Logo
image

'পাটলী কামৰীয়া'ত ৰীল বনাই বিদ্যালয়ৰ পৰা বহিষ্কাৰ হ'ল ৮ গৰাকী শিক্ষাৰ্থী

ডিজিটেল ডেস্ক : ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত থাকিবলৈ গৈ বিদ্যালয়ৰ পৰা বহিষ্কাৰ হ'ল ৮ গৰাকীকৈ শিক্ষাৰ্থী৷ স্কুল ইউনিফৰ্মত পাটলী কামৰীয়া গীতটিত ৰীল বনাইছিল ৮ গৰাকী শিক্ষাৰ্থীয়ে৷ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে স্কুল ইউনিফৰ্মত ৰীল বনোৱাৰ অপৰাধত ৮ গৰাকী শিক্ষাৰ্থীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয়৷

এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত। কৰিমগঞ্জৰ বাৰৈগ্ৰামৰ জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ গৰাকী শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাৰ ভিতৰত বনাইছিল ৰীল ভিডিঅ'। ইয়াৰ পিছতে পাঁচগৰাকী ছাত্ৰী আৰু তিনিজন ছাত্ৰক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই৷

এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু সাত গৰাকী দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসহ মুঠ ৮ গৰাকী শিক্ষাৰ্থীক স্কুল কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে। শাস্তিমূলকভাৱে তেওঁলোকৰ কোনোৱে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। তাৰ বিপৰীতে কেৱল পৰীক্ষাতহে অৱতীৰ্ণ হ’ব পাৰিব শিক্ষাৰ্থীকেইগৰাকী।