Logo
image

পিকনিক খাবলৈ অহা বাহন দুৰ্ঘটনাগ্ৰস্ত : বশিষ্ঠৰ বাহিনী নৈত তীব্ৰবেগী বাহন বাগৰি এজন নিহত, মহিলাসহ ৫ জন আহত

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপৰ বাহিনী নৈত শনিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী এখন বাহন  ৫০ ফুট দ' নৈত বাগৰি পৰাৰ ফলত গাড়ী চালক নিহত হোৱাৰ লগতে মহিলাসহ ৫ জন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বশিষ্ঠ মন্দিৰৰ কাষত আজি সন্ধিয়া প্রায় ৪:৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷

দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হয় । ইয়াৰে দুজনৰ হাত আৰু ভৰি চিঙি যোৱাৰ লগতে আৰু বাহনখনৰ চালক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে এ এছ ০১ ই টি ৯৯৭২ নম্বৰৰ গাড়ীখন মন্দিৰৰ সমীপৰ পাহাৰীয়া পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বশিষ্ঠৰ বাহিনী নৈত বাগৰি পৰে। 

গাড়ীখন মন্দিৰৰ সমীপৰ বনভোজস্থলীলৈ অহা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি আহতসকলক বশিষ্ঠ আর্মী হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। মৃত গাড়ী চালকজনক ৰাজীৱ বৰুৱা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।