Logo
image

স্বামীক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে মহিলাৰ পৰা নিলে কিডনী

ডিজিটেল ডেস্ক : স্বামীক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে এগৰাকী মহিলাৰ পৰা উলিয়াই নিলে কিডনী৷ এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষী আয়ুক্ত বিকাশ অৰোৰাই সমগ্ৰ ঘটনাৰ তদন্তৰ লগতে ঘটনাৰে জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি Qrg চিকিৎসালয়ৰ কৰ্মচাৰীসহ এই ঘটনাৰে ছজন লোক জড়িত৷ বৰ্তমান আৰক্ষীয়ে তদন্তত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা অনুসৰি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত মহিলাগৰাকীয়ে কয় যে দুবছৰ আগতে মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ ফেচবুক একাউণ্টত কিডনী দানৰ বিজ্ঞাপন দেখিছিল। মহিলাগৰাকীয়ে সেই পোষ্টটোত কমেণ্ট কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিছিল এটা দুষ্ট চক্ৰই। মহিলাগৰাকীয়ে কয় যে যদিও তেওঁ কিডনী দান কৰিবলৈ অস্বীকাৰ কৰিছিল, দুষ্ট চক্ৰটোৱে তেওঁৰ স্বামীক কিডনীৰ বিনিময়ত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দিছিল।

মহিলাগৰাকী অভিযোগ অনুসৰি চলিত বৰ্ষৰ আগষ্টত Qrg চিকিৎসালয়ৰ কৰ্মচাৰীৰ সৈতে মিলি দুষ্ট চক্ৰটোৱে মহিলাগৰাকীৰ কিডনী সংৰোপন কৰিছিল৷ মহিলাগৰাকীৰ অভিযোগৰ পিছতে এই গোচৰত জড়িত সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।