Logo
image

আন্দোলন নহ’লে অসম বিকাশৰ শিখৰত উঠিব!মুখ্যমন্ত্ৰী

যোৰহাটৰ লাচিত মৈদামলৈ ডেৰশ কোটি
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ: উজনি অসমৰ প্ৰাণ কেন্দ্ৰ যোৰহাটত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে জনতাৰ মাজলৈ বিকাশৰ ভাগিৰথী যাত্ৰাৰ অংশ হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৮৫৩.১৫৪৮ কোটি টকা ব্যয় সাপেক্ষে ১৭টা বৃহৎ প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য, বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ লোৱা হৈছে৷ ইয়াৰ ভিতৰত ১৪৯৮২.৫৪ লাখ টকা ব্যয় সাপেক্ষে হোলোঙাপাৰৰ  লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত স্থাপন কৰিব লগা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী ৰূপায়ণ কৰে৷ আনহাতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্মাণ কৰা সুবিশাল মণ্ডপত হাজাৰ হাজাৰ উৎসাহী লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰীয়ে ৰিম’ট বুটাম টিপি জিলাখনৰ বাবে উৎসৰ্গিত আন ১৬টা প্ৰকল্পৰ আধাৰশিলা আৰু ভূমিপূজন কাৰ্যসূচী ৰূপয়াণ কৰে৷ যোৰহাটৰ স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, কেশৱ মহন্ত, পীয়ূষ হাজৰিকা, উখৰাও গৌৰা ব্ৰহ্ম, বিমল বৰা, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা আদি মন্ত্ৰীসকলৰ উপস্থিতিত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই যোৰহাটৰ ঐতিহ্য আৰু ইতিহাস সোঁৱৰণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভাষণত কয় যে যোৰহাটক সৰ্বাংগসুন্দৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ সংকল্পৱদ্ধ আৰু সেই উদ্দেশ্যে স্বাধীনতাৰ অত বছৰৰ পাছত জিলাখনৰ বাবে ইমান বৃহৎ পুঁজি অনুমোদন কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰা লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৪৯ বিঘা মাটিত ১৫০ কোটি টকা ব্যয় সাপেক্ষে লাচিত স্মাৰক স্থাপন কৰি পৰ্যটকৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব৷ দেশ বিদেশৰ পৰ্যটকৰ বাবে এই কেন্দ্ৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব৷ ইফালে ২৭০ কোটি টকা ব্যয় সাপেক্ষে যোৰহাটৰ কমাৰবন্ধা পথৰ উন্নয়নেৰে যোৰহাট আৰু গোলাঘাটৰ মাজত সুচল যাতায়াতৰ ব্যৱস্থা কৰা হ’ব৷ এই পথে যোৰহাটৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব৷ ইফালে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়টো চিনামৰালৈ উঠাই নি তাত সংহত উপায়ুক্তৰ কাৰ্যালয় হিচাপে গঢ়ি তোলা হ’ব য’ত উপায়ুক্ত কাৰ্যালয়ৰ লগত সংশি¡ষ্ট সকলো কাৰ্যালয় স্থাপন কৰা হ’ব৷ পৰৱৰ্তী পৰ্যায়ত লোকনিৰ্মাণ, শিক্ষা আদিৰ কাৰ্যালয়ো চিনামৰালৈ নিয়া হ’ব৷ ইফালে যোৰহাট ষ্টেডিয়ামক সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ’ব৷ বৰ্তমান ৫০ কোটি টকাৰ উপৰি পুনৰ ১০০ কোটি টকা ইয়াৰ বাবে দিয়া হ’ব বুলিও তেওঁ কয়৷ ইফালে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ তথা মুকলি কাৰাগাৰৰ ২৯৩ বিঘা মাটিৰ ১০০ বিঘা মাটিত অসমৰ ভিতৰতে ডাঙৰ উদ্যান গঢ়ি তোলা হ’ব৷ অসমৰ সকলো মুক্তি যোদ্ধাৰ নাম এই উদ্যানত খোদিত কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ১৫,০০০ কোটি টকাৰে ১১খন জিলা সামৰি বিকাশৰ ভাগিৰথী যাত্ৰা আৰম্ভ কৰা হৈছে৷ পৰৱৰ্তী পৰ্যায়ত জানুৱাৰীত আন জিলা কেইখন সামৰি লোৱা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয়–“মানুহে ভাবে ইমান টকা ক’ৰ পৰা পায়? প্ৰকৃততে অসমক প্ৰধানমন্ত্ৰীয়ে স্নেহৰ দৃষ্টিৰে চায় আৰু প্ৰধানমন্ত্ৰীৰ অকৃত্ৰিম মৰমে আজি উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছে৷” অৱশ্যে অসম চৰকাৰে লোৱা বৃহৎ ঋণৰ বিষয়ে মুখ্য মন্ত্ৰীজনে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷ মুখ্যমন্ত্ৰীয়ে আন্দোলন, ধৰ্ণা, ধৰ্মঘট বন্ধ আদিৰ বিৰোধিতা কৰি কয় যে আন্দোলন ধৰ্ণা ধৰ্মঘট আদিয়ে উন্নয়নৰ পৰিৱেশ সৃষ্টি নকৰে, বৰঞ্চ বিঘ্নিত কৰে৷ তেওঁ কয় যে বিগত ডেৰ বছৰত আন্দোলনমুক্ত পৰিৱেশৰ বাবেই ৰাজ্যখনৰ উন্নয়ন তৰান্বিত হৈছে৷ এনেদৰে অহা প্ত বছৰ যদিহে আন্দোলন বৰ্জিত পৰিৱেশ পাওঁ তেন্তে অসমৰ উন্নয়নত কোনেও বাধা দিব নোৱাৰে আৰু তেনে পৰিৱেশত অসমৰ বিকাশে আকাশ স্পৰ্শ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ যোগেদি তেওঁৰ চৰকাৰখন ৰাইজৰ পদূলিমুখলৈ নিয়া হৈছে৷ এই ক্ষেত্ৰত তেওঁ মিছন ভূমিপুত্ৰ, মিছন বসুন্ধৰা আদি আঁচনিৰ কথা উল্লেখ কৰে৷ ৰ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত ইতিমধ্যে আগবঢ়া বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৪০,০০০ ক চাকৰি দিয়া হৈছে৷ অহা ২-৩ মাহত আৰু ৩০ হাজাৰক দিয়া হ’ব৷ অসমক দেশৰ শ্ৰেষ্ঠতম ৫ খন ৰাজ্যৰ এখন কৰাৰ তেওঁৰ সংকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা বছৰটো শিক্ষাৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰা হ’ব৷ ইয়াৰ অংশ হিচাপে ৪,০০০ কোটি টকা ব্যয় সাপেক্ষে হাইস্কুলসমূহৰ আন্তগাঁথনিৰ উন্নতি সাধন কৰা হ’ব৷ কেইবাখনো বিশ্ববিদ্যালয়ো স্থাপন কৰা হ’ব বুলি তেওঁ কয়৷ ইয়াৰ পূৰ্বে যোৰহাটৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী অজন্তা নেওগ আৰু যোৰহাটৰ সাংসদ তপন গগৈয়ে ভাষণ প্ৰদান কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰৰ সবল নেতৃত্বত ৰাজ্যখন বিকাশ আৰু উন্নয়নৰ দিশে আগবঢ়া বুলি উল্লেখ কৰে৷ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰেণুপমা ৰাজখোৱা, ভবেন্দ্ৰনাথ ভঁৰালী, ৰূপজ্যোতি কুৰ্মী আদিয়েও অংশগ্ৰহণ কৰে৷
বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলীৰ নাম নল’লে মুখ্যমন্ত্ৰীয়ে: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সুদীৰ্ঘ ভাষণত যোৰহাটৰ ইতিহাস যোৰহাটৰ পৰা আৰম্ভ হোৱা স্বাধীন অসমৰ বাবে গমধৰ কোঁৱৰে কৰা প্ৰথম সংগ্ৰাম, তথা ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন খ্যাত চিপাহী বিদ্ৰোহ আদিৰ লগতে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰা বীৰ বীৰাংগণাৰ পৰা অসম তথা যোৰহাটৰ সাহিত্য সংস্কৃতিৰে সমৃদ্ধ কৰা সকলৰ নাম শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ কিন্তু ইয়াৰ মাজতো মুখ্যমন্ত্ৰীজনে ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম খ্যাত চিপাহী বিদ্ৰোহৰ জুইকুৰা অসমত আৰম্ভ কৰা মণিৰাম দেৱানৰ সহযোগী দুই বিশিষ্ট মুক্তিযোদ্ধা বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদ আলীৰ নাম উল্লেখ নকৰিলে৷ অলপতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী দেশজুৰি উদযাপন কৰা হ’ল যদিও শৰাইঘাট যুদ্ধৰ লাচিত বৰফুকনৰ অন্যতম সহায়কাৰী ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাৰ নাম চৰকাৰীভাৱে লোৱা নাছিল৷ আজিৰ সভাতো যোৰহাটৰ দুই প্ৰখ্যাত মুক্তিযোদ্ধা বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদ আলীৰ নাম উচ্ছাৰণ নকৰাত সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ  ভূমি পূজন কৰিলে মুখ্য মন্ত্ৰীয়ে
বিকাশৰ বাবে এটা পষেকৰ কাৰ্যসূচীৰ অন্তৰ্গত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট জিলাৰ হোলোঙাপাৰাৰ ঐতিহাসিক লাচিত মৈদামত ‘লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প’ৰ ভূমিপূজন কৰে৷ অসমী আইৰ বীৰপুত্ৰ লাচিত বৰফুকনৰ প্ৰতি সন্মানৰ চিন স্বৰূপে চৰকাৰে তেওঁৰ ৪০০ সংখ্যক জয়ন্তীত বীৰ লাচিত বৰফুকনৰ মৈদামৰ উন্নয়নৰ বাবে ১৪৯.৮৩ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া এই মৈদাম উন্নয়ন প্ৰকল্পৰ বাবে বৰ্তমানৰ ভূমিৰ লগত সংযোজন কৰিবলৈ চৰকাৰে প্ৰায় ৪২ বিঘা ভূমি অধিগ্ৰহণ কৰিছে৷ এই প্ৰকল্পৰ অংশ হিচাপে সংগ্ৰহালয়, প্ৰেক্ষাগৃহ, আৱাসিক খেলপথাৰ, পথ আৰু অন্যান্য সুবিধাৰ লগতে বীৰজনৰ ১২৫ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা কথা আজি উক্ত কাৰ্য সূচীত ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই প্ৰকল্পৰ কাম দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়৷ তদুপৰি মূল লাচিত মৈদামৰ গাতে লাগি থকা লাচিত বৰফুকনৰ দেশপ্ৰেমিক সংগীসকলৰ মৈদামসমূহো অসম চৰকাৰে সংৰক্ষণ কৰিব বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে৷ প্ৰকল্পস্থলীলৈ যোৱা পথটোও সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীজনে প্ৰকাশ কৰে৷ আজি লাচিত মৈদাম প্ৰাংগণৰ সমীপৰ অস্থায়ী হেলিপেডেত অৱতৰণ কৰা মুখ্যমন্ত্ৰীৰ সৈতে এই কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰিকা, কেশৱ মহন্ত, বিমল বড়াৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীজনক ওচৰৰ পৰা চাবলৈ শিশুৰ পৰা বৃদ্ধলৈকে ব্যাপক জনসমাগম হয়৷