Logo
image

পঞ্চভূতত বিলীন হ'ল ড০ শিৱনাথ বৰ্মন

ডিজিটেল সংবাদ, গুৱাহাটী : বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, গৱেষক পণ্ডিত ড০ শিৱনাথ বৰ্মন পঞ্চভূতত বিলীন হ'ল। শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ জ্যেষ্ঠকন্যা সৰ্ঘামিত্ৰা বৰ্মনে মুখাগ্নি কৰে। নৱগ্ৰহ শ্মশানত বামপন্থী নেতা উদ্বৱ বর্মণ, বিশিষ্ট লেখক ময়ূৰ বৰা, চিত্ৰশিল্পী চম্পক বৰবৰা, শিল্পী হুমায়ুন চৌধুৰী, ইলোৰা বিজ্ঞান মঞ্চৰ বিষয় ববীয়া, গুণমুগ্ধ, সহকৰ্মী, পৰিয়ালৰ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। 

উল্লেখ‍্য, দীর্ঘদিনে অসুস্থ হৈ থকা ড০ শিৱনাথ বৰ্মনৰ বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।  বৃক্কজনিত সমস্যা, মধুমেহ ৰোগত ভুগি আছিল ড০ বৰ্মন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে। 

উল্লেখ‍্য,১৯৪২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড° বৰ্মনে ১৯৫৯ চনত নাজিৰাৰ ল'ৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। ১৯৬৩ চনত পদার্থ বিজ্ঞানত সন্মানসহ স্নাতক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লয়। শিৱসাগৰ হাবিদ্যালয়, কটন মহাবিদ্যালয়, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰি তেওঁ কিছুদিন ব্যক্তিগত  শিক্ষা প্রতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী অঞ্জনা বৰ্মন, জ্যেষ্ঠ কন্যা সংঘামিত্ৰা বৰ্মন, কনিষ্ঠ কন্যা শুভমিতা বৰ্মণ, জোঁৱাই, ভ্রাতৃ-ভগ্নীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি যায়। বিশিষ্ট শিক্ষাবিদ ড° বৰ্মনৰ মৃত্যুত অসম মহিলা সংঘই শোক প্ৰকাশ কৰে। এক শোক বার্তাত সংঘৰ সাধাৰণ সম্পাদক অসমী গগৈয়ে কয় যে অসমৰ বৌদ্ধিক জগতৰ পুৰোধা ব্যক্তি, গৱেষক ড০ শিৱনাথ বৰ্মনৰ বিয়োগত অসমবাসীয়ে এজন বিশিষ্ট সমাজ বিজ্ঞানীক হেৰুৱালে। সংঘই তেওঁৰ ৰাজগড়ৰ বাসগৃহলৈ গৈ নশ্বৰদেহত পুষ্পাঞ্জলি অৰ্পণ কৰে। ড০ শিৱনাথ বৰ্মনৰ মৃত্যুত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে শোক প্ৰকাশ কৰে। লগতে তেওঁৰ বাসগৃহলৈ গৈ ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে শৱদেহত পুষ্পমাল‍্য নিবেদন কৰে। ইফালে বহুবাক (বহুভাষিক সাহিত্য মঞ্চ,অসম), বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ, তিৱা সাহিত্য সভা, গাৰো সাহিত্য সভা, গুৱাহাটী জিলা বড়ো  সাহিত্য সভা আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।