকলি বিক্ৰী নিষিদ্ধ কৰাত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰক সমালোচনা কৰে।