Logo
image

শনিবাৰৰ পৰা গুৱাহাটীত কৃষি উদ্যান শস্য মেলা

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ:  গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২২৷ বয়সৰ লেখেৰে ৬টা বৰ্ষ পূৰ্ণ কৰি সপ্তম বৰ্ষত ভৰি দিয়া এই আন্তঃৰ্জাতিক কৃষি-উদ্যান শস্য মেলাই ৰাজ্যখনৰ কৃষি-উদ্যান শস্যখণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ বুধবাৰে গুৱাহাটীৰ  অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ সভা কক্ষত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই বিগত সময়চোৱাত এই মেলাই কৃষক ৰাইজক আধুনিক কৃষি প্ৰযুক্তিৰ লগতে আন্তঃৰ্জাতিক বজাৰত চাহিদা থকা নতুন নতুন শস্যৰ খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ প্ৰতিফলন ৰাজ্যৰ কৃষিক্ষেত্ৰত ইতিমধ্যে পৰিদৃশ্যমান হোৱা বুলি উল্লেখ কৰে৷ ২০১৩ চনত প্ৰথমবাৰৰ বাবে আঞ্চলিক ভিত্তিত অনুষ্ঠিত কৰা এই কৃষি-উদ্যান শস্য মেলাখন ২০১৪ চনৰ পৰা আন্তঃৰ্জাতিক পৰ্যায়লৈ উন্নীত হোৱা বুলিও মন্ত্ৰী বৰাই প্ৰকাশ কৰে৷ শেহতীয়াভাবে ৰাজ্যখনৰ যুৱ শক্তিয়ে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ মাজেৰে নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ সন্ধান কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, কৃষিখণ্ডত যুৱ শক্তিৰ অংশগ্ৰহণক গুৰুত্ব দিয়েই এইবাৰৰ আন্তঃৰ্জাতিক মেলাখনৰ মূল বিষয় ‘যুৱ শক্তিৰ অংশ গ্ৰহণেৰে কৃষি-উদ্যান শস্যখণ্ডৰ নৱজাগৰণ’ ৰখা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ বিকাশৰ জৰিয়তে ৰাজ্যখনৰ কৃষকৰ অৰ্থনৈতিক বিকাশত অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰাৰ লগতে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ বিকাশৰ জৰিয়তে অসমক দেশৰ ৫খন অগ্ৰণী ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিছে৷ উন্নত প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ জৰিয়তে অসমৰ কৃষি-উদ্যান শস্যখণ্ডৰ উৎপাদন আৰু বিপণন ব্যৱস্থাক নতুন ৰূপ দিয়াৰ বাবে এইবাৰ অসম আন্তঃৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত ৮টা বিভিন্ন প্ৰাসংগিক বিষয়ৰ ওপৰত কাৰিকৰী অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই কাৰিকৰী অধিৱেশনসমূহে ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ৰূপান্তৰৰ বাবে পুষ্পখণ্ডৰ বিকাশ, উচ্ছ-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে মানবিশিষ্ট ৰোপণ সামগ্ৰী উৎপাদনত স্বাৱলম্বিতা, বাণিজ্যিক শস্য হিচাপে অসম মিলেট মিচন, উদ্যান শস্যখণ্ডৰ উলম্ব সম্প্ৰসাৰণ, কৃষি-উদ্যান শস্যখণ্ডত ষ্টাৰ্ট আপ - প্ৰত্যাহ্বান আৰু সুযোগ, ব্যৱসায়িক কৃষি-উদ্যান শস্যখণ্ড, কৃষি-উদ্যান শস্যৰ ৰপ্তানি, বীজ উৎপাদন খণ্ড, জৈৱিক আৰু প্ৰাকৃতিক কৃষিক প্ৰাধান্য দি সক্ষমতা বৃদ্ধি আদি বিষয় সামৰি ল’ব৷ ইয়াৰ উপৰি, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশৰ বাবে উন্নয়ন কৌশলৰ দৰে বিশেষ আলোচনা চক্ৰও এই মেলাত অনুষ্ঠিত হ’ব৷ এই আলোচনা চক্ৰসমূহত অসমৰ উপৰিও দেশৰ বিভিন্ন আগশাৰীৰ নীতি নিৰ্ধাৰক, কৃষি বিজ্ঞানী, কৃষি বিষয়ক সংস্থাৰ প্ৰতিনিধি, কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্ৰগতিশীল কৃষক, কৃষিদ্যোগী আদিয়ে অংশগ্ৰহণ কৰিব৷ মেলাত ম্যানমাৰ, থাইলেণ্ড, বাংলাদেশ, ভিয়েটনাম, নেপাল, ঘানা, কেনিয়া, ভূটান, ইজৰাইল আৰু কিউবাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ নিশ্চিত হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই আন্তঃৰ্জাতিক মেলাখনত বিভিন্ন কৃষক, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোটৰ প্ৰতিনিধি, ষ্টাৰ্ট আপৰ ১৫২টা, বিভিন্ন বিভাগৰ ৫০টা, কৃষি যন্ত্ৰপাতি নিৰ্মাণকাৰী প্ৰতিষ্ঠান, ডীলাৰ আদিৰ ১০০টা, নাৰ্চাৰীৰ বাবে ৭০টা আৰু থলুৱা আৰু অন্যান্য খাদ্য সম্ভাৰৰ ৩০টা কক্ষ থাকিব৷’ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী বৰাই কয় যে, বিগত সময়চোৱাত ৰাজ্যখনে ২০০ কোটি টকাতকৈও অধিক কৃষিজাত পণ্য দেশ-বিদেশলৈ ৰপ্তানি কৰাৰ লগতে এপাৰ্টৰ জৰিয়তে ৰাজ্যখনৰ বিপনন ব্যৱস্থাক সংগঠিত কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ চাহ বাগিচাসমূহৰ অব্যহৃত ভূমি উদ্যান শস্য আৰু আন বাণিজ্যিক শস্যৰ আওতালৈ অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ বীজৰ মান সম্পৰ্কত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কয় যে, কৃষি বিভাগৰ ৪০খন বীজ পাম অসম বীজ নিগমক হস্তান্তৰ কৰা হৈছে আৰু উন্নত কৃষি প্ৰযুক্তিৰ জৰিয়তে এই বীজপামখনে মানবিশিষ্ট বীজ উৎপাদন কৰিব৷ সংবাদ মেলত এপাৰ্টৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশদীপ, কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী, অতিৰিক্ত কৃষি সচিব দীপশিখা দে আৰু তেজ প্ৰসাদ ভূচাল, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, উপ কৃষি সচিব সমীৰণ বৰা, যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা, মূল সমিতি তথা আয়োজক সমিতিৰ সহযোগী সদস্য সচিব হৰেন্দ্ৰ নাথ তালুকদাৰ উপস্থিত থাকে৷