Logo
image

'এইটো স্পষ্ট যে বিবাহ হ'ব'...: লুৰীণজ্যোতি গগৈ

ডিজিটেল ডেস্ক : নতুন জীৱনৰ আৰম্ভণি কৰিলে আছুৰ সদ্যপদত্যাগী দীপাংক কুমাৰ নাথে৷ আজি বিবাহপাশত আৱদ্ধ হ'ল প্ৰাক্তন ছাত্ৰনেতা দীপাংক কুমাৰ নাথ৷ গুৱাহাটীৰ সোমনাথ মন্দিৰত অধ্যাপিকা ড০ ৰূপা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল আছুৰ প্ৰাক্তন সভাপতিগৰাকী৷ 

দীপাংক কুমাৰ নাথৰ বিবাহৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিবাহ কেতিয়া হ'ব তাক লৈ চৰ্চা চলিছে৷ কেতিয়া বিবাহপাশত আৱদ্ধ হ'ব লুৰীণজ্যোতি গগৈ? আজি দীপাংক কুমাৰ নাথক বিবাহৰ শুভেচ্ছা যাচিবলৈ যোৱাৰ সময়তে সাংবাদিকৰে হোৱা কথোপকথনত এই কথা স্পষ্ট কৰিলে অজাপ নেতাগৰাকীয়ে৷

সাংবাদিকে লুৰীণজ্যোতি গগৈক কেতিয়া বিবাহপাশত আৱদ্ধ হ'ব বুলি সোধা প্ৰশ্ন উত্তৰত লুৰীণে কয় যে এইটো স্পষ্ট যে বিবাহ হ'ব৷ কেতিয়া হ'ব, ক'ত হ'ব সেয়া সময়ে ক'ব৷ কেতিয়া বিবাহ হ'ব সেয়া ভগবানে ক'ব ৷ কঁপালত যি লিখা আছে তাকে হ'ব ৷