Logo
image

গ্ৰন্থৰ বাবেও লাগে বৃহৎ বজাৰঃ মনোজ কুমাৰ গোস্বামী

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ: গ্ৰন্থৰ বাবে লাগে এখন বৃহৎ বজাৰ৷ সাধাৰণ বস্তু কিনা-বেচাৰ যিদৰে এখন বজাৰ থাকে, তেনেদৰে গ্ৰন্থৰ বাবেও এখন বৃহৎ বজাৰ থকা দৰকাৰ৷ গ্ৰন্থৰ বজাৰ, গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰন্থ জীয়াই থাকিব৷ –এই মন্তব্য ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ আজি বৰপেটা জিলাৰ কয়াকুছিত অনুষ্ঠিত সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা   উদ্বোধন কৰি ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে কয়– বৰ্তমানেও সাহিত্যিক, কবি বা লেখকৰ সংখ্যা কম হোৱা নাই৷ জোনাকী যুগৰ দৰে বৰ্তমানেও সাহিত্য চৰ্চা কৰা মানুহ আছে– কিন্তু পাঠক বা পঢ়ুৱৈৰ সংখ্যা কমিছে৷  উল্লেখ্য যে, সাতদিনীয়া কাৰ্যসূচীৰে আজি কয়াকুছিৰ শংকৰ-আজান সমণ্বয় ক্ষেত্ৰত পৰিচালনা সমিতিৰ সভাপতি সবত আলী দেৱানৰ সভাপতিত্বত অনুষ্ঠিত এই উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘দৈনিক অগ্ৰদূত’ কাকতৰ সম্পাদক প্ৰাঞ্জলসেন ডেকাই নিজৰ ভাষণত কয়– এসময়ত কয়াকুছি বাঁহ-বেতৰ বাবেহে বিখ্যাত আছিল কিন্তু আজিকালি গ্ৰন্থমেলাৰ জৰিয়তে কয়াকুছি পৰিচিত হৈ পৰিছে৷ এই কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ‘অসম বাণী’ কাকতৰ সম্পাদক দিলীপ চন্দনেও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ পুৱা ৮ বজাত সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা পৰিচালনা সমিতিৰ সভাপতি সবত আলী দেৱানে পতাকা উত্তোলন কৰে৷  পতাকা উত্তোলনৰ পাছত বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকলে কয়াকুছিৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰে৷ দিনৰ ৰ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অভিনেত্ৰী দিগাংগনা বৰাই৷ জীৱনজ্যোতি জাতীয় বিদ্যালয়, ড॰ এ পি জে আব্দুল কালাম একাডেমী, আদৰ্শ জাতীয় বিদ্যালয়, শ্বাহনাজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, অংকুৰণ একাডেমী,  আঞ্চলিক জাতীয় বিদ্যালয়, আদৰ্শ বিদ্যালয়, পাকাবেতবাৰী ল’ৱাৰ আছাম একাডেমী, কয়াকুছি গাৰ্লছ এম ই স্কুল, কয়াকুছি গাৰ্লছ হাইস্কুল, কয়াকুছি কুৰিহা হাইস্কুল, শংকৰ-আজান আদৰ্শ বিদ্যালয়, দাৰুল হিকমা একাডেমী, কয়াকুছি মহাবিদ্যালয়, কয়াকুছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আসাম একাডেমী, লাইফ স্কিল একাডেমী আৰু কয়াকুছি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ কয়াকুছি বজাৰৰ দক্ষিণফালে থকা পশু চিকিৎসা কেন্দ্ৰৰ পৰা ফুলগুৰিলৈকে বিস্তৃত এই শোভাযাত্ৰাত প্ৰায় তিনি হাজাৰ লোকে অংশগ্ৰহণ কৰে৷ সভাত সন্মানীয় অতিথি হিচাপে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অংশগ্ৰহণ কৰে৷ মোফাজ্জল হুছেইনৰ সম্পাদনা উপদেষ্টা আৰু ৰাহুল আমিন আৰু শ্বহিফুল ইছলামৰ সম্পাদনাত প্ৰকাশ পোৱা সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা, ২০২২ ৰ স্মৃতিগ্ৰন্থ ‘গ্ৰন্থ দৰ্পণ’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত মিশ্ৰই কয়–  গ্ৰন্থমেলাৰ জৰিয়তে কয়াকুছি অঞ্চলত সাহিত্য-সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছে৷ প্ৰতিবছৰে অনুষ্ঠিত গ্ৰন্থ মেলাত প্ৰকাশিত গ্ৰন্থ দৰ্পণৰ জৰিয়তে ন ন লেখকৰ সৃষ্টি হৈছে৷