Logo
image

সুৰাৰ ৰাগীত মাতাল পুত্ৰই প্ৰাণ ল’লে পিতৃৰ : ভাত ৰান্ধি নিদিয়াৰ বাবে বৃদ্ধ পিতৃক মৰিয়াই মৰিয়াই হত্যা

ডিজিটেল সংবাদ, অভয়াপুৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰী থানা তথা উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত দেওহাটীত শুকুৰবাৰে সন্ধিয়া সুৰামত্ত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত ঘাটক পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে ঘাটক পুত্ৰক আৰক্ষীৰ জিম্মাত দিয়ে। 

জানিব পৰা মতে, ভাত ৰান্ধি নিদিয়াৰ বাবেই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক৷ অভয়াপুৰীৰ দেওহাটীৰ উত্তৰ খণ্ডত সুৰাৰ ৰাগীত মাতাল পুত্ৰ জগৎ দাস ওৰফে হাপাই ভাত ৰান্ধি নিদিয়াৰ বাবে মৰিয়াই মৰিয়াই হত্যা কৰে বৃদ্ধ পিতৃ প্ৰদীপ দাসক। পাছত ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী আৰু উত্তৰ শালমাৰা আৰক্ষীৰ দল উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে হত্যাকাৰী পুত্ৰ জগৎ দাস ওৰফে হাপাক। 

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আজি উত্তৰ শালমাৰা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায় জগৎ দাসক৷ আদালতে ঘাটক জগতক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ বাবে সুৰাসক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৰাইজে অভিযোগ কৰিছে৷ এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷