Logo
image

অংকিতা-কাণ্ডই উদঙালে কংগ্ৰেছৰ লবী ৰাজনীতি

অংকিতা দত্তলৈ ইডিৰ চমন
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ: সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰত এইবাৰ চি বি আইৰ পাছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ চমন লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তই৷ ১০ বছৰ পুৰণি সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰত ১৯ ডিচেম্বৰত ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব প্ৰয়াত প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই৷ ই ডিৰ চমন লাভ কৰাৰ কথা খোদ অংকিতা দত্তই সদৰি কৰিছে৷ অৱশ্যে সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰত অংকিতা দত্তই ই ডিৰ গুৱাহাটীস্থ কাৰ্যালয় নে কলকাতাৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ চমন লাভ কৰিছে, সেই তথ্য ৰাজহুৱা কৰা নাই৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অংকিতা দত্তই সাৰদা কেলেংকাৰিৰ সন্দৰ্ভত কলকাতা চি বি আইৰ ০৪/২০১৪ নম্বৰৰ গোচৰত পশ্চিমবংগৰ আলিপুৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা চমন লাভ কৰিছিল৷ এই চমনৰ ভিত্তিত যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা মেৰ্চাছ অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনছ প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ সঞ্চালক অংকিতা দত্তই বিগত ৩ ছেপ্টেম্বৰত আলিপুৰৰ আদালত হাজিৰ হোৱাৰ চি বি আই পক্ষৰ প্ৰশ্নৰ সন্মুখীন হৈছিল৷ সততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি অহা অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আকস্মিকভাৱে অপসাৰণৰ প্ৰাকমুহূৰ্তত সাৰদা কেলেংকাৰি গোচৰত ই ডিৰ চমন লাভ কৰা কাৰ্যই বিশেষ তাৎপৰ্যবহন কৰিছে৷ উল্লেখ্য, অংকিতা দত্তৰ পিতৃ প্ৰয়াত অঞ্জন দত্তৰ মালিকানাধীন মেৰ্চাছ অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনছৰ প্ৰেছত সাৰদা গোষ্ঠীয়ে প্ৰকাশ কৰা বাংলা বাতৰি কাকত ‘সকালবেলা’ আৰু ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য ছেভেন ছিষ্টাৰ পোষ্ট’ৰ ছপা কৰা হৈছিল৷ যাৰ বাবে প্ৰিণ্টিং প্ৰেছটোৰ স্বত্বাধিকাৰী অঞ্জন দত্তৰ সৈতে সাৰদাৰ সঞ্চালক সুদীপ্ত সেনৰ সৈতে বিত্তীয় লেনদেন হৈছিল৷ আনকি সাৰদাৰ উক্ত গোচৰটোত সেই সময়ত অঞ্জন দত্ত চি বি আইৰ জেৰাৰো সন্মুখীন হৈছিল৷ অৱশ্যে সাৰদা কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত অংকিতা দত্তই অনুভূতি প্ৰেছৰ কোনো দায়িত্ব নাছিল৷ সেই সময়ত অংকিতা দত্তই দিল্লী বিশ্ববিদ্যালয়ত পঢ়িহে আছিল৷ ২০১৮ চনত অনুভূতি প্ৰিণ্টাৰ্চৰ সঞ্চালকৰ দায়িত্ব লোৱা অংকিতা দত্তক ২০১৪ চনৰ এটা পূৰণি গোচৰত প্ৰথমে চি বি আই আৰু শেহতীয়াকৈ ই ডিয়ে চমন জাৰি কৰাত ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ অৱশ্যে অংকিতা দত্তই ইতিমধ্যে ই ডিৰ চমনৰ মুখামুখি হ’ব লৈ সাজু বুলিও সদৰি কৰিছে৷

কংগ্ৰেছৰ শিবিৰবিভক্ত ৰাজনীতি পুনৰ ৰাজহুৱা হ’ল
প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক হঠাৎ অপসাৰণ কৰা ঘটনাই আকৌ এবাৰ স্পষ্ট কৰিলে কংগ্ৰেছৰ অভ্যন্তৰত চলি থকা লবী ৰাজনীতি৷ হাতত ক্ষমতাৰ বাঘজৰী নাথাকিব পাৰে, কিন্তু ৰাজীৱ ভৱনত আজিও অব্যাহত আছে লবীকেন্দ্ৰিক ৰাজনীতি৷ এই লবীকেন্দ্ৰিক ৰাজনীতিৰ ফলতে শেহতীয়াভাৱে প্ৰতিটো নিৰ্বাচনতে বিধবস্ত হৈ আছে অসম কংগ্ৰেছ৷ কেৱল নিৰ্বাচনতে নহয়, ইতিমধ্যে সাংগঠনিকভাৱেও যথেষ্ট দুৰ্বল হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ৷ কেৱল অংকিতা দত্তৰ ক্ষেত্ৰতে নহয়, ‘কা’বিৰোধী আন্দোলনৰ সময়ৰে পৰা কংগ্ৰেছৰ অভ্যন্তৰত চলি থকা লবীকেন্দ্ৰিক ৰাজনীতি স্পষ্টৰূপত ধৰা পৰি আছে৷ কংগ্ৰেছৰ অভ্যন্তৰত আজিৰ তাৰিখত কিমানকেইটা লবীয়ে কাম কৰি আছে হয়তো দলৰ অধিকাংশ নেতাই নাজানে৷ এই লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই প্ৰয়োজনীয় সংখ্যক বিধায়ক থকাৰ পাছতো ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা পৰাজিত হ’বলগীয়া হয়৷ কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ ফলতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিৰোধীৰ প্ৰাৰ্থীজনে যিমানসংখ্যক ভোট পাব লাগিছিল সিমানসংখ্যক ভোট লাভ নকৰিলে অসমৰ পৰা৷ কংগ্ৰেছ আৰু এআইউডিএফৰ মাজৰ মিত্ৰতাৰ ক্ষেত্ৰতো চলি আছে কংগ্ৰেছৰ একাংশ নেতাৰ লবীকেন্দ্ৰিক ৰাজনীতি৷ শেহতীয়াভাৱে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ আকস্মিক অপসাৰণৰ আঁৰতো একাংশ নেতাৰ লবীকেন্দ্ৰিক ৰাজনীতি জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি স্বয়ং অংকিতা দত্তই নিজেও এই সন্দেহ প্ৰকাশ কৰিছে৷ চলিত বৰ্ষৰ ১২ ছেপ্টেম্বৰত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী পদত অংকিতা দত্তক কংগ্ৰেছৰ হাইকমাণ্ডে নিযুক্তি দিছিলে৷ এই কমিটীৰ কাৰ্যকাল দুবছৰীয়া আছিল যদিও দুদিন পূৰ্বে আকস্মিকভাৱে অংকিতা দত্তক সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা হয়৷ উল্লেখ্য, দুমাহ আগতে চিবিআইৰ ওচৰত হাজিৰ হ’বলগীয়া হৈছিল অংকিতাই৷ ১৯ ডিচেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কংগ্ৰেছ নেত্ৰীগৰাকীক নিৰ্দেশ দিয়া হৈছে৷ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি স্পষ্টভাৱে অভিযোগ কৰিছে অংকিতাই৷ ‘সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ অসমৰ দায়িত্বত থকাজনক ধনৰ টোপোলা কোনে দিলে? বিজেপিয়ে দিলে নে অসমৰ কংগ্ৰেছত থকা বিজেপিৰ ছদ্মবেশী নেতা-পালিনেতাই দিলে, যাৰ বাবে তেওঁ আমাক অপসাৰণ কৰিলে৷’– এই অভিযোগ অংকিতা দত্তৰ৷ কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতিৰ উদাহৰণৰ যেন আদি অন্ত নাই৷ বিভিন্ন সময়ত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকতো স্পষ্ট হৈ পৰে লবীকেন্দ্ৰিক ৰাজনীতিৰ ফলত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ৷