Logo
image

এতিয়াৰে পৰা ফ্লাইট ধৰিবলৈ ৩ ঘন্টাৰ পূৰ্বেই বিমানকোঠত প্ৰৱেশ কৰিব লাগিব যাত্ৰীয়ে

ডিজিটেল ডেস্ক : বিমানযাত্ৰীসকলৰ বাবে বিশেষ খবৰ৷ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীসকলৰ বাবে এক বিশেষ জাননীৰ জাৰি কৰা হৈছে। জাননী অনুসৰি এতিয়াৰে পৰা প্ৰতিজন যাত্ৰীয়ে বিমান উৰণৰ নিৰ্দ্ধাৰিত সময়সূচীৰ বিপৰীতে প্ৰায় ৩ ঘন্টাৰ পূৰ্বেই বিমানকোঠত প্ৰৱেশ কৰিব লাগিব। আগন্তুক নতুন বছৰত বৃদ্ধি হবলগীয়া যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিমানকোঠ কৰ্তৃপক্ষই এই জাননী জাৰি কৰিছে। 

উল্লেখ্য যে গুৱাহাটী বিমানকোঠত এঘণ্টাত কেৱল ৪৫০ যাত্ৰীয়েহে সুচাৰুৰূপে প্ৰস্থান আৰু আগমন কৰিব পাৰে৷ তেনেস্থলত বৰ্তমান প্ৰায় ৩ গুন অধিক যাত্ৰীয়ে প্ৰতি ঘণ্টাত অহা-যোৱা কৰি আছে। যাত্ৰীসকলৰ আৰামদায়ক যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তথা বিমান বন্দৰত ভিৰ হ্ৰাস কৰিবলৈ বিমানকোঠ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিমানকোঠ মুখপাত্ৰই জানিবলৈ দিয়ে৷