Logo
image

পাৰ্কিং কৰিলেই ভৰিব লাগিব ধন : গুৱাহাটীত বিনামূলীয়াকৈ কৰিব নোৱাৰিব পাৰ্কিং

ডিজিটেল ডেস্ক : গুৱাহাটীবাসীলৈ এটা বিশেষ খবৰ৷ নতুন বছৰৰ পূৰ্বে মহানগৰবাসীলৈ পাৰ্কিঙক লৈ এটা বিশেষ খবৰ৷ কিয়নো এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত বিনামূলীয়া নহ'ব পাৰ্কিং৷ 

এতিয়াৰে মহানগৰীৰ যিকোনো গাড়ী ৰাখিব নোৱাৰিব মহানগৰবাসীয়ে৷ কিয়নো গুৱাহাটী পৌৰ নিগমে লৈছে বিশেষ সিদ্ধান্ত৷ মেয়ৰ মৃগেন শইকীয়াই জনোৱা অনুসৰি গুৱাহাটীত নতুনকৈ প্ৰদান কৰা হৈছে ৫২ টা পাৰ্কিং৷

গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা এই ৫২ টা পাৰ্কিং স্থলীত গাড়ী ৰাখিলে ভৰিব লাগিব ধন৷ অৱশ্যে বিনামূলীয়া পাৰ্কিঙৰ ব্যৱস্থাও থাকিব বুলিও জনায় মেয়ৰ মৃগেন শইকীয়াই৷ গুৱাহাটীত নতুনকৈ আৰু কেইবাটাও পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব জনায় মেয়ৰগৰাকীয়ে৷