Logo
image

এচিড নিক্ষেপ কৰা যুৱকক ৰাজহুৱাভাৱে ফাঁচী দিব লাগে : বিজেপি সাংসদ গৌতম গম্ভীৰ

ডিজিটেল ডেস্ক : ৰাজধানী দিল্লীত বুধবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ দিন-দুপৰতে বাইকত অহা দুই যুৱকে এগৰাকী কিশোৰীৰ মুখত এচিড নিক্ষেপ কৰে৷ দিল্লীৰ ৰাজপথত এচিড আক্ৰমণৰ সন্মুখীন হ'ল এগৰাকী ১৭ বছৰীয়া কিশোৰী৷ এই ঘটনাৰ পিছত কেজৰিৱাল চৰকাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷ 

আনহাতে এচিড আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে কয় যে দিল্লীত ১৭ বছৰীয়া কিশোৰীক এচিড নিক্ষেপ কৰা যুৱকক ৰাজহুৱাভাৱে ফাঁচী দিব লাগে৷ লগতে তেওঁ কয় যে এনেধৰণৰ অপৰাধত অভিযুক্তসকলৰ মাজত অত্যাধিক ভয়ৰ ভাৱ জাগ্ৰত কৰাৰ প্ৰয়োজন আছে।

টুইটযোগে গম্ভীৰে কয় যে  শব্দই কোনো ন্যায় কৰিব নোৱাৰে। আমি এই জন্তুবোৰৰ মাজত ভয়ৰ ভাৱ জাগ্ৰত কৰিব লাগিব। এগৰাকী স্কুলীয়া ছাত্ৰীৰ ওপৰত এচিড নিক্ষেপ কৰা যুৱকজনক ৰাজহুৱাভাৱে ফাঁচী দিব লাগে৷

উল্লেখ্য যে বুধবাৰে পুৱা পশ্চিম দিল্লীৰ উত্তম নগৰৰ মোহন গাৰ্ডেন অঞ্চলত বিদ্যালয়লৈ যাবলৈ পথত ৰৈ থকাৰ সময়তে বাইকত অহা দুই যুৱকে ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মুখত এচিড নিক্ষেপ কৰে৷ কিশোৰীগৰাকীক এচিড নিক্ষেপ কৰাৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত৷ পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷