Logo
image

২৩ ডিচেম্বৰৰ পৰা নৰ্থ-ইষ্ট ফেষ্টিভল

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ:  নতুন দিল্লীৰ জৱাহৰ লাল নেহেৰু ষ্টেডিয়াম [প্ৰৱেশ দ্বাৰ ১৪] ত বহু দশম বাৰ্ষিক নৰ্থ-ইষ্ট ফেষ্টিভেল ২৩-২৬ ডিচেম্বৰলৈ আয়োজন কৰা হৈছে৷ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই এই কথা জানিবলৈ দিয়ে৷ তেওঁ জনোৱা মতে এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীযে৷ অনুষ্ঠানত কেন্দ্ৰীয় উদ্যোগিক আৰু বাণিজ্য, গ্ৰাহক সুৰক্ষা তথা খাদ্য আৰু জন বিতৰণ মন্ত্ৰী পীয়ূছ গোৱেল, কেন্দ্ৰীয় আয়ুস, জাহাজ, বন্দৰ আৰু জলপথমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত থকাৰ কথা৷ উল্লেখ্য যে ২০১৩ চনত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱ ক্ৰমাগতভাৱে সপ্তমবাৰলৈ নতুন দিল্লীৰ জনপথত থকা ইন্দিৰা গান্ধী ময়দানত অনুষ্ঠিত হোৱাৰ উপৰি বিগত দুবছৰ ক’ভিডৰ কবলত পৰি গুৱাহাটীত বিশেষ আয়োজনৰে অনুষ্ঠিত কৰা হৈছিল আৰু এই অনুষ্ঠানসমূহত লাখ লাখ লোকৰ আগমন তথা সমাৱেশ ঘটিছিল৷ অন্যান্য বছৰ সমূহৰ দৰে চলিত বছৰৰ এই নৰ্থ-ইষ্ট ফেষ্টিভেলত বিভিন্ন নৃত্য-গীত, নৃত্য-সংগীত, মুখা শিল্প, ফেশ্বন শ্ব’ আদিৰ লগতে আন ভালেমান বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব৷ মহোৎসৱত ভাৰতৰ বিভিন্ন ৰক বেণ্ড সমূহৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ অন্যহাতে সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন লোক কলা বা পপ ৰক সংগীতৰ ভিতৰত অসমৰ ক্লানজান, ফ্লায়িং কিউপিদ, মণিপুৰৰ ইন’ছেণ্ট আই, ট্ৰেফিক জাম, বিপুল চেত্ৰী এণ্ড ট্ৰেভেলিং বেণ্ড, নাগালেণ্ডৰ ট্ৰেঞ্চ এফেক্ট, অৰুণাচলৰ তাবা সাকে আৰু মেঘালয়ৰ জেচি লিন্দোৰ সংগীত পৰিৱেশন কৰা হব৷ অসমৰ অন্যান্য জনপ্ৰিয় সংগীত শিল্পীৰ ভিতৰত জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ আৰু হোৱেন চাই মিত টোষ্ট আদি অন্যতম হিচাপে বিবেচিত হ’ব৷ তদুপৰি অন্যান্য জনপ্ৰিয় ডি জে তথা দিল্লী আৰু উত্তৰ পূ্‌বাঞ্চলৰ ৰক সংগীতসমূহৰো এই মহোৎসবত সমাৱেশ ঘটিব বুলি জানিব পৰা গৈছে৷ অন্যহাতে ইয়াৰ প্ৰদৰ্শনী প্ৰাংগণত উত্তৰ-পূৰ্বাঞ্চলৰ ১০০ ৰোঁ অধিক উদ্যোগীযে বিভিন্ন হস্ত শিল্প, কৃষি শিল্প তথা সংশ্লেষিত প্ৰস্তুত খাদ্যৰ প্ৰদৰ্শন আগবঢ়াব৷