Logo
image

বটদ্ৰৱাত যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান : আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ডিজিটেল ডেস্ক : গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ  ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ চৌপাশে শ-শ বিঘা চৰকাৰী ভূমিত চলি থকা অবৈধ বেদখল উচ্ছেদ কৰাৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন।  যিকোনো মুহূৰ্তত বটদ্ৰৱাৰ বেদখলকৃত চৰকাৰী ভূমিত চলিব নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। ধিং ৰাজহ চক্রৰ বটদ্ৰৱা মৌজাৰ ৰামপুৰ সত্ৰ, চৰকাৰী কৃষি বীজ ফাৰ্ম আৰু ভোমোৰাগুৰি লালুং গাঁও জামাই বস্তিৰ চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে।

বুধবাৰে পুৱা বটদ্ৰৱাৰ আৰক্ষী, চিআৰপিএফ বাহিনী লগত লৈ নগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই মাইকযোগে ফ্লেগ মাৰ্চ কৰি বেদখল উচ্ছেদ কৰাৰ কথা ঘোষণা কৰাৰ লগতে বটদ্ৰৱাৰ অস্থায়ী শিবিৰত ৭০০ আৰক্ষী-চিআৰপিএফৰ জোৱান মোতায়েন কৰিছে। উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবেই এই বিশাল ফ্লেগ মাৰ্চ কৰা হৈছে। 

প্ৰশাসনে গ্ৰহণ কৰা এই উচ্ছেদ অভিযানক স্থানীয় আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আদৰণি জনাইছে। নগাঁও জিলা প্ৰশাসনৰ এক সূত্ৰ মতে অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব এই উচ্ছেদ অভিযান। আনহাতে স্থানীয় এক সূত্ৰৰ মতে অহা ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ চলিব এই উচ্ছেদ অভিযান।