Logo
image

সংকল্প পূৰণ হ'ল : চুলি কাটিলে ভূপেন বৰাই

ডিজিটেল ডেস্ক : প্ৰায় ৫০ দিনৰো অধিক দিনে চুলি কটা নাছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাই ইমান দিনে চুলি নকটাৰ কাৰণ আছিল তেওঁ লোৱা সংকল্প৷ পিছে কি সংকল্প লৈছিল ভূপেন বৰাই?

অসমত ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ আজি শদিয়াত অন্ত পৰিল৷ ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বুলি কয় ভূপেন বৰাই৷ লগতে তেওঁ কয় যে দলৰ ভিতৰৰ লগতে বাহিৰতো চৰ্চা চলিছিল যে ভাৰত জোড়ো যাত্ৰা শদিয়া নাপাবগৈ৷ তেনে সময়তে ৰাণা গোস্বামীয়ে ভূপেন বৰাক সংকল্প ল'বলৈ পৰামৰ্শ দিছিল৷ ভাৰত জোড়ো যাত্ৰা শদিয়া পালেহে চুলি কটাৰ সংকল্প ল'বলৈ ভূপেন বৰাক পৰামৰ্শ দিছিল ৰাণা গোস্বামীয়ে৷ 

ভূপেন বৰাই কয় যে ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলাইছিল যে জালুকবাৰী পোৱাৰ লগে লগে শেষ হ'ব ভাৰত জোড়ো যাত্ৰা৷ যাৰ বাবে দলীয় কৰ্মীৰ লগতে জনসাধাৰণৰ মনত কংগ্ৰেছৰ প্ৰতি আস্থা আনিবলৈ ইমান দিনে চুলি নকটাৰ সংকল্প লৈছিল ভূপেন বৰাই৷ আজি ভাৰত জোড়ো যাত্ৰা শদিয়া পোৱাৰ লগে লগে শদিয়াৰ এখন চেলুনত চুলি কাটিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ লগতে ভূপেন বৰাই কয় যে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মনত থকা ভয় ভাঙিবলৈ সক্ষম হ'ল কংগ্ৰেছ৷ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে ৰাইজৰ হতাশা-নিৰাশা দূৰ কৰাৰ লগতে সামাজক একত্ৰিত কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ল৷ লগতে তেওঁ কয় যে মাঘ বিহুৰ পিছত ইয়াতকৈ দুগুণ উৎসাহেৰে আৰু সংকল্পৰে কাৰ্যসূচী ল'ব কংগ্ৰেছে৷

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য-উদ্দেশ্য সাগৰৰ সমান গভীৰ, আকাশৰ সমান বিশাল৷ আমাৰ ৰাষ্ট্ৰত যি সাংবিধানিক সংকট দেখা দিছে, গণতন্ত্ৰৰ প্ৰতি ভাবুকি, বিৰোধীবিহিন পৰিৱেশ গঢ়ি তোলা হৈছে, এই সকলোবোৰৰ সন্মুখত প্ৰাচীৰ হিচাপে থিয় হৈ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে যি প্ৰচেষ্টা চলোৱা হৈছিল, সেই প্ৰচেষ্টা সফল হৈছে৷