Logo
image

দায়িত্ব সলনিৰ দিনাই মহানগৰীত কোটি টকা লুট

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ: আই পি এছ বিষয়া দিগন্ত বৰাই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে৷ বিদায়ী আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ পৰা দিগন্ত বৰাই আনুষ্ঠানিকভাৱে আৰক্ষী আয়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ কৰে৷ গুৱাহাটীৰ পাণবজাৰস্থিত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়ত এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত মহানগৰ আৰক্ষীৰ তৰফৰ পৰা ফুলাম গামোছাৰে বিদায়ী আৰক্ষী আয়ুক্ত হৰমিত সিঙক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ নতুন আৰক্ষী আয়ুক্ত  দিগন্ত বৰাক মহানগৰ আৰক্ষীয়ে ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণী জনায়৷ আৰক্ষী আয়ুক্ত হিচাপে যোগদান কৰি দিগন্ত বৰাই সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয় যে তেওঁ মহানগৰবাসীৰ শান্তিৰ বাবে কাম কৰি যাব৷ অপৰাধ ৰোধৰ ক্ষেত্ৰত সকলো ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰি নৱনিযুক্ত আৰক্ষী আয়ুক্তজনে কয়– ‘পূৰ্বে গুৱাহাটীত যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কাম কৰিছিলোঁ৷ সম্প্ৰতি গুৱাহাটী মহানগৰীখন বহু সলনি হৈছে৷ অপৰাধ ৰোধ কৰিবলৈ কি কৰিম সেয়া এতিয়াই কৈ নিদিওঁ৷ মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত আলোচনা কৰি অপৰাধ নিয়ন্ত্ৰণৰ পদক্ষেপ লোৱা হ’ব৷’ উল্লেখ্য, নৱনিযুক্ত আৰক্ষী আয়ুক্ত দিগন্ত বৰা ২০০৪ চনৰ বেট্‌ছৰ আই পি এছ বিষয়া৷ ইয়াৰ পূৰ্বে দিগন্ত বৰাই ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত অস্বাভাৱিকভাৱে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰে৷

শৰণীয়াত ডকাইতে নিলে নগদ ৰ কোটি টকা

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত সালসলনি হোৱাৰ দিনাই গুৱাহাটী মহানগৰীত দুৰ্বৃত্তই লুট কৰি নিয়ে নগদ এক কোটি টকা৷ গুৱাহাটী মহানগৰীৰ শৰণীয়াৰ এজন লোকৰ বাসগৃহৰ পৰা ডকাইতে নগদ এক কোটি টকা লুটি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শৰণীয়াৰ আৰফাৎ আলী ওৰফে বাবু নামৰ লোকজনৰ ঘৰৰ পৰা এক কোটি টকা লুট হোৱা ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে৷ পল্টনবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি লোকজনৰ বাসগৃহৰ পৰা ৮ লাখ টকা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে হাতীগাঁৱত এটুকুৰা মাটি বিক্ৰী কৰি পোৱা এক কোটি টকা ঘৰত ৰাখিছিল৷ পল্টনবজাৰ আৰক্ষীয়ে এক কোটি টকা চুৰি হোৱা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷  আৰক্ষীৰ তদন্ততহে এই চুৰিৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে দাবী কৰিছে৷